ETV Bharat / state

দীপৰ বিলৰ সুৰক্ষাৰ দাবীত গণ প্ৰতিবাদ - দীপৰ বিল

দীপৰ বিলৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে দীপৰ বিল সুৰক্ষা মঞ্চই (Mass protests demanding protection of Dipor bil) ৷ মঙলবাৰে পুনৰ হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ ৷ উন্নয়নৰ নামত আৰু চৰকাৰৰ দুমুখীয়া নীতিৰ বাবে দীপৰ বিলক মৃত্যুৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ ।

Mass protests demanding protection of Dipor bil

author img

By

Published : May 18, 2022, 1:08 PM IST

গুৱাহাটী, 18 এপ্ৰিল : দীপৰ বিল সুৰক্ষা মঞ্চই দীপৰ বিলৰ সুৰক্ষাৰ দাবীত মঙলবাৰে দীপৰ বিলৰ কাষত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(Mass protests demanding protection of Dipor bil) ৷ দীপৰ বিলৰ ওচৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন আৰু দীপৰ বিলৰ মাজেৰে দ্বৈত ৰেলপথ আৰু বৈদ্যুতিকৰণৰ বিৰোধিতা কৰি দীপৰ বিল সুৰক্ষা মঞ্চই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ দীপৰ বিল সুৰক্ষা মঞ্চৰ নেতৃত্বত হাজাৰ হাজাৰ স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশলৈ দীপৰ বিল সুৰক্ষা মঞ্চৰ প্ৰমোদ কলিতাই কয় যে, গুৱাহাটীৰ গাতে লাগি থকা বিশাল আর্দ্ৰভূমি দীপৰ বিল আজি ধ্বংসৰ গৰাহত । এসময়ৰ দীপৰ বিল আছিল প্ৰকৃতিৰ মনোৰমস্থলী ৷ ৰাণী সংৰক্ষিত বনাঞ্চলৰ হাতীৰ জলকেলি আৰু পৰিভ্ৰমী চৰাই বিচৰণে বিলখনৰ শোভা শতগুণ বৃদ্ধি কৰিছিল । চৌপাশৰ মাছমৰীয়া আৰু মাছ মাৰি ভালপোৱা লোকসকলৰ প্ৰাণকেন্দ্ৰ আছিল দীপৰ বিল ৷ কৃষিজীৱি লোকসকলৰ বাবে আছিল উৰ্বৰা ভূমি আৰু পশুপালক লোকসকলেও লাভ কৰিছিল পর্যাপ্ত পশু-খাদ্য ।

তেওঁ লগতে কয় যে, তথাকথিত উন্নয়নৰ দোহাই দি আৰু চৰকাৰৰ দুমুখীয়া নীতিৰ বাবে সম্প্ৰতি বিলক মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া হৈছে । ২০০৯ চনত দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰা হৈছিল যদিও বন্যপ্ৰাণীৰ ক্ষতি কৰা চৰকাৰী বিভাগৰ ক্ষেত্ৰত কোনো ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই । গুৱাহাটী পৌৰ নিগমে শেহতীয়াভাৱে দীপৰ বিলৰ ওচৰৰ বেলৰআলিত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে দীপৰ বিলৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে(Protest against Dumping Ground at Dipor Bil) ।

শেহতীয়াভাৱে ৰেল বিভাগে বন বিভাগৰ নিয়ম অমান্য কৰি গাৰ বলেৰে দীপৰ বিলৰ মাজেৰে দ্বৈত ৰেলপথৰ আৰু বৈদ্যুতিকৰণৰ কাম কৰাৰ চেষ্টা চলাই আছে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে চকু মুদা কুলিৰ ভাও জুৰি আছে বুলিও তেওঁ অভিযোগ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উপস্থিতত হৈ দীপৰ বিলৰ সুৰক্ষাৰ বিষয়টো চৰকাৰক দৃষ্টিগোচৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ শেষত দীপৰ বিল সুৰক্ষা মঞ্চৰ তৰফৰ পৰা দীপৰ বিলৰ সুৰক্ষাৰ লগতে বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : উচ্ছেদিত পৰিয়ালৰ সৈতে প্ৰতিবাদত বহিল অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.