ETV Bharat / state

আটলান্টিক মহাসাগৰৰ পৰা মঞ্চলৈ টাইটানিক অনা মানুহজন

author img

By

Published : Mar 23, 2020, 8:20 PM IST

Updated : Mar 24, 2020, 3:15 PM IST

নুৰুদ্দিন আহমেদ ৷ এটা নামেই নহয় মাথো, এটা প্ৰতিষ্ঠান,যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল বিশ্বৰ ইতিহাসত আটাইতকৈ কৰুণ ঘটনা ৰূপে পৰিচিত টাইটানিকৰ কালজয়ী দৃশ্য ৷ তেখেতৰ কাৰিকৰী কৌশলৰ ফলত ভ্ৰাম্যমাণৰ মঞ্চত ভাসমান হ'ল বৃহদাকাৰ টাইটানিক ৷ টাইটানিকক সুন্দৰ কাৰিকৰী কৌশলেৰে কহিনুৰ থিয়েটাৰৰ মঞ্চত উপস্থাপন কৰাৰ আঁৰতে আছিল বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ ৷

মঞ্চলৈ টাইটানিক অনা মানুহজন
মঞ্চলৈ টাইটানিক অনা মানুহজন

গুৱাহাটী 23 মাৰ্চঃ ১৯১২ চনৰ ১০ এপ্ৰিল,বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খোদিত হৈছিল এটা বিশ্ব অভিলেখ ৷ ২,২২৪ জন যাত্ৰী আৰু কৰ্মচাৰী কঢ়িয়াই প্ৰথমবাৰৰ বাবে লণ্ডনৰ চাউথএম্পটন চহৰ এৰিছিল বিশ্বৰ আটাইতকৈ বৃহৎ আৰু বিলাসী জাহাজখনে ৷ বিপুল হৰ্ষধ্বনিৰ মাজেৰে যাত্ৰা আৰম্ভ কৰা টাইটানিক নামৰ জাহাজখনৰ সেয়াই আছিল প্ৰথম আৰু অন্তিম যাত্ৰা ৷ যাত্ৰাৰ 4 দিন পিচতে অৰ্থাৎ ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে এক দুৰ্ঘটনাত পতিত হৈ উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল আধুনিক বিজ্ঞানৰ অহংকাৰ স্বৰূপ আৰ এম এছ টাইটানিক

THE UNSUNG HERO NURUDDIN AHMED VETERAN ART DIRECTOR OF ASSAM
কলাক্ষেত্ৰত থকা ম'হ যুঁজৰ এটা স্মাৰক, নিৰ্মাতা-নুৰুদ্দিন আহমেদ

ইয়াৰ পিচতে বিশ্বত এই টাইটানিকক লৈ সৃষ্টি হৈছিল নানান কাহিনী, গ্ৰন্থ আৰু চলচ্চিত্ৰ ৷ প্ৰখ্যাত ছবি পৰিচালক জেমছ কেমেৰুণে নিৰ্মাণ কৰিছিল টাইটানিক চিনেমা ৷ বিশ্বজুৰি বন্দিত হৈছিল জেমছ কেমেৰুণৰ টাইটাইনিক চলচ্চিত্ৰ ৷ পিছ পৰি ৰোৱা নাছিল অসমো ৷ উত্তৰ আটলান্টিক মহাসাগৰৰ বুকুৰ পৰা 6 টা দশকৰ পিচত টাইটানিক লৈ অহা হৈছিল অসমলৈ ৷ অসমৰ এজন জেমছ কেমেৰুণ, যাৰ হাতৰ পৰশত ভ্ৰাম্যমাণৰ মঞ্চত চলিছিল আৰ এম এছ টাইটানিক ৷

নুৰুদ্দিন আহমেদে নিৰ্মাণত কৰা বৃহদাকায় গণেশৰ মূৰ্তি
নুৰুদ্দিন আহমেদ
শিল্পকলাত ব্যস্ত নুৰুদ্দিন আহমেদ

