ETV Bharat / state

আজি উৰুকা

author img

By

Published : Apr 13, 2021, 9:32 AM IST

চেনেহৰ ৰঙালীক উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে কাইলৈ গৰুক গা ধুৱাই ৰাজ্যবাসীয়ে উদযাপন কৰিব গৰু বিহু । গৰু বিহু উপলক্ষে গৰুলৈ তৰাৰ পঘা, বাঁহৰ চাক বনোৱাত ব্যস্ত চহা কৃষিজীৱি অসমীয়া ৷ অসমীয়াৰ আবেগ ব'হাগকলৈ এতিয়া ব্যস্ত প্ৰতিজন অসমীয়া ৷

আজি উৰুকা
আজি উৰুকা

নিউজ ডেস্ক,13 এপ্ৰিল: আজি উৰুকা ৷ কাইলৈ গৰু বিহু ৷ চেনেহৰ ৰঙালীক উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে কাইলৈ গৰুক গা ধুৱাই ৰাজ্যবাসীয়ে উদযাপন কৰিব গৰু বিহু । গৰু বিহু উপলক্ষে গৰুলৈ তৰাৰ পঘা, বাঁহৰ চাক বনোৱাত ব্যস্ত চহা কৃষিজীৱি অসমীয়া ৷ অসমীয়াৰ আবেগ ব'হাগকলৈ এতিয়া ব্যস্ত প্ৰতিজন অসমীয়া ৷

ভূপেন দাই গীতত কোৱাৰ দৰে, ব’হাগ মাথোঁ এটি ঋতু নহয় , নহয় ব’হাগ মাথোঁ এটি মাহ ৷ অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণজীৱনৰ সাহ ৷ সঁচাকৈয়ে জাতিৰ আয়ুসৰেখা ব'হাগে কঢ়িয়াই আনে নতুনৰ বতৰা ৷ ঋতুৰাজ বসন্তৰ আগমনে উগুল-ঠুগুল কৰে অসমীয়াৰ মন ৷ গছ-লতিকাই ন-সাজেৰে সাঁজ সলোৱাৰ দৰে ৰঙৰ ৰঙালীয়ে লৈ আহে প্ৰেমৰ বতৰা ৷

আজি উৰুকা

মাজত মাথো কেইটামান মূহুৰ্ত বাকী থকাৰ সময়তে প্ৰতিগৰাকী অসমীয়াৰ ঘৰত বৃদ্ধি পাইছে ব্যাপক ব্যস্ততা ৷ হেঁপাহৰ ব'হাগক স্বাগতম জনোৱাৰ বাবে ৰান্ধনিশালত পিঠ-পনা বনোৱাত ব্যস্ত গৃহিনী ৷ জাতিক জীয়াই ৰাখিবলৈ সংগোপনে অহা চঞ্চল ব'হাগক লৈ ব্যস্ত ৰাজ্যৰ প্ৰতিটো প্ৰান্ত ৷

নিৰ্বাচনী ব্যস্ততা আৰু মহামাৰী ক'ৰণাৰ আতংকৰ মাজতে চ'তৰ বোকোচাত উঠি অহা ব'হাগক লৈ ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী ৷ প্ৰতিটো জাতি-জনজাতিয়েও সমান্তৰালভাৱে চলাইছে প্ৰস্তুতি ৷ শদিয়াৰ পৰা ধুবুৰীলৈ ঢোল, পেঁপা আৰু গগনাৰ শব্দত মুখৰিত গছতলৰ আখৰা ৷ কিন্তু মহামাৰীৰ প্ৰতি সজাগ হৈ পালন কৰক হেঁপাহৰ ৰঙালী ৷ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা আপোনালৈ জনালো ব'হাগৰ হিয়াভৰা শুভেচ্ছা ৷

লগতে পঢ়ক: বাঁহেৰে উজ্লি উঠিছে অসমীয়াৰ স্বাভিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.