'NORTHERN COMMAND EQUIPMENT DISPLAY 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ
জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত 'NORTHERN COMMAND EQUIPMENT 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ । প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত 'মেক ইন ইণ্ডিয়া'ৰ প্ৰসাৰৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰে । কাউণ্টাৰ দ্ৰোণ চিষ্টেম, বিকল্প শক্তিৰ উৎস, ছিটুৱেশ্যনেল এৱাৰনেচ কণ্ট্ৰ'ল মেজাৰ্ছ আদিৰ প্ৰদৰ্শন কৰে ।
অসম চৰকাৰৰ পাঁচটা বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ
কৃষি বিভাগ, জলসিঞ্চন বিভাগ, জলসম্পদ, ভূমি সংৰক্ষন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত চলিছে ব্যাপক দুৰ্নীতি ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী মানৱ অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ ৷
নৈশ বাছত ৰহস্যজনক মৃত্যু যাত্ৰীৰ
বিলাসীপাৰাৰ বেলতলীত নৈশ বাছৰ আসনতে ৰহস্যজনকভাৱে মৃত্যু যাত্ৰীৰ ৷ AS 01FC-3357 নম্বৰৰ নৈশ বাছখনত সংঘটিত হয় এই ঘটনা ৷ গুৱাহাটীৰ পৰা নৈশ বাছখনৰে আহি আছিল জগদীশ দাস ওৰফে বাবু নামৰ লোকজন ৷
পিতৃ হ'বলৈ ওলাইছে বিৰাট কোহলী
বিৰাট কোহলী সম্প্ৰতি আই পি এলত ভাগ ল'বলৈ ডুবাইত উপস্থিত হৈছেগৈ ৷ আনহাতে মুম্বাইতে আছে অনুষ্কা শৰ্মা ৷ বিৰাট আৰু অনুষ্কাই 2017 চনৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল ৷
মৈৰাবাৰীত আৰক্ষীৰ জালত চাইবাৰ অপৰাধী
মৰিগাঁও জিলাত চাইবাৰ চক্ৰই সংঘটিত কৰা ভয়ানক বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ন ন তথ্য । আটক চাইবাৰ অপৰাধৰ মৰিগাঁৱৰ অন্যতম বাটকটীয়া ছাদ্দাম হুছেইন ওৰফে বাদল ।
বঙাইগাঁৱত চিপিআইএমৰ প্ৰতিবাদী সমদল
১৬ দফীয়া দাবীৰ স্মাৰক প্ৰত্ৰ প্ৰদান জিলা উপায়ুক্তক ৷ বামপন্থি দল সংগঠন সমূহে এই সমূহ দাবীৰে দেশজোৰা বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷
নাৰীৰ বিবাহৰ ন্যূনতম বয়স ২১ বছৰলৈ বৃদ্ধি এক ভ্ৰান্ত ধাৰণা, চৰকাৰে শিক্ষা-সংস্থাপনৰ ওপৰত অধিক গুৰুত্ব দিয়ক
নাৰীৰ বিবাহৰ বয় ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাটো এক অবাস্তৱ ধাৰণা । ইয়াৰ জৰিয়তে মাতৃৰ স্বাস্থ্যৰ বিশেষ উন্নতি হ’ব বুলি ভবাটো সঠিক নহয় । বৰঞ্চ বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত যৌন সম্পৰ্কক অপৰাধকৰণ কৰা হ’ব ।
বঙাইগাঁৱত চিপিআইএমৰ প্ৰতিবাদী সমদল
১৬ দফীয়া দাবীৰ স্মাৰক প্ৰত্ৰ প্ৰদান জিলা উপায়ুক্তক ৷ বামপন্থি দল সংগঠন সমূহে এই সমূহ দাবীৰে দেশজোৰা বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷
ডুমডুমাত চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদ
চাহ নগৰী ডুমডুমাত চাহ জনজাতি ছাত্ৰ সন্থাৰ ডুমডুমা শাখাৰ উদ্যোগত ভাদ মাহৰ শুক্লা একদক্ষী তিথিৰ দিনা চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ "কৰম পৰব"ৰ উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত সাংস্কৃতিক সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
টীয়কৰ মেলং চাহ বাগিছাত আটছাৰ ধৰ্ণা কাৰ্যসূচী
চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা, ৰেচনৰ মানদণ্ড উন্নত কৰা, চিকিৎসা সেৱা উন্নত কৰা আদিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৷