ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 দহ সংবাদ

author img

By

Published : Nov 19, 2020, 1:06 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 দহ সংবাদ

TOP 10 AT 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 দহ সংবাদ

চৰাইদেউ জিলাৰ ‘টাইপা’ৰ কাৰ্যকৰী সভাপতিৰ বিজেপিত যোগদান

বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান চৰাইদেউ জিলাৰ ‘টাইপা’ৰ কাৰ্যকৰী সভাপতি ক্ষিৰোদ লাহনৰ ৷ বৃহস্পতিবাৰে মন্ত্ৰী যোগনে মহনৰ বাসগৃহত বিজেপিত যোগদান কৰে সভাপতি লাহনে ৷

পূৰ্বতকৈ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ক্ৰমাৎ সুস্থ হৈ উঠিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা তৰুণ গগৈ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ স্বাস্থ্য সন্দৰ্ভত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ অভিজিত শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে ৷ শৰ্মাই জনোৱা অনুসৰি, বৰ্তমান সুস্থ হৈছে তৰুণ গগৈ ৷

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকৰ গৃহত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী সোণোৱালে প্ৰয়াত দেৱজ্যোতি গগৈৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ বাসগৃহতে তিনিওজন যুৱকৰ পৰিয়ালক সাক্ষাৎ কৰে ৷

ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী সংৰক্ষণৰ বাবে বিশেষ প্ৰদক্ষেপ গ্ৰহণ

ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়নৰ আঁচনি সঠিক ৰূপায়নৰ বাবে বদ্ধপৰিকৰ বুলি অৱগত কৰিছে কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ বৰ্তমানৰ সভাপতি যতীন বৰাই ৷ ইতিমধ্যেই যোৱা ৫ নৱেম্বৰৰ পৰা পুখুৰীটোৰ পৰিস্কৰণৰ কাম আৰম্ভ হৈছে ৷

চিৰাঙৰ দুই সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ

বুধবাৰে চিৰাং জিলা প্ৰশাসনে প্ৰকাশ কৰিছে দুখনকৈ ভোটাৰ তালিকা ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত গৌতম তালুকদাৰে প্ৰকাশ কৰে দুয়োখন খচৰা ভোটাৰ তালিকা ৷

চুৰাইবাৰী আৰক্ষীৰ তৎপৰতাত জব্দ চোৰাং গৰু

কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীৰ তৎপৰতাত জব্দ চোৰাং গৰু কঢ়িওৱা দুখনকৈ ট্ৰাক ৷ গৰুৰ মালিকসহ দুয়োখন ট্ৰাকৰ চালককো আটক কৰিছে আৰক্ষীয়ে ৷

ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত প্ৰতিবাদ

বৃহস্পতিবাৰে মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী ৰিফাইনেৰীৰ চৌহদৰ সমীপত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন আৰু চিটুৰ প্ৰতিবাদ ৷ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতা আৰু সমকামৰ বাবে সমমৰ্যদাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত সংস্থাকেইটাৰ ৷

ৰূপহী বিজেপিৰ জুৰীয়া মণ্ডলৰ বুথ সভা অনুষ্ঠিত

ৰূপহী সমষ্টিৰ অন্তৰ্গত শিঙীয়া সমবায় সমিতিৰ প্ৰেক্ষাগৃহত বুধবাৰে বিজেপিৰ জুৰীয়া মণ্ডলৰ এক বুথ সভা অনুষ্ঠিত হয় ৷ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে মহেন্দ্ৰ বৰাই ৷

ডুমডুমাত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড

17 নৱেম্বৰৰ সন্ধিয়া ডুমডুমা-ফিল'বাৰী পথৰ বৰডুবিত দুজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে এগৰাকী শিক্ষকক বাট আগুচি ধন, মোবাইল ফোন আদি লুট-পাত কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ-যাঁওতেই বুধবাৰে ডুমডুমাৰ লংছোৱালত পুনৰ সংঘটিত হয় এই ডকাইতিৰ কাণ্ড ৷

বজালীৰ বনৰীয়া ধাবাত নিশাৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

বজালীত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডৰ ফলত জুইত সম্পূৰ্ণ জাহ যায় এখন ধাবা । ভাৰত ভূটান সংযোগী 127(A) নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়গাঁও আৰু ভোটান্ত মহিতাৰাৰ মাজত থকা বনৰীয়া নামৰ ধাবাখন বুধবাৰে নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত নিমিষতে জ্বলি ছাই হৈ যায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.