ETV Bharat / state

অসমত নতুনকৈ ৫৭৩ গৰাকী লোক ক'ৰনাত আক্ৰান্ত

author img

By

Published : Apr 16, 2021, 11:02 PM IST

বৰ্তমানলৈ ৰাজ্যখনত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ২,২২, ৯৪০ লৈ বৃদ্ধি পাইছে । আনহাতে বিগত ২৪ ঘণ্টাত ক’ৰ’নাৰ বাবে চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে । অসমত এই পৰ্যন্ত ক’ৰ’নাৰ বাবে ১,১২৭ গৰাকী লোকৰ মৃত্যু ঘটিছে ৷

অসমত নতুনকৈ ৫৭৩ গৰাকী লোক ক'ৰনাত আক্ৰান্ত
অসমত নতুনকৈ ৫৭৩ গৰাকী লোক ক'ৰনাত আক্ৰান্ত

গুৱাহাটী,১৬ এপ্ৰিল: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ । অসমত বিগত ২৪ ঘণ্টাত নতুনকৈ ৫৭৩ গৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । বৰ্তমানলৈ ৰাজ্যখনত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ২,২২, ৯৪০ লৈ বৃদ্ধি পাইছ ।

আনহাতে বিগত ২৪ ঘণ্টাত ক’ৰ’নাৰ বাবে চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে । অসমত এই পৰ্যন্ত ক’ৰ’নাৰ বাবে ১,১২৭ গৰাকী লোকৰ মৃত্যু ঘটিছে ।

ইফালে অসমত ২,১৬,৩৯৭ গৰাকী লোকে ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে । বিগত ২৪ ঘণ্টাত ক’ৰ’নাত আক্ৰান্ত হোৱা ৫৭৩ গৰাকী লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৷ ২৪৫ গৰাকী লোকৰ দেহত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰিছে ।

ইয়াৰ বিপৰীতে কামৰূপ গ্ৰাম্যত ৪৭ গৰাকী, নগাঁৱত ৩৩ গৰাকী আৰু শোণিতপুৰত ৩০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে । প্ৰাপ্ত তথ্য মতে শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৩২,৪২১ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছিল । এতিয়ালৈকে অসমত মুঠ ৭৭,৬৪,২৯২ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে ।

লগতে পঢ়ক:চাৰিঙত আয়োজিত কণীযুঁজ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.