ETV Bharat / state

জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপি নেত্ৰী আংগুৰলতা ডেকাৰ আজি জন্মদিন - বটদ্ৰৱা সমষ্টি

BJP leader Angoorlata Deka birthday : বিজেপি নেত্ৰী আংগুৰলতা ডেকাৰ আজি জন্মদিন ৷ শুভাকাংক্ষীসকলক কৃতজ্ঞতা জ্ঞাপন সামাজিক মাধ্যমত বিশেষ পোষ্ট ডেকাৰ ৷

BJP leader Angoorlata Deka birthday
বিজেপি নেত্ৰী তথা জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাৰ আজি জন্মদিন
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 1:31 PM IST

Updated : Jan 3, 2024, 3:40 PM IST

গুৱাহাটী, 3 জানুৱাৰী : জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপি নেত্ৰী আংগুৰলতা ডেকাৰ আজি জন্মদিন । সামাজিক মাধ্যমৰ জৰিয়তে ভিন্নজনে জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে ডেকাক ৷ ইফালে ওপজা দিনৰ দিনাই সামাজিক মাধ্যমত বিশেষ পোষ্ট দিয়ে বিজেপি নেত্ৰী ডেকাই ৷

কন্যা নমামীৰ সৈতে থকা ফটো সামাজিক মাধ্যমত পোষ্ট কৰি অভিনেত্ৰী তথা প্ৰাক্তন বিধায়গৰাকীয়ে উল্লেখ কৰে, ‘‘ওপজাদিনৰ এই বিশেষ ক্ষণত, মোৰ জীৱনটোক উদযাপনৰ বাবে উৎসাহিত কৰি অহা মোৰ সুহৃদসকলক তথা মোক সদায় আলোচনা-সমালোচনাৰ পাত্ৰ কৰি তোলা মোৰ শুভাকাংক্ষীসকলক কৃতজ্ঞতা জ্ঞাপন কৰি পৰম ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো ৷ যাতে, পাৰ হৈ যোৱা দিনবোৰত যেনেকৈ আপোনালোক মোৰ জীৱনৰ প্ৰতিটো ক্ষণৰ সাৰথি হৈ আছিল তথা বৰ্তমানেও আছে ৷ সেইদৰেই মোৰ জীৱনৰ অনাগত প্ৰতিটো দিনতো হাঁহিৰ ফুল চটিয়াই আপোনাসবে মোৰ জীৱন পথক আলোকিত আৰু সুশোভিত কৰি যায় যেন ৷’’

উল্লেখ্য যে, নলবাৰী জিলাত জন্ম গ্ৰহণ কৰিছিল আংগুৰলতা ডেকাই ৷ 2006 চনত ‘আমি অসমীয়া’ ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া ছবি জগতত খোজ পেলাইছিল । ‘‘জোন দা ইমান গুণ্ডা’’ ছবিখনৰ যোগেৰে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী তথা বৰ্তমানৰ বিজেপি গৰাকীয়ে কেইবাখন ছবি, ভি চি ডি আৰু ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । তদুপৰিও তেখেতে কেইবাখনো ভ্ৰাম্যমানৰ মঞ্চতো অভিনয় কৰিছিল ।

অসমীয়া চিনেমাজগতৰ পৰা 2015 প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰে ডেকাই ৷ তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি 2016 চনৰ বিধানসভা নিৰ্বাচনত বটদ্ৰৱা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল ৷ পৰৱৰ্তী সময়ত আংগুৰলতাক ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল ৷

লগতে পঢ়ক : Year Ender-2023 : ২০২৩ৰ শীৰ্ষ ৰাজনৈতিক বিতৰ্কৰ এচেৰেঙা

Last Updated : Jan 3, 2024, 3:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.