ETV Bharat / state

আশাভংগ ! মাৰ্ঘেৰিটাত স্থাপন নহ’ব তাপ বিদ্যুৎ প্ৰকল্প - Thermal power plant not to set up in Margherita

মাৰ্ঘেৰিটাত স্থাপন নহয় তাপ বিদ্যুৎ প্ৰকল্প (Thermal power plant not to set up in Margherita) ৷ কিয়নো কয়লাৰ নাটনি হৈছে অসমত (Coal shortage in Assam) ৷ দেশৰ শক্তি মন্ত্ৰনালয়ে জাৰি কৰিছে এই তথ্য ৷

Margherita Thermal Power Project
আশাভংগ মাৰ্ঘেৰিটাবাসীৰ
author img

By

Published : Feb 18, 2022, 6:06 PM IST

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী : অৱশেষত নিশ্চিত হ'ল, উজনি অসমৰ মাৰ্ঘেৰিটাত স্থাপন হ’ব বুলি সেই অঞ্চলৰ ৰাইজে আশা পালি থকা তাপ বিদ্যুৎ প্ৰকল্পটো স্থাপন নহয় (Thermal power plant not to set up in Margherita) । কাৰণ- কয়লাৰ নাটনি । বিগত তৰুণ গগৈ চৰকাৰৰ সময়তে সিদ্ধান্ত লোৱা হৈছিল যে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এটা বৃহৎ কয়লাভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰা হ’ব ।

প্ৰথমে এই প্ৰকল্পটো ১২০০ মেগাৱাটৰ হ’ব বুলি ঘোষণা কৰা হৈছিল ৷ স্বাভাৱিকতে এই ঘোষণাত উৎফুল্লিত হৈ পৰিছিল জিলাখনৰ ৰাইজ । কিয়নো এনে এটা প্ৰকল্প সেই ঠাইত স্থাপন হ'লে স্থানীয়ভাৱে নিয়োগৰো বহু সম্ভাৱনা থাকিব । বিগত ২০০৮ চনত এই প্ৰকল্পটো নিৰ্মাণৰ বাবে প্ৰাথমিক কামকাজো আৰম্ভ কৰা হৈছিল ।

সেই সময়ৰ গগৈ চৰকাৰে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত লেখাপানীৰ শালেকী গাঁৱত ৬৬৭ একৰ মাটি অধিগ্ৰহণো কৰিছিল এই বিশাল প্ৰকল্পৰ বাবে ।

২০১৬ চনত অসমত কংগ্ৰেছ চৰকাৰৰ পতন হ'ল । গঠন হ'ল বিজেপি চৰকাৰ । মুখ্যমন্ত্ৰীৰ আসনত বহিল সৰ্বানন্দ সোণোৱাল । সোণোৱালে আৰু এখোপ ওপৰলৈ গৈ ঘোষণা কৰিলে যে নহয়, মাৰ্ঘেৰিটাৰ এই তাপ বিদ্যুৎ প্ৰকল্প আৰু অধিক শক্তিশালী হ’ব ।

লগতে পঢ়ক : Water Supply Project: মহানগৰীত ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংসৰ গৰাহত

১২০০ ৰ পৰিৱৰ্তে ১৬০০ মেগাৱাটৰ কৰা হ’ব এই প্ৰকল্প । কেৱল ঘোষণাই নহয়, নীপক' আৰু অসম শক্তি উৎপাদন নিগমৰ যৌথ উদ্যোগত প্ৰকল্পটোৰ কাম সোণোৱাল চৰকাৰে ভালেখিনি আগবঢ়ায়ো নিছিল । এই প্ৰকল্পৰ বাবে বছৰি ৩৫ লাখ টন কয়লাৰ প্ৰয়োজন আছিল আৰু সেই কয়লাৰ কোনো অভাৱ নাছিল অসমত ।

তথাপিও ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় কয়লাৰ বাবে কয়লা মন্ত্ৰনালয়ৰ পৰা অনুমতিও বিচৰা হৈছিল । আনহাতে, ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ শক্তি নিগম (NTPC) ক বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন (DPR) প্ৰস্তুত কৰিবলৈও দায়িত্ব অৰ্পণ কৰা হৈছিল ১০ হাজাৰ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোৰ । ইমানখিনিলৈকে আগবঢ়াৰ পিছতো এতিয়া মাৰ্ঘেৰিটাত আৰু কেতিয়াও স্থাপন নহ’ব এই তাপ বিদ্যুৎ প্ৰকল্প ।

কিয়নো, ইতিমধ্যে দেশৰ শক্তি মন্ত্ৰনালয়ে গঠন কৰি দিয়া এখন বিশেষজ্ঞ সমিতিয়ে ভাৰতবৰ্ষৰ ক'তোৱেই আৰু নতুনকৈ তাপ বিদ্যুৎ প্ৰকল্প স্থাপন নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছে । কয়লাভিত্তিক তাপ বিদ্যুৎ প্ৰকল্পৰ পৰিৱৰ্তে জলবিদ্যুৎ প্ৰকল্পহে নিৰ্মাণৰ বাবে সেই বিশেষজ্ঞ সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে । কেন্দ্ৰীয় শক্তি মন্ত্ৰনালয়ে ইতিমধ্যে বিশেষজ্ঞ সমিতিৰ সেই পৰামৰ্শ গ্ৰহণ কৰিছে । যাৰ ফলস্বৰূপে মাৰ্ঘেৰিটাৰ সেই বৃহৎ প্ৰকল্প যে হৈ নুঠে সেয়া নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক : অৰুণাচলত সাজু আৰু ছটাকৈ বৃহৎ ‘জলবোমা’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.