ETV Bharat / state

Computer Teachers in Assam: চাকৰিক লৈ অনিশ্চয়তাত ৰাজ্যৰ সহস্ৰাধিক কম্পিউটাৰ শিক্ষক - ঠিকাভিত্তিক শিক্ষক

ৰাজ্যৰ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকৰ চুক্তিৰ ম্যাদ সমাপ্ত হ'ল ১০ ছেপ্টেম্বৰত। চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিচতো নির্বিকাৰ শিক্ষা বিভাগ। নৱীকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে কম্পিউটাৰ শিক্ষকসকল। কি হ'ব চাকৰিৰ ভৱিষ্যত।

Thousands of Computer Teachers in Assam
অনিশ্চয়তাত ৰাজ্যৰ হাজাৰ হাজাৰ কম্পিউটাৰ শিক্ষক
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 6:39 PM IST

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবেই কম্পিউটাৰ শিক্ষাৰ লগত জড়িত ৰাজ্যৰ সহস্ৰাধিক শিক্ষকৰ জীৱনলৈ নামি আহিছে ভাবুকি ৷ উল্লেখ্য যে ৰাজ্যত কম্পিউটাৰ শিক্ষাৰ নেতৃত্ব দি অহা কম্পিউটাৰ শিক্ষকসকলৰ চাকৰিৰ চুক্তিৰ ম্যাদ ইতিমধ্যে সমাপ্ত হৈছে ৷ ১০ ছেপ্টেম্বৰতে এইসকল ঠিকাভিত্তিক শিক্ষকৰ চুক্তিৰ ম্যাদ শেষ হৈছে যদিও এই পর্যন্ত অসম চৰকাৰৰ শিক্ষা বিভাগে চুক্তিৰ নৱীকৰণৰ কোনো ব্যৱস্থা কৰা নাই ৷ যাৰ ফলত এতিয়া ১,৩৪০ গৰাকী কম্পিউটাৰ শিক্ষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

এক কথাত আজিৰ তাৰিখত এই শিক্ষকসকল কৰ্মহীন ৷ যাক লৈ এই কম্পিউটাৰ শিক্ষকসকল উদ্বিগ্ন হৈ পৰিছে ৷ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে তেওঁলোকৰ বৃত্তিগত জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ এক অনিশ্চয়তাৰ মাজত জীৱন অতিবাহিত কৰিবলগা হৈছে এইসকল কম্পিউটাৰ শিক্ষকে ৷ লক্ষণীয় বিষয় যে অসম চৰকাৰে সকলো কাম-কাজ ডিজিটেলি কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৷ কিন্তু বাস্তৱায়িত কৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁঠনি নিৰ্মাণত গুৰুত্ব দিয়া নাই ৷ যাৰ অন্যতম উদাহৰণ কম্পিউটাৰ শিক্ষকসকলৰ প্ৰতি চৰকাৰখনৰ অবহেলিত মনোভাৱ ৷

ৰাজ্যত কম্পিউটাৰ শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰা এইসকল কম্পিউটাৰ শিক্ষকৰ প্ৰতি কৰা অবজ্ঞা-বঞ্চনাক লৈ ৰাজ্যজুৰি ব্যাপক ক্ষোভ আৰু প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে কম্পিউটাৰ শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণ কৰা, ৬০ বছৰলৈ চাকৰি সুৰক্ষিত কৰা, দৰমহা বৃদ্ধি কৰা আদি দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ ইয়াৰ মাজতে ১০ ছেপ্টেম্বৰত চুক্তিৰ ম্যাদ উকলি গ'ল যদিও চৰকাৰে ম্যাদ বৃদ্ধি কৰা নাই ৷ যাৰ ফলত এতিয়া দিকবিদিক হেৰুৱাইছে এইসকল কম্পিউটাৰ শিক্ষকে ৷

লক্ষণীয় বিষয় যে ২০০৪ চনতে ৰাজ্য চৰকাৰে 'ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা অভিযান' নামেৰে এক আঁচনি প্রাদেশীকৃত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত ৰূপায়ণ কৰিছিল ৷ এই অভিযানৰ অধীনত ছাত্র-ছাত্রীসকলে শিক্ষানুষ্ঠানত বিনামূলীয়া কম্পিউটাৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হয় ৷ ২০১৮ চনত আঁচনিখনৰ নাম সলনি কৰি ড° বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা আঁচনি নাম দিয়া হয় ৷ উল্লেখ্য যে পৰৱৰ্তী পৰ্যায়ত এই আঁচনিৰ অধীনত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত বিজ্ঞাপন প্ৰকাশ কৰি ১,৩৪৬ জনক শিক্ষানুষ্ঠানসমূহত কম্পিউটাৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হয় ৷ তেতিয়াৰ পৰা শিক্ষানুষ্ঠানসমূহত এইসকল শিক্ষকে কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে ৷

এই শিক্ষকসকলে পাঠদানৰ উপৰিও বিদ্যালয়ৰ কম্পিউটাৰ সম্পৰ্কীয় কাম, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ অনলাইন পঞ্জীয়ন, দশম শ্রেণীৰ অনলাইন আবেদন পত্র পূৰণ, শিক্ষকৰ বিল, ছাত্ৰ-ছাত্ৰীৰ জলপানি সম্পর্কীয় কাম, শিক্ষা সেতু, ইউ ডাইছ, মেট্ৰিকৰ উত্তৰ বহী মূল্যায়ন আদি বহু দায়িত্ব পালন কৰি আহিছে ৷ কিন্তু তথাপিও তেওঁলোক প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷ ২০১৭ চনৰ ২৮ ফেব্ৰুৱাৰীত কম্পিউটাৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল ৷

কিন্তু সেই সিদ্ধান্ত আজিলৈকে কার্যকৰী নহ'ল ৷ আনহাতে ২০২২ চনৰ শেষৰ ফালে চৰকাৰৰ নিৰ্দেশমৰ্মে শিক্ষা বিভাগে চাকৰিৰ কার্যকাল ৬০ বছৰলৈ বৃদ্ধিৰ এক ফাইল প্রস্তুত কৰিছিল ৷ কিন্তু অজ্ঞাত কাৰণত এই ফাইলৰ কামো আগনাবাঢ়িল ৷ সমস্যাৰ মাজত থকা এই শিক্ষকসকলৰ এতিয়া চাকৰিটোক লৈয়ে শংকাৰ সৃষ্টি হৈছে ৷ চাকৰি নিয়মীয়া হোৱাটো দূৰৈৰে কথা, এতিয়া ঠিকাভিত্তিক চাকৰিটোও হেৰুওৱাৰ উপক্ৰম হৈছে ৷

লগতে পঢ়ক: Amrit Brikhshya Andolan: 1 কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যত ‘‘অমৃত বৃক্ষ আন্দোলন’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.