গুৱাহাটী, 20 জুন : মহানগৰীৰ ভৰলুমুখত পুনৰ তিনিজনৰ দেহত চিনাক্ত কোভিড-19 । নীতিন জৈন, শাম সুন্দৰ, সঞ্জু গুপ্তাৰ নামৰ ব্যক্তি কেইজনৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । ঘটনাস্থলীত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ তেওঁলোকক প্ৰেৰণ কৰে চিকিৎসালয়লৈ । যোৱা দুদিন ধৰি অসুস্থ হৈ আছিল লোক তিনিজন।
আনহাতে, গুৱাহাটীৰ ফাঁচীবজাৰতো তিনিজন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ ৷ গোৱেংকা ট্ৰেডাৰ্ছত কৰ্মৰত তিনিজন কৰ্মচাৰী আক্ৰান্ত হৈছে কোভিড-19 ৷ যাৰ বাবে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ফাঁচীবজাৰক ৷
এই পৰ্যন্ত অসমত মুঠ ক'ভিড-19 আক্ৰান্তৰ সংখ্যাই 5000 অতিক্ৰম কৰিছে ৷ অৱশ্যে 3202 গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে কোভিড-19ৰ পৰা ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে 1792 গৰাকী লোক ৷
লগতে পঢ়ক : পুনৰ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা ফাঁচীবজাৰক