ETV Bharat / state

Third Wave of Covid in Assam : ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়াৱহতা ৰাজ্যত - অসমত দৈনিক আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে ৷ স্বাস্থ্য বিভাগৰ খবৰ অনুসৰি প্ৰথম আৰু দ্বিতীয় ঢৌতকৈ অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে (Third wave of Covid in Assam) ।

Third Wave of Covid
ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়বহতা ৰাজ্যত
author img

By

Published : Jan 18, 2022, 4:52 PM IST

গুৱাহাটী, ১৮ জানুৱাৰী : 2020 চনৰে পৰা ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌত আক্ৰান্ত হৈছে যথেষ্ঠ সংখ্যক লোক । শেহতীয়াকৈ বিশ্বজুৰি আৰম্ভ হৈছে ক’ভিডৰ তৃতীয় ঢৌ । অসমত প্ৰথম আৰু দ্বিতীয় ঢৌতকৈ অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে (Third wave of Covid in Assam)।

ৰাজ্যত দৈনিক আক্ৰান্তৰ সংখ্যাই সোমবাৰৰ দিনটোত অভিলেখ সৃষ্টি কৰে । কেৱল সোমবাৰৰ দিনটোতে ৬,৯৮২ গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হয় । এই সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই কয় যে, ৰাজ্যত এতিয়া ক’ভিডৰ দ্ৰুত সংক্ৰমণ আৰম্ভ হৈছে ।

ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়বহতা ৰাজ্যত

এই দ্ৰুত সংক্ৰমণৰ সময়ত দৈনিক ১০ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ৷ তদুপৰি অধীক্ষক গৰাকীয়ে কয় যে, যোৱা দুটা ঢৌত দৈনিক প্ৰায় ৬,৫০০ লোক ক’ভিডত আক্ৰান্ত হৈছিল । কিন্তু সোমবাৰৰ দিনটোত ৬,৯৮২ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ।

সোমবাৰে ২৩৫ জন ক’ভিড আক্ৰান্ত লোকে GMCH ৰ পৰা অব্যাহতি লৈ হোম আইচ’লেছন লৈছে । বৰ্তমান ২৫০ জন ৰোগী GMCH ত আৰু ৫২ জন ৰোগী সৰুসজাইত চিকিৎসাধীন হৈ আছে । তদুপৰি ১২০০ খন বিচনা GMCH ত খালী ‍হৈ আছে । সৰুসজাই হাস্পতাল, কালাপাহাৰ হাস্পতাল আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল এতিয়াও খালী হৈ আছে ।

অন্য ৰোগত আক্ৰান্ত হৈ নাইবা দুৰ্ঘটনাগ্ৰস্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱা লোকৰহে ক’ভিডত মৃত্যু বেছি হৈছে । এইসমূহ লোকৰ ভিতৰত কিছু লোকৰ পৰীক্ষা কৰাত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ সেইকাৰণে ক’ভিডত মৃত্যু হোৱা বুলি ধৰা হৈছে ।

আনহাতে, বৰ্তমান ৯ জন শিশু GMCH ৰ শিশু ICU ত চিকিৎসাধীন হৈ আছে । জনসাধাৰণ সজাগ নোহোৱা সম্পৰ্কত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মাই কয় যে, গুৱাহাটীত ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই । মাস্ক পিন্ধা ৬০ শতাংশৰ ২০ শতাংশই নাকৰ তলত মাস্ক পিন্ধিছে । জনসমাগম হোৱা স্থানত বেছিভাগ মানুহে সতৰ্কতা মানি চলা নাই । যাৰ ফলত গুৱাহাটী উত্তৰ পূৱৰ কেন্দ্ৰস্থলী হোৱাৰ বাবে ক’ভিড আক্ৰান্তৰ সংখ্যা গুৱাহাটীত বৃদ্ধি পাইছে ।

জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই বিশেষকৈ বৃদ্ধ আৰু শিশুসকলক ঘৰত থাকিবলৈ আহ্বান জনায় । জ্বৰ নহ'লেও যদি পেটৰ বিষ, দুৰ্বলতাৰ লক্ষণ দেখা পায়, তেনেহ'লে চিকিৎসালয়লৈ আহিবলৈ আহ্বান জনায় । এতিয়া ক’ভিডত আক্ৰান্ত হ’লেও জ্বৰ নহ'ব পাৰে বুলি মন্তব্য কৰে অভিজিৎ শৰ্মাই ।

আনহাতে, বিধায়ক অখিল গগৈ স্বাস্থ্যৰ ‍অৱস্থা বৰ্তমান সুস্থিৰ থকাৰ লগতে তেওঁ হোম আইচ’লেছনতে থকা বুলি জানিবলৈ দিয়ে জি এম চি এইচৰ অধীক্ষক গৰাকীয়ে (Akhil Gogoi and family members tested Covid positive) ৷

লগতে পঢ়ক: ধঁপাত সেৱনে বৃদ্ধি কৰে কৰ’ণাত আক্ৰান্তৰ সম্ভাৱনা : সমীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.