গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : মহানগৰীৰ চন্দ্ৰপুৰৰ এটা মৃত প্ৰায় উদ্যোগ অসম ৰাজ্যিক সাৰ আৰু ৰাসায়নিক প্ৰকল্পত শনিবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এক চুৰি কাণ্ড । পুৱতি নিশা দুই চোৰে উদ্যোগটোৰ ভিতৰত প্ৰৱেশ কৰিলে ঠিকেই কিন্তু চোৰৰ দিন বেয়া আছিল । পূৰ্বৰ পৰা খাপ পিটি চোৰৰ গতি বিধি লক্ষ্য কৰি থকা স্থানীয় একাংশ লোকে দুই চোৰে ক’পাৰ চুৰি কৰি থকা অৱস্থাতে হাটে-লোটে ধৰিবলৈ সক্ষম হয় ।
পিছত চোৰক ঔকিল শোধাই ৰাইজে গতাই দিয়ে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত । আৰক্ষীয়ে আটক কৰা ধৃত চোৰ দুটা হৈছে কামৰূপ জিলাৰ হাজোৰ নুৰ মহম্মদ (৩৫) আৰু নগাঁৱৰ দুলাল মিঞা । ইফালে প্ৰকল্পটোৰ কৰ্তৃপক্ষই তৰফৰ পৰা জানিব পৰা মতে, চোৰ কেইটাই মূলত কাৰখানাটোত থকা বিদ্যুৎ পৰিবাহী কপাৰ সমূহ চোৰ কৰিবৰ বাবে আহিছিল ।
কিয়নো কাৰখানাটোত থকা লোহাৰ সামগ্ৰী নতুবা উদ্যোগটোত থকা অন্যান্য মূল্যবান সামগ্ৰী চোৰে লুট কৰি নিয়া নাই বা নিবলৈ চেষ্টা কৰা নাই । কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, ইয়াৰ পূৰ্বেও কেইবাবাৰো চুৰি কাণ্ড সংঘটিত হৈছিল কাৰখানাটোত । এই সন্দৰ্ভত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছিল কৰ্তৃপক্ষই ।
উল্লেখ্য যে, ইয়াৰ দুদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে নিশাও একেটা প্ৰকল্পতে চুৰি কাৰ্য্য সংঘটিত হৈছিল আৰু সেইদিনাও ৰাইজে নিজকে ধুবুৰীৰ বুলি চিনাকি দিয়া কপাৰ চুৰি কৰা চোৰ এটাক আটক কৰি আৰক্ষীক গতাই দিছিল । কিন্তু, পুনৰ শনিবাৰে পুৱতি নিশা একেটা প্ৰকল্পত একেটা কাণ্ড সংঘটিত হোৱাত চোৰৰ কোনো বৃহৎ এটি দল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ।
লক্ষ্যণীয় কথা যে, কাৰখানাটোত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ থকাৰ পিছতো কৰ্তৃপক্ষই কাৰখানাটোত নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কৃপণালি কৰাৰো অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি, প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাই চুৰি কাণ্ডৰ ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৮০ ধৰাত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ২৯০/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত পক্ৰিয়া অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : অসমৰ যুৱতীক অন্তঃসত্বা কৰি পলাই গ’ল বিকি বাক্কাৰ খান