গুৱাহাটী,15 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ দিবলৈ দিল্লী অভিমুখে তিনি অগপ নেতা ৷ ৰাইজৰ ৰোষত অগপৰ তিনি নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জয়নাথ শৰ্মা আৰু কুমাৰ দীপক দাসে দেওবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ তৰিবৰ বাবে বৰঝাৰ বিমানবন্দৰে দিল্লী যাত্ৰা কৰে । বিমানবন্দৰত সাংবাদিকৰ প্ৰশ্নত থকা থৰকাছুটি হেৰুৱালে প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে । সাংবাদিকৰ মুখামুখি হোৱাৰ পৰা বিৰত থাকিবৰ বাবে দুই ঘণ্টা আগতে বিমানবন্দৰত প্ৰৱেশ কৰে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে প্ৰাক্তন বিধায়ক জয়নাথ শৰ্মাৰ ।
লগতে পঢ়ক:বিভ্ৰান্তিত অগপঃ ৰোষত পৰি অন্তঃকন্দল উদঙাই আদালতলৈ ঢাপলি