ETV Bharat / state

Price hike of vegetable: এইবাৰ ডিঙিত বিলাহীৰ মালা পিন্ধি ৰাজপথত TMC ৰ প্ৰতিবাদ

বিগত কেইবাদিন ধৰি ৰাজ্যত হোৱা নেৰা-নেপেৰা বৰষুণ আৰু বানৰ ফলত পাচলিৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ থলুৱাভাৱে উৎপাদন হ্ৰাস হোৱাৰ ফলত চৰা দামত পাচলি ক্ৰয় কৰিবলগীয়া হৈছে ৰাইজে ৷ ফলত চৌদিশে উঠিছে প্ৰতিবাদৰ ঢৌ ।

author img

By

Published : Jul 5, 2023, 4:59 PM IST

Price hike of vegetable
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ

গুৱাহাটী, ৫ জুলাই:ৰাজ্যৰ বজাৰত শাক-পাচলিৰ মূল্যই চেঞ্চুৰীৰ দৰ স্পৰ্শ কৰাৰ লগে লগে হাহাকাৰ লাগিছে সাধাৰণ জনতাৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত প্ৰায় কোঙা হৈ পৰিছে ৰাইজ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰত জুই লগাত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ ৷ এইবাৰ গুৱাহাটী মহানগৰীত অভিনৱ প্ৰতিবাদত নামিল অসম তৃণমূল কংগ্ৰেছ ।

বুধবাৰে কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনায় । অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয় চৌহদত শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইৰ নেতৃত্বত দলীয় সতীৰ্থসকলে ডিঙিত বিলাহীৰ মালা পিন্ধি 'শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ যোগান বিভাগ মুৰ্দাবাদ', 'অকৰ্মণ্য যোগান মন্ত্ৰী ৰণজিৎ দাস মুৰ্দাবাদ', 'মূল্যবৃদ্ধিৰে মহিলাক হাৰাশাস্তি কৰা মন্ত্ৰী ৰণজিৎ দাস তোমাৰ কাম নাই', 'জনতাক সকাহ দিব নোৱাৰা যোগান মন্ত্ৰী ৰণজিৎ দাসে পদত্যাগ কৰক', 'জনবিৰোধী বিজেপি চৰকাৰ নিপাত যাওক', 'ৰাইজৰ সমস্যাক আওকাণ কৰা ড৹ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ' আদি শ্ল'গান দি চৌদিশ কঁপাই তোলে । অনতি পলমে ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই শাক-পাচলিৰ দাম নিয়ন্ত্ৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰা যোগান মন্ত্ৰী ৰণজিৎ দাসক তীব্ৰ সমালোচনা কৰে । লগতে ৰিপুন বৰাই কয় যে ৰাজ্যখনৰ কেৱল যোগান মন্ত্ৰীয়ে নহয় ,কোনো মন্ত্ৰীয়ে একো কাম কৰিব নোৱাৰে । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত মন্ত্ৰীসকল একো একোটা ফুলদানী । একনায়কত্ববাদ চলিছে এইখন চৰকাৰৰ দিনত ।

লগতে পঢ়ক:Opposition unity in Assam : বিৰোধী ঐক্যমঞ্চৰ পৰা আপ আঁতৰ হোৱাৰ আঁৰত বিজেপিৰ হাত থকাৰ সন্দেহ সাংসদ অজিত কুমাৰ ভূঞাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.