ETV Bharat / state

Union Budget reactions: উত্তৰ-পূবৰ বাবে বিশেষ একো নাই কেন্দ্ৰীয় বাজেটত: অজিত ভূঞা

author img

By

Published : Feb 1, 2023, 9:18 PM IST

কেন্দ্ৰীয় চৰকাৰৰ 2023-24 বৰ্ষৰ বিত্তীয় বাজেটক শাসনাধিষ্ঠিত বিজেপি দলে জনমুখী বুলি দাবী কৰাৰ বিপৰীতে বিৰোধীয়ে ইয়াক নিৰ্বাচনমুখী বুলি আখ্যা দিছে ৷ বহু কেইগৰাকী ৰাষ্ট্ৰীয় বিৰোধী নেতাৰ লগতে অসমৰো কেইবাগৰাকীও নেতাই কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এই বাজেটখনক কৃষক আৰু শ্ৰমিক বিৰোধী বাজেট আখ্যা দিছে (Union Budget 2023) ৷

Union Budget 2023
কেন্দ্ৰীয় চৰকাৰৰ 2023-24 বৰ্ষৰ বিত্তীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী: ‘‘বাজেট সদায় আহে আৰু সাধাৰণ জনতাৰ বাবে বুলি কোৱা হয় যদিও, সাধাৰণ মানুহ কিন্তু একে স্থানতে ৰৈ যায় ৷ এইবাৰৰ বাজেটত বহু ডাঙৰ ডাঙৰ কথা কোৱা হৈছে যদিও সেয়া কেৱল শব্দ ৷ বাস্তৱত বিশ্লেষণ কৰি চালে তাত একোৱেই নাই ৷ সকলোকে সামৰি এই বাজেট প্ৰস্তুত কৰা বুলি কোৱা হৈছে যদিও কেৱল ধনিক শ্ৰেণীৰহে স্বাৰ্থ ৰক্ষা কৰা হৈছে এই বাজেটত’’ ৷ বুধবাৰে সংসদত উত্থাপিত 2023-24 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই (MP Ajit Bhuyan reacts on Union Budget) ৷

তেওঁ লগতে কয়, ‘‘2024 চনৰ লোকসভা নিৰ্বাচনক আগত ৰাখি মধ্যবিত্ত শ্ৰেণীক সন্তুষ্ট কৰাৰ চেষ্টা কৰা হৈছে বাজেটত ৷ চৰকাৰৰ অৰ্থনৈতিক নীতিক লৈ যি ৰাজনীতি থাকে সেয়া বাজেটত প্ৰতিফলিত হৈছে ৷ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতি কেৱল পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰা’’ (Union Budget 2023) ৷

লগতে পঢ়ক: Union budget reactions: দৰিদ্ৰৰ বাবে সুবিধাবিহীন কেন্দ্ৰীয় বাজেট নিৰ্বাচনী ভাষণ মাথোঁ: খাৰ্গে

‘‘উত্তৰ-পূবৰ সন্দৰ্ভত বহু ডাঙৰ ডাঙৰ কথা কোৱা হয় যদিও ফলাফল শূন্য ৷ উত্তৰ-পূব সন্দৰ্ভত কোনো স্পষ্ট পুঁজি নিৰ্ধাৰণ কৰা হোৱা নাই বাজেটত ৷ নিবনুৱা সমস্যা সন্দৰ্ভতো স্পষ্ট ব্লুপ্ৰিন্ট নাই ৷ কেৱল উত্তৰ-পূবৰ সম্পদ আহৰণ কৰাটোৱেই হৈছে চৰকাৰৰ নীতি ৷ এইখন বাজেটৰ পৰা আশা কৰিবলৈ একো বিশেষ নাই ৷ এই বাজেটখন সম্পূৰ্ণ কৃষক তথা শ্ৰমিক বিৰোধী বাজেট’’ সাংসদ ভূঞাই কয় (Package to NE in Union budget) ৷

তেওঁ লগতে কয়, ‘‘গোটেই চৰকাৰখন এতিয়া ঋণৰ ওপৰত চলি আছে ৷ অসম চৰকাৰ হওক, ভাৰত চৰকাৰ হওক ধাৰত পোত গৈ আছে ৷ বিশ্ব বেংক, আই এন এছ এইবোৰৰ স্বৰ্ত পূৰণ কৰোঁতেই চৰকাৰৰ অৱস্থা কাহিল হৈছে ৷ এই কথাবোৰ লুকুৱাই এখন ছবি তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে ৷ অত্যন্ত চতুৰভাৱে 2024 ৰ নিৰ্বাচনক আগত ৰাখি এখন বাজেট প্ৰস্তুত কৰিছে চৰকাৰে আৰু ইয়াৰ পৰা সাধাৰণ মানুহৰ কোনো লাভ নহয়’’ (Union Budget 23 Highlights) ৷

উল্লেখ্য যে, বুধবাৰে সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা 2023-24 বৰ্ষৰ বিত্তীয় বাজেটখন হৈছে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট ৷ বাজেটত আন্তঃগাঁঠনি উন্নয়ন, ৰেলৱে’, কৃষি, স্বাস্থ্য আদিৰ ক্ষেত্ৰত পুঁজি নিৰ্ধাৰণ কৰা হৈছে যদিও বিৰোধী দলসমূহে সেয়া কেৱল নিৰ্বাচনী চমক দিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰিছে ৷

লগতে পঢ়ক: Union Budget reaction: কেন্দ্ৰীয় বাজেটক ৰাহু, শনি আৰু কেতুকালৰ বাজেট আখ্যা ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.