ETV Bharat / state

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে ১৭ ডিচেম্বৰত ৰাজহুৱা বন্ধ

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ উপলক্ষে ১৭ ডিচেম্বৰত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অধীনস্থ ৬টাকৈ সমষ্টিত ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে জিলা প্ৰশাসনে ৷

tiwa chayatta parishad bandh
তিৱা স্বায়ত্ব শাসিত পৰিষদ বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ
author img

By

Published : Dec 8, 2020, 9:57 PM IST

গুৱাহাটী, 8 ডিচেম্বৰ: তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে ১৭ ডিচেম্বৰত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ভোটগ্ৰহণৰ দিনটোত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ এলেকাত সকলো চৰকাৰী তথা বেচৰকাৰী কাৰ্যালয়, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ, নগৰীয়া স্থানীয় নিকায়, শিক্ষানুষ্ঠান, বেংক, চাহ বাগিছা তথা উদ্যোগ আদি বন্ধ থাকিব ৷

tiwa chayatta parishad bandh
তিৱা স্বায়ত্ব শাসিত পৰিষদ বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

মংগলবাৰে এক বিজ্ঞপ্তি যোগে জনসংযোগ বিভাগৰ তৰফৰ পৰা এই কথা সদৰি কৰে । শান্তিপূৰ্ণ তথা নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেই ৰাজ্য চৰকাৰে হাতত লৈছে এই বিশেষ ব্যৱস্থা । উল্লেখযোগ্য যে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৬টাকৈ সমষ্টি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অধীনস্থ এলেকাত আছে । ইতিমধ্যে সমষ্টি সমূহত সকলো প্ৰস্তুতি সম্পন্ন কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: ডিব্ৰুগড়ত ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত সজাগতা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.