ETV Bharat / state

Govt employees deprived of salary: ৰাজ্যৰ সহস্ৰাধিক চৰকাৰী কৰ্মচাৰীৰ বাবে কঙালী হ’ল ভোগালী

author img

By

Published : Jan 14, 2023, 8:30 PM IST

পাঁচ সহস্ৰাধিক পৌৰ নিকায় কৰ্মচাৰীয়ে মাহৰ পিচত মাহ ধৰি বঞ্চিত হৈ আছে দৰমহাৰ পৰা । উন্নয়ন প্ৰাধিকৰণৰ তিনি শতাধিক কৰ্মচাৰীয়েও লাভ কৰা নাই দৰমহা । বঞ্চিত হৈ আছে খাদী বৰ্ডৰ কৰ্মচাৰীও । উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ আনন্দৰ পৰা বঞ্চিত বহুজন । ৰাজ্যখনৰ পৌৰসভাভেদে পৌৰ কৰ্মচাৰীসকলে ছমাহৰ পৰা সুদীৰ্ঘ ৩৭ মাহপর্যন্ত লাভ কৰা নাই দৰমহা ।

Govt employees deprived of salary
ৰাজ্যৰ সহস্ৰাধিক চৰকাৰী কৰ্মচাৰীৰ বাবে কঙালী হ’ল ভোগালী

গুৱাহাটী,১৪ জানুৱাৰী: ৰাজ্যজুৰি ভোগৰ উৎসৱ ভোগালী বিহুৰ উখল-মাখল পৰিৱেশ(Bhugali Bihu celebration) । আজি মাঘ বিহুৰ উৰুকা উপলক্ষে ঘৰে ঘৰে ব্যস্ততা । স্বাভাৱিকতেই উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ আনন্দই সুকীয়া । কিন্তু আনন্দৰ এই পৰিৱেশৰ মাজতে হেজাৰ হেজাৰ কৰ্মচাৰীৰ বাবে ভোগালী যেন কঙালীত পৰিণত হৈছে । প্ৰাপ্য দৰমহাকেইটা লাভ নকৰাত এইসকল চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে ভোগালী কঙালীত পৰিণত হোৱাটো স্বাভাৱিক।

উল্লেখ যে এমাহ, দুমাহ নহয় একাংশ বিষয়া-কৰ্মচাৰীয়ে ৫ মাহ, কোনোৱে ৩৭ মাহ আৰু কোনোৱে ৭২ মাহপর্যন্ত লাভ কৰা নাই দৰমহা(Assam govt employees deprived of Salary) । বহুতেই ভোগালী বিহুৰ আগমুহূৰ্তত চৰকাৰে দৰমহাকেইটা মোকলাই দিব বুলি গভীৰ আশাৰে বাট চাই আছিল । কিন্তু শেষ মুহূর্ততো দৰমহা মুকলি নোহোৱাত এইসকল দুৰ্ভগীয়া বিষয়া-কৰ্মচাৰীৰ লগতে পৰিয়ালবৰ্গৰ মাজত জ্বলিছে ক্ষোভৰ জুই ।

পৰিতাপৰ বিষয় যে, দৰমহা লাভ কৰা নাই ৰাজ্যৰ পাঁচ সহস্ৰাধিক পৌৰ নিকায় কৰ্মচাৰীয়ে । ৰাজ্যখনৰ পৌৰসভাভেদে পৌৰ কৰ্মচাৰীসকলে ছমাহৰ পৰা সুদীৰ্ঘ ৩৭ মাহপর্যন্ত লাভ কৰা নাই দৰমহা(Assam government employees not received salary) । আনকি হেঁপাহৰ ভোগালীৰ সময়তো দৰমহাকেইটা লাভ নকৰাত ৰাজ্যৰ পাঁচ সহস্ৰাধিক পৌৰ নিকায় কৰ্মচাৰীৰ লগতে পৰিয়ালবৰ্গৰ মাজত তীব্ৰ ক্ষোভ, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি একাংশ কৰ্মচাৰীয়ে কয় যে, ‘‘বৰ্তমান অসমত ষষ্ঠ অনুসূচীকে ধৰি মুঠ ১০৩ খন পৌৰসভা আছে । এই পৌৰ কৰ্মচাৰীসকলে চহৰ অঞ্চলত বসবাস কৰা নাগৰিকসকলৰ জনস্বাস্থ্য জড়িত অত্যাৱশ্যকীয় সেৱাসমূহৰ উপৰি চহৰ-নগৰৰ বিভিন্ন উন্নয়নমূলক কামৰ লগতে স্বচ্ছ ভাৰত মিছন, প্ৰধানমন্ত্ৰী আবাস যোজনা আদিৰ সফল ৰূপায়ণৰ দায়িত্ব পালন কৰি আহিছে ।’’

