ETV Bharat / state

Indian Panorama 2023: ভাৰতীয় পেনোৰামাৰ ন’ন ফিচাৰ ফিল্ম শিতানত অসমৰ তিনিখনকৈ তথ্যচিত্ৰ নিৰ্বাচিত

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:09 PM IST

৫৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত হ’ব উৎপল বৰপূজাৰীৰ 'বৰুৱাৰ সংসাৰ' । লগতে প্ৰদৰ্শিত হ’ব কেশৰ জ্যোতি দাসৰ 'কথাবৰ' আৰু পাৰ্থসাৰথি মহন্তৰ 'লাচিত (যোদ্ধা)। ফিচাৰ ফিল্ম শিতানত নিৰ্বাচিত হৈছে কাৰ্বি ভাষাত নিৰ্মিত মৃদুল গুপ্তাৰ 'মীৰবিন' ।

Three documentaries from Assam selected in Non Feature Film category of the Indian Panorama
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত হ’ব অসমৰ তিনিখনকৈ তথ্যচিত্ৰ

গুৱাহাটী, ২৪ অক্টোবৰ: ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ দ্বাৰা পৰিচালিত তথ্যচিত্ৰ 'বৰুৱাৰ সংসাৰ' গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে । ভাৰতীয় পেনোৰামাৰ ন'ন ফিচাৰ শিতানত 'বৰুৱাৰ সংসাৰ'ৰ লগতে নিৰ্বাচিত হৈছে কেশৰ জ্যোতি দাসৰ 'কথাবৰ' আৰু পাৰ্থ সাৰথি মহন্তৰ 'লাচিত (যোদ্ধা) ।

আনহাতে ফিচাৰ ফিল্ম শিতানত নিৰ্বাচিত হৈছে একমাত্ৰ মৃদুল গুপ্তাই পৰিচালনা কৰা কাৰ্বি ভাষাৰ ছবি 'মীৰবিন' । ন'ন ফিচাৰ ফিল্ম শিতানত অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো তথ্যচিত্ৰ নিৰ্বাচিত হৈছে । ইয়াৰ ভিতৰত মণিপুৰী ভাষাৰ লংজাম মীনা দেৱীৰ 'এণ্ড্ৰ ড্ৰিমচ' আৰু ৱাৰিবাম দৰেন্দ্ৰ সিঙৰ 'লাষ্ট মিট' আৰু মিজো ভাষাৰ শিল্পীকা বৰদলৈৰ 'মৌ : দা স্প্ৰিট ড্ৰিমচ অব চেৰাউ'।

উল্লেখ্য যে শতবৰ্ষ গৰকা অসমৰ এটি বিশেষ ঘৰৰ আধাৰত নিৰ্মাণ কৰা হৈছে তথ্যচিত্ৰ 'বৰুৱাৰ সংসাৰ'। অসমৰ সাংস্কৃতিক জগতৰ এক অন্যতম কেন্দ্ৰবিন্দু হৈ জিলিকি ৰোৱা এই ঘৰটিয়ে ২০২৩ বৰ্ষত এশটাকৈ গৌৰৱজ্জ্বোল বছৰ অতিক্ৰম কৰিলে । এই ঘৰটো ১৯২৩ চনতে অসমীয়া অভিযন্তা চন্দ্ৰনাথ বৰুৱাই সাজি উলিয়াইছিল । এই বিশেষ ঘৰটো আছে গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰৰ সমীপত । এই ঘৰটোৱেই জন্ম দিছিল বহু শিল্পীৰ । ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, ৰমেন বৰুৱা, গিৰীণ বৰুৱা, নীৰেন বৰুৱা, দ্বীপেন বৰুৱাৰ দৰে বিখ্যাত শিল্পীৰ জন্ম হৈছিল এই বাসগৃহতেই ৷

যিটো ঘৰতেই আৰম্ভ কৰা হৈছিল ২৯ খনকৈ অসমীয়া ছবিৰ পৰিকল্পনা । কেৱল শিল্পীয়েই নহয় খেলুৱৈৰো জন্ম দিছিল এই ঘৰখনে । হেমাংগ বিশ্বাস, সলিল চৌধুৰী, বলৰাজ চাহানীৰ পৰা হেম বৰুৱালৈকে সকলোৰে বাবেই এই বিশেষ ঘৰটিয়েই আছিল আড্ডাস্থলী । সময় বাগৰিল যদিও ঘৰটো তেনেকৈয়ে আছে । এই ঘৰটোৱেই অসমৰ সাংস্কতিক জগতলৈ বহু অৱদান আগবঢ়াই আহিছে । ইতিহাস প্ৰসিদ্ধ এই ঘৰটোৰ আধাৰতে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ 'বৰুৱাৰ সংসাৰ' এইবাৰ ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত হ’ব । এই তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চাহাৰিয়াই ।

উল্লেখ্য যে ভাৰতীয় পেনোৰামাই প্ৰদৰ্শনৰ বাবে ফিচাৰ ফিল্ম শিতানত ২৫ খন আৰু ন’ন-ফিচাৰ ফিল্ম শিতানত ২০ খন ছবি নিৰ্বাচিত কৰিছে । নিৰ্বাচিত চলচ্চিত্ৰসমূহ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰমলৈ গোৱাত অনুষ্ঠিত হ'বলগীয়া ৫৪ সংখ্যক আই এফ এফ আইত প্ৰদৰ্শিত হ’ব ।

লক্ষণীয় বিষয় যে ইণ্ডিয়ান পেনোৰামাৰ নিৰ্বাচন সমগ্ৰ ভাৰতৰ চিনেমা জগতৰ বিশিষ্ট ব্যক্তিসকলে কৰে । য’ত ফিচাৰ ফিল্মৰ বাবে মুঠ ১২ জন জুৰী সদস্য আৰু ন’ন-ফিচাৰ ফিল্মৰ বাবে ৬ জন জুৰী সদস্য থাকে । দুয়ো প্ৰকাৰৰ জুৰীয়ে তেওঁলোকৰ নিজ নিজ অধ্যক্ষৰ দ্বাৰা পৰিচালিত হয় । ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী ফিচাৰ ফিল্মৰ হিচাপে প্ৰদৰ্শন কৰা হ’ব আনন্দ একৰ্শীৰ দ্বাৰা পৰিচালিত 'আট্টাম' (মালায়ালম) নামৰ ছবিখন । আনহাতে ইণ্ডিয়ান পেনোৰামাৰ ন'ন-ফিচাৰ ফিল্ম শিতানত উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শন কৰা হ'ব ‘এণ্ড্ৰ ড্ৰীমছ' নামৰ মণিপুৰী ছবিখন ।

লগতে পঢ়ক: Manipur Film: ছোৱালীৰ ফুটবল ক্লাবৰ আধাৰত নিৰ্মিত মণিপুৰৰ ছবি এন্দ্ৰো ড্ৰিমছলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.