ভ্ৰাম্যমাণৰ মঞ্চত দেখুওৱা হৈছিল টাইটানিক ডুব যোৱাৰ সেই ভয়ানক দৃশ্য ৷ সুন্দৰ উপস্থাপন শৈলীৰে ব্যাপক সমাদৰ লাভ কৰিছিল টাইটাইনিকে ৷ নলবাৰী জিলাৰ এখন ভিতৰুৱা গাঁও হাতিকুচিত জন্ম লাভ কৰা কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ বিগত ৪০ বছৰে কৰি আহিছে বহু সৃষ্টিশীল কাম ৷ ভ্ৰাম্যমাণৰ মঞ্চত ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ সমুদ্ৰ মন্থনৰ পৰা টাইটানিকলৈ, স্বাধীনতা দিৱসৰ প্ৰতীকপটৰ পৰা, মানৱ মূৰ্তি নিৰ্মাণ কৰা, 105 ফুট উচ্চতাৰ সুবিশাল দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা আৰঁত এইগৰাকী ব্যক্তিৰ অৱদান আছে ৷ বহুতেই হয়তো নাজানে 2001 চনৰ পৰা ২০০৩ চনলৈকে ক্ৰমাগতভাৱে দিল্লীত গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট উপস্থাপন কৰিছিল তেওঁৰ নেতৃত্বতে ৷ 2003 চনৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পট নিৰ্মাণৰ বাবে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল নুৰুদ্দিন আহমেদে

কি নিৰ্মাণ কৰা নাই নুৰুদ্দিন আহমেদে ৷ নাটকৰ চেটিংছৰ পৰা বিশিষ্ট ব্যক্তিৰ পূৰ্ণাংগ মূৰ্তি নিৰ্মাণ কৰা, ধ্ৰুপদী শিল্পৰ সাধনা,ঐতিহাসিক স্মাৰক নিৰ্মাণ কৰা সকলো তেখেতৰ হাতৰ পৰশত প্ৰাণ পাই আহিছে ৷ সৰুৰে পৰা শিল্পকলাৰ সাধনা কৰা নুৰুদ্দিন আহমেদে ২০০৫ চনত নাটকৰ মঞ্চ চেটিংচৰ বাবে লাভ কৰিছিল কমল লাল মেমৰিয়েল বঁটা ৷ শিল্প আৰু কলাৰ জগতখনক বিগত ৪০ বছৰ ধৰি প্ৰদান কৰি অহা অৱদানৰ বাবে এইগৰাকী শিল্পীলৈ ২০১৭ চনত প্ৰদান কৰা হয় সংগীত নাটক অকাডেমী বঁটা

নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰা স্বাধীনতা দিৱসৰ প্ৰতীকপট
নুৰুদ্দিন আহমেদৰ হাতৰ পৰশত প্ৰাণ পাই উঠা স্বাধীনতা দিৱসৰ প্ৰতীকপট

এই পৰ্যন্ত ১০০ খনতকৈ অধিক ছবিত কলা নিৰ্দেশক হিচাপে কাম কৰা নুৰুদ্দিন আহমেদ বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰ,ছবি জগতৰ লগতে শিল্প সৃষ্টিৰ বিভিন্ন কৰ্মৰ লগত জড়িত হৈ আছে। নুৰুদ্দিন আহমেদে জন্ম দিয়া ৰাজদ্বীপ ষ্টুডিওৰ মাধ্যমেৰে ৰাজ্যখনে লাভ কৰিছে কেইবাগৰাকীও ভাস্কৰ্য শিল্পী। শিল্প কলাৰ লগত জড়িত এইগৰাকী নুৰুদ্দিন আহমেদৰ শিল্প কলাই বিদেশ চুইছেগৈ ৷

লগতে চাওকঃ টকিঅ’ অলিম্পিক 2020 স্থগিত ৰখাৰ বাবে আলোচনা

Last Updated : Mar 24, 2020, 3:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.