গুৱাহাটী, ২ অক্টোবৰ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত সন্ত্ৰাসবাদৰ অৱসান হৈছে বুলি চৰকাৰে কৰি কৰা দাবী যেন অন্তসাৰ শূন্য বুলি পুনৰবাৰ প্ৰমাণিত হৈছে। অসমত এই মূহুৰ্তত এটাও উগ্ৰপন্থী সংগঠন নাই বুলি চৰকাৰে দাবী কৰিছে যদিও ৰাজ্যখনৰ পৰা এতিয়াও প্ৰত্যাহাৰ কৰা হোৱা নাই আৰ্মড ফোৰ্চেছ স্পেচিয়েল পাৱাৰছ এক্ট, চমূকৈ আফস্পা (AFSPA) ।
আনহাতে, কেৱল অসমেই নহয় শুকুৰবাৰে কেন্দ্ৰীয় গৃহ বিভাগে এক নিৰ্দেশনাৰ দ্বাৰা অৰুনাচল প্ৰদেশৰ তিনি খন জিলাৰ বিপৰীতে অশান্ত অঞ্চল ঘোষণাৰ সময়সীমা আৰু ছমাহ বঢ়াই দিছে । এই জিলা কেইখন হ'ল টিৰাপ, ছাংঙলাং আৰু লংডিং ।
উল্লেখ্য যে, এই জিলা কেইখনত অসমৰ আলফাকে ধৰি কেইবাটাও উগ্ৰপন্থী সংগঠনৰ নেতা আৰু সদস্যই আত্মগোপন কৰি থকাৰ তথ্য গৃহ বিভাগৰ হাতত আছে আৰু সেই বাবেই এই জিলা তিনিখনক উল্লিখিত আঁচনিৰ অধীনত অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি থৈছে আৰু সময়সীমা বঢ়াই আছে । তাৎপৰ্যপূৰ্ণ ভাবে উল্লিখিত তিনিখন জিলাৰ উপৰিও নামচাই জিলাৰো নামচাই আৰু মহাদেৱপুৰ থানাৰ অন্তৰ্গত অঞ্চলকো অশান্ত অঞ্চল বুলি কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে কালি ঘোষণা কৰিছে ৷
মন কৰিবলগীয়া যে, শেহতীয়া সময়ছোৱাত অসমত সংঘটিত কেইবাটাও হত্যা আৰু অপহৰণৰ লগত সাঙোৰ খাই পৰিছিল চুবুৰীয়া ৰাজ্য অৰুণাচলৰ নাম। আজিৰে পৰা কেইটামান বছৰৰ আগলৈ দেশৰ ভিতৰতে এক শান্তিপূৰ্ণ ৰাজ্য হিচাপে পৰিগণিত হৈ অহা অৰুনাচলক বাৰে বাৰে অশান্ত অঞ্চলৰ আওতালৈ আনিবলগীয়া হোৱা পৰিস্থিতিয়ে ৰাজ্যখনৰ পৰ্যটন আৰু অন্যান্য খণ্ডক ক্ষতিগ্ৰস্ত কৰিছে বুলি চৰ্চিত হৈছে ।
লগতে পঢ়ক : যিয়ে যেনে কাম কৰিব তেনে ফলাফলেই পাব: শ্বেৰমান আলীক লৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া