ETV Bharat / state

ভূমিস্খলনৰ আশংকাই নিদ্ৰা হৰণ কৰিছে গুৱাহাটীৰ পাহাৰবাসীৰ - Illegal excavation in Guwahati

গুৱাহাটী মহানগৰীত এফালে কৃত্ৰিম বানৰ বিভীষিকা আৰু আনফালে ভূমিস্খলনৰ আতংক (Landslide in Guwahati) । যিকোনো মুহূৰ্তত পাহাৰীয়া অঞ্চলত অঘটন ঘটাৰ আশংকা । গুৱাহাটীৰ ১৭খন পাহাৰত প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত উদ্বেগজনকভাৱে সংঘটিত হৈ আহিছে ভূমিস্খলন । গুৱাহাটীৰ ৩৬৬ টা অঞ্চল ভূমিস্খলন প্ৰৱণ এলেকা ৰূপে চিনাক্ত ।

ভূমিস্খলনৰ আশংকাই নিদ্ৰা হৰণ কৰিছে গুৱাহাটীৰ পাহাৰবাসীৰ

author img

By

Published : May 21, 2022, 4:11 PM IST

Updated : May 21, 2022, 8:22 PM IST

গুৱাহাটী, 21 মে': বিগত কেইবা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত এক ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে । নেৰানেপেৰা বৰষুণে বিপদ মাতিছে মহানগৰবাসীলৈ । গুৱাহাটী মহানগৰীত এফালে কৃত্ৰিম বানৰ (Artificial flood in Assam) বিভীষিকা আৰু আনফালে ভূমিস্খলনৰ আতংক । বিগত কেইদিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত পাহাৰ সমূহৰ মাটি আৰু শিল বাগৰি অহাত মহানগৰবাসীলৈ বিপদ কঢ়িয়াই আনিছে ।

যিকোনো মুহূৰ্তত পাহাৰীয়া অঞ্চলত অঘটন ঘটাৰ আশংকা কৰা হৈছে । ইফালে ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে আপদকালীন সেৱাৰ বাবে ইতিমধ্যে মুকলি কৰিছে হেল্পলাইন নম্বৰ । ভূমিস্খলনৰ আশংকা কৰা স্পৰ্শকাতৰ অঞ্চলৰ লোকে যিকোনো সহায়ৰ বাবে ০৩৬১-১০৭৭ আৰু ৯৬৭৮৪-৭১০৭১ নম্বৰ যোগে জিলা প্ৰশাসনক যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে । উল্লেখ্য যে মহানগৰীৰ খাৰঘুলিৰ হিড়িম্বাপুৰ, কৈলাসপুৰ, শিলপুখুৰীৰ নৱগ্ৰহ মন্দিৰ, গীতামন্দিৰৰ ভগদত্ত পথ, ধীৰেনপাৰাৰ ৰত্নগিৰি পথ, নুনমাটিৰ নেপালী চ’ক আৰু পাণ্ডুৰ হিলট'পৰ উপৰি কেইবাটাও স্থানত যিকোনো মুহূৰ্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ।

threat-of-landslides-in-guwahati-city
ভূমিস্খলনৰ আশংকাই নিদ্ৰা হৰণ কৰিছে গুৱাহাটীৰ পাহাৰবাসীৰ

ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে প্ৰতিখন জিলা উপায়ুক্তক ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা লোকসকলক স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ পিছতে জিলা উপায়ুক্তসকলে ভূমিস্খলনপ্ৰৱণ অঞ্চলত বসবাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে । উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহৰ ব্যাপক অবক্ষয়ৰ বাবেই কৃত্ৰিম বানপানীকে ধৰি ভূমিস্খলন আদি সমস্যা ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে ।

গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা ১৭খন পাহাৰত প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত উদ্বেগজনকভাৱে সংঘটিত হৈ আহিছে ভূমিস্খলন । ২০২০ চনৰ ২৮ জুনত খাৰঘুলিত পাহাৰ খহি প্ৰিয়ংকা বড়ো নামৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কাহিলিপাৰাত সংঘটিত ভূমিস্খলনত পাহাৰৰ শিল খহি এগৰাকী মহিলাৰ মৃত্যু হৈছিল । বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ।

বিগত বৰ্ষতো পাণ্ডুত সংঘটিত এক ভূমিস্খলনত এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ লগতে তিনিজনকৈ লোক আহত হৈছিল । মহানগৰীৰ পাহাৰ অঞ্চলত জধে-মধে কৰা খনন, অবাধ বসতি স্থাপন তথা সুপৰিকল্পনাৰ অভাৱ আৰু বিজ্ঞানসন্মতভাৱে পাহাৰসমূহত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিণতিত গুৱাহাটীৰ পাহাৰে পাহাৰে ভূমিস্খলন হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে । লক্ষণীয় বিষয় যে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে গুৱাহাটীত ৩৬৬টা ভূমিস্খলন প্ৰৱণ অঞ্চল চিনাক্ত কৰিছে যদিও এই অঞ্চলসমূহক সুৰক্ষিত কৰিব পৰা নাই ।

প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত এই ভূমিস্খলনপ্ৰৱণ অঞ্চলত তথা ইয়াৰ নামনিত বসবাস কৰা লোকসকলে শংকাৰে জীৱন যাপন কৰি আহিছে । শৰণীয়া পাহাৰ, মালিগাঁও, নৰকাসুৰ, ফটাশিল আমবাৰী, খাৰঘুলি, চূণচালি, নুনমাটি, নাৰেংগী, ওদালবাক্ৰা, যোৰাবাটকে ধৰি মহানগৰীৰ ১৭খন পাহাৰত ৩৬৬টা ভূমিস্খলনপ্ৰৱণ অঞ্চল প্ৰশাসনে চিনাক্ত কৰাৰ পিছতো ভূমিস্খলন ৰোধৰ বাবে সুদূৰপ্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই । বাৰিষা বৰষুণ হ'লেই এই অঞ্চলসমূহত সৰু-বৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ।

প্ৰতিবছৰে ভূমিস্খলনত গুৱাহাটী মহানগৰীত জীৱন আৰু সম্পত্তিৰ হানি হৈছে । ২০১৪ চনৰ পিছত মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত ভূমিস্খলনৰ ঘটনাত ১৪ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । তদুপৰি বহু লোক আহত হোৱাৰ লগতে ভূ-সম্পত্তিৰ হানি হৈছে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মহানগৰীৰ চৌপাশ আগুৰি থকা পাহাৰসমূহত দিনকদিনে বৃদ্ধি পাইছে বাসিন্দাৰ সংখ্যা ।

বিভিন্ন পাহাৰত হকে-বিহকে খনন (Illegal excavation in Guwahati) কৰি একাংশ লোকে ঘৰ বন্ধাৰ বাবেও ভূমিস্খলনৰ সমস্যাই ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ভূমিস্খলন ৰোধৰ বাবে কেতবোৰ ব্যৱস্থা ঘোষণা কৰে যদিও সময়ত এইসমূহ কাৰ্যকৰী নকৰাৰ বাবে ভূমিস্খলনে প্ৰতিবছৰে মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰিছে । এইবাৰো পৰিস্থিতি যথেষ্ট সংকটজনক হৈ পৰিছে ।

লগতে পঢ়ক: বানত মৃত্যু হোৱা লোকৰ সংখ্যা 14লৈ বৃদ্ধি: আঠ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

Last Updated : May 21, 2022, 8:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.