ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 17, 2022, 1:12 PM IST

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Groom got bulldozer as dowry: যৌতুকত বুলড'জাৰ দিলে কইনাৰ পিতৃয়ে

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ দেশতে ৰাজ্যখনৰ বুলড'জাৰৰ বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ আকৌ এবাৰ চৰ্চাত আহিছে বুলড'জাৰৰ বিষয়টো ৷ কিন্তু এইবাৰ কোনো নিৰ্বাচন বা ৰাজনীতিৰ বিষয়ক নহয়, এক বিবাহ অনুষ্ঠানক লৈহে চৰ্চাত আহিছে এই বিষয়টো (Groom got bulldozer as dowry) ৷

Nainital High Court : এচিড আক্ৰমণৰ ভুক্তভোগীক 35 লাখ ক্ষতিপূৰণ

নাইনিতাল উচ্চ ন্যায়ালয়ে উত্তৰাখণ্ডৰ এচিড আক্ৰমণৰ ভুক্তভোগীৰ সপক্ষে এটা ডাঙৰ সিদ্ধান্ত দিয়ে । উচ্চ ন্যায়ালয়ে উত্তৰাখণ্ড চৰকাৰক ৩৫ লাখ টকাৰ ক্ষতিপূৰণ ভুক্তভোগীক পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে (compensation to acid attack victim in Uttarakhand) ।

Illegal wooden truck seized: টীয়কত অবৈধ কাঠৰ গাড়ী জব্দ

টীয়কত শুকুৰবাৰে নিশা শিৱসাগৰ বনবিভাগৰ বন বিষয়াই অৰুণাচলৰ পৰা গুৱাহাটীলৈ যোৱা এখন অবৈধ কাঠৰ গাড়ী জব্দ কৰে (Illegal wooden truck seized at Teok)৷

Paddy Fields Burnt: মৰণা মাৰিবলৈ গোটাই থোৱা ১৫ বিঘা মাটিৰ ধানত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ৰহাৰ পশ্চিম গছপৰাত হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে ৷ ধাননি পথাৰত অগ্নিসংযোগ কৰিলে কোনো অচিনাক্ত দুৰ্বৃত্তই (Paddy Fields Burnt) ৷ ৰহাৰ পশ্চিম গছপৰাৰ দুই ভাতৃ পূৰ্ণকান্ত নাথ আৰু যাদৱ নাথৰ প্ৰায় ১৫ বিঘা মাটিৰ শালি ধানত শুকুৰবাৰে নিশা কোনো দুৰ্বৃত্ত‌ই অগ্নিসংযোগ কৰে (Miscreants set fire to paddy fields) ৷ অগ্নিসংযোগৰ ফলত দাউদাউকৈ জ্বলি উঠে পথাৰৰ সকলো ধান ৷ প্ৰায় ১৫ বিঘা মাটিৰ ধান কাটি পথাৰতে জমা কৰি থৈছিল গৃহস্থই । কোনো লোকে হিংসা কৰি জমা কৰি থোৱা ধানৰ ৬ টা মেজিত অগ্নিসংযোগ কৰে বুলি গৃহস্থই জানিবলৈ দিয়ে ৷

Beggar stole Scorpio : ভিক্ষাৰীয়ে চুৰি কৰিলে বিলাসী বাহন

আহমেদাবাদ পৌৰ নিগমৰ আৰোগ্য ভৱনৰ পৰা এখন চৰকাৰী বাহন চুৰি কৰিছিল চাহিল মকসুদখান পাঠান নামৰ এজন ভিক্ষাৰীয়ে । চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভিক্ষাৰীজনক (Beggar arrested for stealing luxury vehicle)। তেওঁ পূৰ্বে কোনো অপৰাধজনিত ঘটনাত জড়িত আছে নেকি আৰক্ষীয়ে অনুসন্ধান চলাই আছে ।

Reaction on Rahul Gandhi statement: ৰাহুল গান্ধীক প্ৰত্যুত্তৰ টাৱাংবাসীৰ: ভাৰতীয় সেনাইহে চীনা সৈন্যক পিটিছিল

জয়পুৰত অনুষ্ঠিত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে অৰুণাচল প্ৰদেশৰ টাৱাঙত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ(indo China border clash) সন্দৰ্ভত আগবঢ়াইছিল এক বিতৰ্কিত মন্তব্য(Rahul Gandhi in PC On Tawang) । সেই মন্তব্যৰ পাছতে চ'ছিয়েল মিডিয়াত লাগিছে যথেষ্ট তোলপাৰ । ভাৰতীয় সৈন্যসকলক চীনা সৈন্যই প্ৰহাৰ কৰিছে বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে টাৱাঙৰ যুৱপ্ৰজন্মই ।

