ETV Bharat / state

11 বজাৰ শীৰ্ষ বাতৰিসমূহ

author img

By

Published : Aug 19, 2020, 11:03 AM IST

Updated : Aug 19, 2020, 1:42 PM IST

11 বজাৰ শীৰ্ষ বাতৰিসমূহ

top 10 at 11 am
11 বজাৰ শীৰ্ষ বাতৰিসমূহ

শিক্ষা জীৱনৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত ছাত্ৰ ফেডাৰেছনৰ

মঙলবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ফেডাৰেছনৰ একাংশ কৰ্মকৰ্তাই ৷ শিক্ষা জীৱনৰ অধিকাৰ বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে । লগতে জিলা উপায়ুক্তৰ যোগেদি শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে শিক্ষামন্ত্ৰীলৈ ৷

ডিগবৈৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহ উদ্ধাৰ

মঙলবাৰে ডিগবৈ ক্লাবৰ সমীপৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধুবিঘাটৰ পুখুৰীত এটি মৃতদেহ উদ্ধাৰ হয় । মৃত লোকজন মনিষ বৰুৱা (৪৩) এক নং গোলাই নিৱাসী বুলি জানিব পৰা গৈছে।

অগপৰ জনীয়া সমষ্টিৰ বিধান পৰিষদ কমিটি গঠন

জনীয়া সত্ৰ প্ৰেক্ষাগৃহত মঙলবাৰে অসম গণ পৰিষদ দলৰ জনীয়া বিধান পৰিষদ কমিটি গঠন সম্পৰ্কত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ সৰ্বসন্মতি ক্ৰমে কলিম উদ্দিন আহমেদক সভাপতি, আব্দুল মান্নানক মূখ্য সম্পাদক আৰু তহিদুল ইছলামক সাংগঠনিক সম্পাদক হিচাপে লৈ এখন শক্তিশালী জনীয়া সমষ্টি বিধান পৰিষদ কমিটি গঠন কৰে ।

চৰকাৰী ধনৰ অপব্যৱহাৰ : পৰিকল্পনা নোহোৱাকৈ নিৰ্মাণ কৰা বজাৰ গৃহ ধংস

পানীত পৰিল চতুৰ্দশ বিত্তীয় আয়োগৰ ৩০ লক্ষৰো অধিক টকা ৷ মৰাণত বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজৰ প্ৰতিক্ৰিয়া ৷

হিমন্ত বিশ্ব শৰ্মাই মোক পিছফালৰ পৰা চুৰি মাৰিলেঃ তৰুণ গগৈ

"মই হিমন্ত বিশ্ব শৰ্মাক পিছফালৰ পৰা চুৰি মৰা নাছিলো, হিমন্ত বিশ্ব শৰ্মাইহে মাৰিছিল ৷ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শত্ৰুতা থকা হ’লে তেখেতক উপ-মুখ্যমন্ত্ৰী পতাৰ কথা চিন্তা নকৰিলোহেঁতেন" -তৰুণ গগৈ

অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰঃ অশ্বিনী পাইট

অসমৰ জনসাধৰণে ৰাজ্যখনত পুনৰ বিজেপি চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলাৰ মুখপাত্ৰ অশ্বিনী পাইটে ৷ মঙলবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে চহৰখনৰ ৰাঙিৰখাৰিত কংগ্ৰেছৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত ৷

কিয় আন্দোলনত নামিল সাংবাদিক ?

অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অংশ নিৰ্মাণৰ দাবীত এইবাৰ আন্দোলনত বহিল সাংবাদিক সংস্থা । পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘটত অংশ লয় বৃহত্তৰ পাথাৰকান্দি কৰ্মৰত সাংবাদিক সংস্থাৰ সদস্যসকলে ।

ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ

চৰকাৰখনে ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ হৈছে কৰিমগঞ্জ জিলাত ৷ জিলাখনত অনিয়মীয়া বিদ্যুৎ যোগান ৷

দুৰ্ঘটনাত প্ৰাণ গ'ল এগৰাকী ক’ভিড যোদ্ধাৰ

নগাঁৱত শোকাৱহ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰেভেলাৰৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী ক’ভিড যোদ্ধাৰ।

Last Updated : Aug 19, 2020, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.