ETV Bharat / state

চগাৰ দৰে পাখি গজিছে বিজেপিৰ: ৰিপুন বৰা

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:28 PM IST

কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী অজয় মিশ্রই 'কা' সন্দৰ্ভত মন্তব্য় কৰাৰ পিচতেই প্ৰতিক্ৰিয়া অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ ।

Assam Trinamool Congress President Ripun Bora
অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰা
অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰা

গুৱাহাটী, ২৮ নৱেম্বৰঃ লোকসভা নির্বাচনৰ প্রাকক্ষণত 'কা' সন্দর্ভত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী অজয় মিশ্রই কৰা মন্তব্যৰ পিছতেই উত্তাল হৈ পৰিছে দেশৰ ৰাজনৈতিক পৰিবেশ । ইয়াৰ মাজতে অসমত কোনো কাৰণতে 'কা' কার্যকৰী হ'ব নিদিয়াৰ হুংকাৰ অসম তৃণমূল কংগ্রেছৰ । অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই 'কা' কার্যকৰী কৰিব বিচৰা বিষয়টো অসম আৰু অসমীয়াৰ আৱেগ, স্বাভিমানক কৰা চূড়ান্ত অপমান বুলি উল্লেখ কৰে ।

এই সন্দৰ্ভত প্ৰতিক্রিয়া প্রকাশ কৰি অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয়, "এয়া বিজেপি চৰকাৰৰ ধ্বংসৰ আগজাননী । বিৰোধীৰ উত্থানত বিজেপি শংকিত হৈ ভয় আৰু শংকাতেই এনেধৰণৰ কথা কৈ আছে । আমি অসমীয়াই কোনোপধ্যেই 'কা' মানি ল'ব নোৱাৰো । 'কা'ৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আমি অসমীয়াই পাঁচগৰাকীকৈ নিৰীহক হেৰুৱালো, তাৰ পিছতো যদি বিজেপিয়ে 'কা' কাৰ্যকৰী কৰাৰ কথা ক'বলৈ সাহস কৰিছে, এয়া অসম আৰু অসমীয়াৰ আৱেগ আৰু স্বাভিমানক কৰা চূড়ান্ত অপমান আৰু ভেঙুচালি।"

লগতে ৰিপুন বৰাই কয়,"এইবাৰ বিজেপি চৰকাৰৰ পতন নিশ্চিত। 'চগাৰ পাখি গজে মৰিবলৈ, উৰিবলৈ নহয়', ঠিক সেইদৰে বিজেপিৰ পাখি গজিছে । প্রত্যেক দিনাই বিজেপিয়ে নতুন নতুন বিতৰ্কৰ সূচনা কৰি দেশৰ পৰিস্থিতি বিনষ্ট কৰাৰ লগতে অন্যান্য গুৰুত্বপূর্ণ বিষয়বস্তু বোৰৰ পৰা জনসাধাৰণৰ দৃষ্টি অন্য়দিশে নিবলৈ চেষ্টা কৰি আহিছে, সাধাৰণ জনগনক বিজেপিয়ে মূর্খ বুলি ভাবিছে । পূর্বৰ নির্বাচনত বিজেপিয়ে 'কা' বলবৎ কৰাৰ কথা কৈছিল, এইবাৰ তেওঁলোকে 'কা'ৰ অধিনিয়ম প্রস্তুত কৰাৰ কথা কৈছে । তেওঁলোকে এনেধৰণৰ এক জাতিধ্বংসী আইনক নির্বাচনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে । "

তৃণমূল কংগ্ৰেছ, অসমৰ সভাপতি গৰাকীয়ে পুনৰ কয় যে 'কা' আন্দোলনত নিহত পঞ্চ শ্বহীদৰ প্রতি তিলমাত্রাও শ্রদ্ধা নাই বিজেপি চৰকাৰখনৰ, ধিক্কাৰ বিজেপি চৰকাৰ । বিদেশীৰ কোনো জাতি নাই, কোনো ধর্ম নাই । বিজেপিয়ে হিন্দু বিদেশীৰ নামত ৰাজনীতি কৰিছে, ধর্মীয় মেৰুকৰণ কৰিছে। " যদি ইমানেই বিজেপিৰ বিদেশীৰ প্রতি দৰদ তেন্তে সেই বিদেশীক নৰেন্দ্ৰ মোডী বা অমিত শ্বাহৰ নিজৰ ৰাজ্যত ৰাখক, কিন্তু অসমত নহয় । আমি অসম তৃণমূল কংগ্রেছে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্রতি ভাবুকি অনা কোনো অপশক্তিকে সফল হ'বলৈ নিদিও । অনাগত সময়ত অসম আৰু অসমীয়াৰ স্বাৰ্থত জংগী আন্দোলন কৰিবলৈও আমি প্রস্তুত।" এইদৰে মন্তব্য় কৰি গুজৰাটত 'কা'ৰ যোগেদি আহিবলগীয়া বিদেশীক সংস্থাপিত কৰিবলৈ আহ্বান জনায় ৰিপুন বৰাই ৷

লগতে পঢ়ক:‘কা’ৰ বিৰুদ্ধে আন্দোলনৰ আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.