গুৱাহাটী,4 মাৰ্চঃ বস্তি অঞ্চল বুলি ক'লে আমাৰ দৃষ্টিলৈ আহে কান্ধত বস্তা লৈ পদপথত পেলনীয়া সামগ্ৰী বুটলি ফুৰা কিছুমান কিশোৰ-কিশোৰীৰ দৃশ্য। আজিৰ বস্তি অঞ্চলৰ শিশু যাতে ভৱিষ্যতে কান্ধত পেলনীয়া সামগ্ৰীৰ বস্তা ল'ব লগা নহয় এই মহান উদ্দেশ্যৰে বস্তি অঞ্চলৰ শিশু সকলৰ হাতত এগৰাকী মহিলাই তুলি দিছে কিতাপৰ বেগ। দৰিদ্ৰতাৰ বাবে সপোন থানবান হোৱা ৰেহেনা বেগমে বাট দেখুৱাইছে বস্তি অঞ্চলৰ একাংশ শিশুক ৷
আজিৰ পৰা দহ বছৰ পূৰ্বে শিক্ষাৰ পোহৰে ঢুকি নোপোৱা হাফিজ নগৰলৈ বিয়া হৈ আহিছিল নলবাৰীৰ এইগৰাকী ৰেহেনা বেগম। পিতৃৰ বিয়োগৰ পিছত মাতৃয়ে নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ৰেহেনাক বিয়া দিবলৈ বাধ্য হৈছিল দৰিদ্ৰতাৰ বাবে। কিন্তু ভৱিষ্যতে এগৰাকী শিক্ষাক হোৱাৰ সপোন দেখা ৰেহেনাৰ সপোনৰ অপমৃত্যু হয় বিয়াৰ লগে লগে। হাফিজ নগৰলৈ বিয়া হৈ অহা ৰেহনাই লাহে লাহে উপলব্ধি কৰিবলৈ ধৰিলে যে এই বস্তি অঞ্চলটো সম্পূৰ্ণৰূপে ডুব গৈ আছে অন্ধকাৰত । অঞ্চলটোৰ শিশু সকল ক্ৰমান্বয়ে এক লক্ষ্যহীন ভৱিষ্যতৰ দিশে গতি কৰিছে। তাৰ পিচতে মুকলি আকাশৰ তলত ৰেহনাই আৰম্ভ কৰিলে এই বস্তি অঞ্চলৰ শিশু সকলৰ পাঠদান।
ৰেহেনাৰ মুকলি আকাশৰ তলত থকা এই বিদ্যালয়ক চাৰি বেৰৰ মাজলৈ লৈ আহে "উৎসাহ" নামৰ এটা বেচৰকাৰী সন্থাই। উৎসাহ ২০১১ চনত নিৰ্মাণ কৰি দিয়া এই চাৰি বেৰৰ বিদ্যালয়খনৰ পৰা ৰেহেনা বেগমে প্ৰদান কৰা শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰি বৰ্তমানলৈক কেইবাশতাধিক ছাত্ৰ-ছাত্ৰী অন্যান্য চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে। প্ৰায় ৪৫ বছৰ পূৰ্বে বামুনীমৈদাম ৰেল লাইনৰ কাষত গঢ় লৈ উঠা এই বস্তিত বৰ্তমানেও ৰেহেনাই প্ৰতিদিনে পুৱাৰ ভাগত ঘৰে ঘৰে গৈ শিশু সকলক বিদ্যালয়লৈ আনি পাঠদান কৰে।এটুকুৰা ভগা সপোন লৈ জীৱন যুজত সংগ্ৰাম কৰা ৰেহেনাই প্ৰতিদিনে এইসকল ছাত্ৰ ছাত্ৰীক লৈ ৰচিছে সোনালী সপোন ৷ এফালে যদি শিক্ষক হোৱাৰ হতাশা আনফালে সূৰ্যোদয়ৰ আশাত যুঁজি যোৱা এগৰাকী সংগ্ৰামীৰ ৰূপত বিৰামহীন চেষ্টা ৷
বিদ্যালয় সমূহত স্মাৰ্ট ক্লাছ আৰু ই ক্লাছে ঠাই লোৱাৰ সময়ত ৰেল লাইনৰ কাষত থকা ৰেহেনাৰ এই বিদ্যালয়লৈ আহিলে অনুভৱ কৰিব পাৰিব বাস্তৱৰ প্ৰতিচ্ছবিখন ৷ য'ত ৰেহেনাৰ সপোনবোৰ একলা দুকলাকৈ গজি উঠিছে ৷ আন্ধাৰ বিনাশী পোহৰে প্ৰৱেশ কৰিছে ৷
লগতে চাওকঃ