ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @ 1 PM

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 17, 2021, 1:00 PM IST

সোণাৰী মিচিং গাঁৱত এইবেলি উদযাপন নহয় আলি আয়ে লৃগাং

11 ফেব্ৰুৱাৰীত টীয়কৰ সোণাৰী মিচিং গাঁৱত সংঘটিত হৈছিল এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত গৃহহাৰা চাৰিটাকৈ পৰিয়ালৰ গৃহ নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰে গাঁৱবাসী ৷ ব্যয় কৰিলে উৎসৱ উদযাপনৰ বাবে সংগৃহীত ধন ৷

বিশ্বকৰ্মাৰ লগত কোনে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক !

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অব্যাহত ৰখা "অসম বচাও আহক" শীৰ্ষক গণ সংযোগ অভিযানৰ বাছ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি, সাংবাদিকৰ আগত বিশ্বকৰ্মাৰূপী হিমন্তই মাথো শিক্ষানুষ্ঠান, চিকিৎসালয় বনাব জানে, কিন্তু নিযুক্তি দিব নাজানে বুলি কটাক্ষ কৰে কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই ৷

যোৰহাটৰ শিক্ষাবিদ ৰবীন দুৱৰাৰ দেহাৱসান

কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টীয়কৰ পৰা প্ৰকাশিত গণবন্ধু কাকতৰ সম্পাদক বলমা দুৱৰা গাঁৱৰ নিৱাসী ৰবীন দুৱৰাই মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ।

বাবুল সোণোৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল দলীয় নেত্ৰীৰ

বেয়া দিনৰ যেন অন্ত পৰা নাই কংগ্ৰেছ দলৰ ক্ষেত্ৰত ৷ মঙলবাৰে ধেমাজি সদৰ আৰক্ষী থানাত ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সম্পাদিকা চয়নিকা দাসে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বাবুল সোণোৱালৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷

জগন্নাথ মন্দিৰলৈ ৪.৮৫৮ কিল’গ্ৰাম সোণ দান

ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰলৈ ৪.৮৫৮ কিল’গ্ৰাম সোণ আৰু ৩.৮৭৬ কিল’গ্ৰাম ৰূপ আগবঢ়ালে ভক্তই ৷

যোৰহাটৰ সংবাদ গোষ্ঠীৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ

যোৰহাটৰ এটা ব্যক্তিগত খণ্ডৰ সংবাদ গোষ্ঠীৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ ৷ আক্ৰমণত আহত নৈশ কৰ্তব্য পালনত ব্যস্ত জিণ্টু শইকীয়া নামৰ সাংবাদিকগৰাকী ৷ গুৰুতৰভাৱে আহত দুজন ৷

কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ হুংকাৰ বিধায়ক আমিনুলৰ

আগন্তুক বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে যেন ফাঁট মেলিব ধৰিছে কংগ্ৰেছ-এআইই

মধ্য প্ৰদেশৰ বাছ দুৰ্ঘটনা: 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

মধ্যপ্ৰদেশৰ সিধিত 54 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ নলাত বাগৰি পৰাৰ ফলত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা এইপৰ্যন্ত 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

তেলেংগানাৰ মুখ্যমন্ত্ৰীলৈ জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক জনালে ৬৭ সংখ্যক জন্মদিনৰ শুভেচ্ছা ৷

কৃষি আইন আৰু কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত জে পি নাড্ডাৰ বৈঠক

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মঙলবাৰে সন্ধিয়া দলটোৰ মুখ্য কাৰ্যালয়ত কৃষি আইন আৰু কৃষকসকলৰ প্ৰতিবাদ সন্দৰ্ভত বিজেপি নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ য’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.