গুৱাহাটী, 10 নৱেম্বৰঃ জালুকবাৰী আৰক্ষীৰ জালত চুৰি বাইকসহ এটা দুৰ্ধৰ্ষ চোৰ। নিশা সুন্দৰবড়ী অঞ্চলত জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথৰ নেতৃত্বত চলোৱা এক অভিযানত চোৰটোক গ্ৰেপ্তাৰ কৰে। ধৃত বাইক চোৰটো বিজয়নগৰৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে চোৰটোৰ পৰা এখন নম্বৰপ্লেট বিহীন পালছাৰ ২২০ বাইক, এটা মোবাইল ফোন, আৰু গাড়ী চুৰিত ব্যৱহৃত বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ সংঘটিত হোৱা বাইক চুৰিকাণ্ডত ধৃত চোৰটো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে জালুকবাৰী আৰক্ষীয়ে। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে।
লগতে পঢ়কঃ ডিকমৰ মটক বাগিছাত অব্যাহত উত্তেজনা: গাঁত খান্দি উলিয়ালে সৎকাৰ কৰা শিশুক