গুৱাহাটী,29 নৱেম্বৰ : শনিবাৰে গুৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে এটা দুৰ্ধৰ্ষ চোৰক । জানিব পৰা মতে, মহানগৰীৰ পাণ্ডুস্থিত ৰবীন্দ্ৰ বিদ্যাপীঠ বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত কৰিবলৈ প্ৰৱেশ কৰিছিল এটা চোৰৰ দল । বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি থকা সময়তেই নিৰাপত্তাৰক্ষীয়ে প্ৰত্যক্ষ কৰে চোৰৰ দলটোক । নিৰাপত্তাৰক্ষীয়ে চোৰকেইটাক ধৰিবলৈ খেদি যোৱাত পলায়ন কৰে দলটো । কিন্তু বিদ্য়ালয়ৰ গেটৰ পৰা নগেন বৰ্মন নামৰ দুৰ্ধৰ্ষ চোৰটোক আটক কৰে নিৰাপত্তাৰক্ষীয়ে ৷
ধৃত চোৰটোক জালুকবাৰী আৰক্ষী থানাত গতাই দিয়াৰ পাচত বহু পৰিমাণৰ লোৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷ বৰ্তমান বিদ্যালয় কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে জালুকবাৰী আৰক্ষীয়ে । ইয়াৰ পূৰ্বেও ধৃত চোৰ নগেন বৰ্মনে বহু চুৰিকাণ্ড সংঘটিত কৰি আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহৰা নাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি