ETV Bharat / state

দেশৰ শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ৰ তালিকাত অসমৰ তিনি বিশ্ববিদ্যালয় - অসম বিশ্ববিদ্যালয়

"নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক"(NIRF)ৰ তালিকাত‌ স্থান লাভ কৰিছে অসমৰ তিনিখন বিশ্ববিদ্যালয়ে । গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়ৰ নাম অন্তৰ্ভুক্ত হৈছে এই তালিকাত ।

Three Universities of Assam in National Institutional ranking framework
দেশৰ শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত আছে অসমৰ তিনি বিশ্ববিদ্যালয়
author img

By

Published : Sep 11, 2021, 3:47 PM IST

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা "নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক"(NIRF)ৰ তালিকাত‌ শীৰ্ষৰ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ তিনিখনকৈ বিশ্ববিদ্যালয়ে । বিশ্ববিদ্যালয়ৰ ৰেংকিং তালিকাত ৪৫ সংখ্যক স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয় । তেজপুৰ বিশ্ববিদ্যালয় আছে ৪৬ সংখ্যক স্থানত আৰু শিলচৰস্থিত অসম বিশ্ববিদ্যালয় আছে ৯৩ সংখ্যক স্থানত ।

Three Universities of Assam in National Institutional ranking framework
দেশৰ শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত আছে অসমৰ তিনি বিশ্ববিদ্যালয়

স্বাভাৱিকতে এই খবৰে ৰাজ্যৰ শৈক্ষিক খণ্ডৰ লগতে বিদ্ব্যৎ সমাজলৈও এক আশাৰ বতৰা কঢ়িয়াই আনিছে । মুঠ ১১টা শাখাৰ সামগ্ৰিক বিভাগত গুৱাহাটী বিশ্ববিদ্যালয় আছে ৬৭ সংখ্যক স্থানত আৰু ৭৩ সংখ্যক স্থান দখল কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে । কেৱল ইমানেই নহয়, গুৱাহাটী আই আই টিয়েও অভিযান্ত্ৰিক প্ৰতিষ্ঠান শাখাত দখল কৰিছে সপ্তম স্থান । সামগ্ৰিক শাখাত নৱম স্থানত আছে গুৱাহাটী আই আই চি ।

মনকৰিবলগীয়া যে, কেন্দ্ৰীয় চৰকাৰৰ এই তালিকাত কিন্তু ১০০ খন শীৰ্ষৰ বিশ্ববিদ্যালয়ৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ে কোনো স্থান দখল কৰিবলৈ সক্ষম নহ'ল ।

লগতে পঢ়ক:অসাৰ হ'ল মুখ্যমন্ত্ৰীৰ ঘোষণা:অফলামুখ ঘাটত নচলিল জাহাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.