কিন্তু অতি দুখজনক বিষয় যে, পৌৰ কৰ্মচাৰীসকলে আনকি মাহৰ শেষত নিজৰ প্ৰাপ্য দৰমহাখিনিও নিয়মীয়াকৈ লাভ নকৰে । পৌৰসভাভেদে বিগত ছমাহৰ পৰা ৩৭ মাহপর্যন্ত কৰ্মচাৰীসকলে দৰমহা পোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰি কৰ্মচাৰীসকলে কয় যে, ‘‘হেঁপাহৰ ভোগালী বিহুটি উদযাপন কৰিবলৈ হাতত নাই ধন’’ । অকল সেয়াই নহয় আৰ্থিক অনাটনে জুৰুলা কৰা দুৰ্ভগীয়া পৌৰ কৰ্মচাৰীসকলে নিজৰ ল'ৰা-ছোৱালীক স্কুল-কলেজলৈ পঠোৱা বন্ধ কৰি দিবলৈ বাধ্য হৈ পৰিছে ।

কৰ্মচাৰীসকলে জনোৱা মতে যোৱা নৱেম্বৰ মাহতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৯৮ কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ বিপৰীতে বিত্ত বিভাগে আজিকোপতি এই ধন মোকলাই নিদিলে । ফলত পাঁচ সহস্ৰাধিক কৰ্মচাৰীয়ে আজি চৰম দুৰ্যোগৰ মাজত দিন পাৰ কৰিবলগা হৈছে(Assam govt not paying salary) ।

ইফালে ৰাজ্যৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ তিনি শতাধিক কৰ্মচাৰীয়েও ৭২ মাহ পর্যন্ত লাভ কৰা নাই দৰমহা । এইসকল কৰ্মচাৰীয়েও এতিয়া ভোগালীৰ মহা আয়োজনৰ বিপৰীতে বেজাৰ মনেৰে থাকিবলগীয়া হৈছে । সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্যমঞ্চ, অসমৰ সভাপতি বাণীকান্ত বৰুৱাই কয় যে দৰমহা সময়মতে লাভ নকৰাত কৰ্মচাৰীসকলৰ লগতে পৰিয়ালবৰ্গই যথেষ্ট আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে ।

সন্তানৰ শিক্ষা-দীক্ষা, পিতৃ-মাতৃৰ ভৰণ-পোষণ দিয়াৰ লগতে বেমাৰ-আজাৰৰ চিকিৎসাও কৰিব পৰা নাই কৰ্মচাৰীসকলে । পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে কিছু কিছু কৰ্মচাৰীয়ে পেটৰ স্বাৰ্থত হাজিৰাভিত্তিত আন কামত ব্যস্ত হ'বলগা হৈছে । সেইদৰে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ আঢ়ৈ শতাধিক কৰ্মচাৰীয়েও পাঁচ মাহ ধৰি দৰমহা নোপোৱাত এতিয়া ক্ষোভৰ সৃষ্টি হৈছে ।

যি সময়ত খাদী সামগ্ৰী উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেই সময়তে চৰম দুৰ্যোগৰ মাজত জীয়াই আছে অসমৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ড । চৰকাৰৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি একাংশ কৰ্মচাৰীয়ে কয় যে গণতান্ত্ৰিক দেশ এখনত কাম কৰিও পইচা নোপোৱাটো স্বাভাৱিকতেই লজ্জাজনক । এনেদৰেই এতিয়া সময়মতে দৰমহাকেইটা নোপোৱাত হেজাৰ হেজাৰ কৰ্মচাৰীৰ বাবে ভোগালীৰ আনন্দ নিৰানন্দতহে পৰিণত হৈছে ।

লগতে পঢ়ক : Bhogali Bihu Uruka : উৰুকাৰ নিশা টীয়কৰ এখন গাঁৱত চালে চকু ৰোৱা দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.