Auction of Nataraj Idol: তামিলনাডু আৰক্ষীৰ হস্তক্ষেপ, ফ্ৰান্সত নটৰাজ মূৰ্তি নিলাম স্থগিত

ফ্ৰান্সৰ প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় নিলাম গৃহ ক্ৰিষ্টিজে (international auctioning house Christies in France) ১৯৭২ চনত তামিলনাডুৰ মন্দিৰৰ পৰা চুৰি হোৱা ৫০০ বছৰ পুৰণি নটৰাজ মূৰ্তি এটাৰ নিলাম বন্ধ কৰি দিছে (Nataraj idol stolen from Tamil Nadu temple) । তামিলনাডু আৰক্ষীয়ে বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনোৱা হৈছে ।

Innovation of Young Scientists: ৰাষ্ট্ৰীয় যুৱ বিজ্ঞানীৰ শ্ৰেষ্ঠ ৩ যুৱতীৰ আশ্চৰ্যজনক পৰীক্ষা

সাৰণ্য, অৰ্পিতা ৰেড্ডী আৰু সঞ্জনাই টাইপ 2 ডায়েবেটিচ ঔষধ পৰীক্ষাৰ (type 2 diabetes drug experiments) বাবে ত্ৰিমাত্ৰিক বায়োপ্ৰিণ্টিং পদ্ধতি (human tissue using 3D bioprinting method) ব্যৱহাৰ কৰি মানৱ কোষকলা প্ৰস্তুত কৰিছে । এই যুৱ বিজ্ঞানীসকলৰ আৱিষ্কাৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনত প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হৈছে (invention of young scientists) ।

Man Elephant conflict: শিমলুগুৰিত ওৰে নিশা বন্যহস্তীৰ উপদ্ৰৱ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পকা ধান চপোৱাৰ সময়তে বন্যহস্তীয়ে খেতিপথাৰত প্ৰৱেশ কৰি ধান খেতিকে আদি কৰি বিভিন্ন কৃষিসমূহ নষ্ট কৰিছে (Man Elephant conflict in Lakhimpur)। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিমলুগুৰিতো কেইবাদিন ধৰি খেতি পথাৰত তাণ্ডৱ চলাইছে বনৰীয়া হাতীৰ এটা জাকে । বনৰীয়া হাতীয়ে পকা ধান খাই-গছকি ধাননি পথাৰ তহিলং কৰাৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতিও অনিষ্ট কৰে ৷ অৰুণাচল প্ৰদেশৰ চেঁচা পাহাৰৰ পৰা অহা হাতীৰ জাক এটাই পুনৰ শুকুৰবাৰে নিশা বৃহত্তৰ শিমলুগুৰি অঞ্চলতে তাণ্ডৱ চলায় (Wild elephant create tense situation)৷ ওৰে নিশা ৰাইজে বন বিভাগ আৰু স্থানীয় আৰক্ষীৰ সহযোগত আতচবাজী, ঢোল, তাল, পেঁপা আদি ব্যৱহাৰ কৰাৰ লগতে প্ৰত্যেক ঘৰৰ সন্মুখত জুই জ্বলাই হাতী খেদাৰ চেষ্টা কৰে ৷ নিশা ২ বজালৈকে অঞ্চলটোত হাতীয়ে আতংকময় পৰিৱেশ সৃষ্টি কৰে (Wild elephant create tense situation at Narayanpur) ৷

Fire broke out in Telangana : তেলেংগানাত জীৱন্তে জ্বলি গ’ল 6 জন

তেলেংগানাৰ মানচাৰিয়ালা জিলাত শোকাৱহ ঘটনা (Fire broke out in Telangana) ৷ জিলাখনৰ মাণ্ডামাৰী মণ্ডলৰ ভেংকটাপুৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ৷ এটা ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতেই সংঘটিত হয় শোকাৱহ ঘটনাটো ৷ অগ্নিকাণ্ডটোৰ ফলত 6 জন লোকে প্ৰাণ হেৰুৱায় (Six people were killed in the fire in Telangana) ৷ ঘৰটোৰ গৰাকী শিব্যা(50), শিব্যাৰ পত্নী পদ্ম (৪৫), পদ্মৰ জ্যেষ্ঠ ভগ্নীৰ কন্যা মৌনিকা (২৩), মৌনিকাৰ দুই কন্যা আৰু আন এজন আত্মীয় শান্তয়্যৰ মৃত্যু হয় অগ্নিকাণ্ডটোৰ ফলত । অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে উক্ত স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । উপ-আৰক্ষী আয়ুক্ত অখিল মহাজনে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্তৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.