ETV Bharat / state

অৱনমিত বিধানসভাৰ মৰ্যাদা : অধ্যক্ষ-বিধায়কৰ ভূমিকাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

author img

By

Published : Jul 14, 2021, 9:35 PM IST

অসম বিধানসভাৰ মজিয়াত নতুন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু একাংশ বিধায়কৰ বক্তব্য আৰু আচৰণে সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰশ্ন উঠিছে যে জনজীৱনৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ দকৈ আলোচনা কৰি‌ তাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবেহে বিধানসভাৰ অধিবেশন । কিন্তু এতিয়া চলিছে কি !

assembly
অৱনমিত বিধানসভাৰ মৰ্যাদা

গুৱাহাটী, ১৪ জুলাই : ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) চৰকাৰৰ আমোলৰ প্ৰথমখন বাজেট অধিবেশনকলৈ (Budget Session) অসমবাসীয়ে বহুত আশা কৰিছে যদিও সেই আশাও যেন এতিয়া নিৰ্বাপিত হোৱাৰ দিশত । যোৱা ১২ জুলাইৰ পৰা আৰম্ভ হোৱা ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন বাজেট অধিবেশনৰ প্ৰথম দিনাৰ পৰাই সভাৰ কাৰ্য ধাৰাক লৈ শাসক-বিৰোধী আৰু অধ্যক্ষৰ ভূমিকাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল । বিধানসভাৰ মজিয়াত বিৰোধীয়ে মূল্যবৃদ্ধিৰ বিষয়টো বিশেষভাৱে আলোচনা কৰা প্ৰসংগক অধ্যক্ষ আৰু শাসক পক্ষই এৰাই চলাত এই অধিবেশনৰ প্ৰথম দিনাই বিৰোধীয়ে সদন ত্যাগ কৰে আৰু তাৰ পৰাই আৰম্ভ হয় সংঘাত । বিৰোধীৰ সদন ত্যাগ কোনো নতুন কথা নহয় যদিও এইবাৰৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই বিৰোধীৰ সদন ত্যাগ আছিল লক্ষণীয় ।

অসমৰ প্ৰথমখন বিধানসভাৰ অধিবেশন আৰম্ভ হৈছিল ১৯৩৭ চনৰ ৭ এপ্ৰিলত, শ্বিলঙত । তেতিয়াৰ পৰাই অসম বিধানসভাৰ (Assam Legislative Assembly) মৰ্যাদা ৰক্ষাৰ বাবে প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে সচেতনতা অৱলম্বন কৰি আহিছে । বিধানসভাৰ মজিয়া যে ৰাইজৰ সমস্যা আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰাৰহে স্থান সেই কথাক আগস্থান দি অহা হৈছে ।

assembly
অৱনমিত বিধানসভাৰ মৰ্যাদা

কিন্তু এইবাৰৰ বাজেট অধিবেশনত অধ্যক্ষ(speaker of Assam Legislative Assembly) বিশ্বজিৎ দৈমাৰীয়ে বিৰোধীৰ বিধায়ক অখিল গগৈকে (Akhil Gogoi) ধৰি আন বিধায়কসকলক বক্তব্য উপস্থাপন কৰাৰ ক্ষেত্ৰত নেতিবাচক ভূমিকা লোৱাৰ অভিযোগে সদনৰ মৰ্যাদা অৱনমিত কৰা বুলি সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে । এই কথাই সৰ্বসাধাৰণ ৰাইজৰ মাজত চৰ্চা লাভ কৰালৈ চাই মঙলবাৰে ৰাজ্যৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijus Hazarika) বিধানসভাৰ কাৰ্য উপদেষ্টা কমিটিৰ পৰামৰ্শ লোৱাৰ কথা ঘোষণা কৰে । অৰ্থাৎ সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ এই ঘোষণাই বিধানসভাৰ মজিয়াত যে কথা-কাম ঠিকমতে আগবঢ়া নাই সেই কথা প্ৰমাণ কৰিছে ।

মন্তব্যৰ নিস্প্ৰয়োজন যে বিধানসভাৰ মজিয়াত ৰাইজৰ সমস্যাৰ বিষয়ে আলোচনা কৰাৰ বিপৰীতে অবাবত সময় নষ্ট কৰা মন্ত্ৰী বিধায়কসকলক পোহ-পাল দিবলৈ প্ৰতি বছৰে খৰচ কৰা‌ হয় দুখীয়া ৰাইজৰ পৰা কৰ হিচাপে সংগ্ৰহ কৰা ৰাজহুৱা ধন । ৰাজ্য চৰকাৰৰ শেহতীয়া ৰাজপত্ৰ নিৰ্দেশ (নং ২২৪, ৭ এপ্ৰিল ২০১৮) অনুসৰি প্ৰতিজন বিধায়কক গাড়ী, নিৰাপত্তা ৰক্ষী, বাসগৃহ আৰু অন্যান্য সা-সুবিধা দিয়াৰ উপৰিও মাহে আশী হাজাৰ টকা দৰমহা দিয়া হয় । আনহাতে বিধানসভাৰ অধিবেশনত অংশগ্ৰহণ কৰাৰ বাবে প্ৰতিদিনে ১,৮৫০ টকা, ৰাজ্যৰ ভিতৰত ভ্ৰমণৰ বাবদ প্ৰতিদিনে ১,৮৫০ টকা, ৰাজ্যৰ বাহিৰলৈ গলে প্ৰতিদিনে ২,৫০০ টকা, সমষ্টি ভাট্টা হিচাপে মাহিলী ২০,০০০ টকা, গ্ৰুপ অফিচ ভাট্টা হিচাপে ১০,০০০ টকা আৰু পাৰ্লিয়ামেন্টেৰী ভাট্টা হিচাপে ১০,০০০ কৈ টকা ৰাজকোষৰ পৰা‌ খৰচ কৰা হয় ।

assembly
অৱনমিত বিধানসভাৰ মৰ্যাদা

অতি লক্ষণীয়ভাৱে যি সময়ত ক'ভিড (Covid) কেন্দ্ৰিক অচলাৱস্থাৰ বাবে সাধাৰণ নাগৰিকে ভাত এসাজ যোগাৰ কৰাৰ নামত হাহাকাৰ কৰিছে সেই সময়ত মন্ত্ৰী বিধায়কৰ আবাস মেৰামতি, এয়াৰ কণ্ডিচনাৰ লগোৱা, পছন্দৰ ৰং লগোৱাৰ বাবদ সোতৰৰ পৰা বিশ লাখ টকা পৰ্যন্ত বাজেট বনোৱা হৈছে । মঙলবাৰে সাংসদ গৌৰব গগৈয়ে (Gaurav Gogoi) এক সংবাদমেল পাতি এই কথা উদঙাই দিয়ে । মাত্ৰ কেইটামান বছৰৰ আগতে ৩.৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মন্ত্ৰীৰ আবাসসমূহ মেৰামতিৰ বাবে কিয় আকৌ লক্ষ লক্ষ টকা খৰচ কৰা হৈছে তাক লৈ সাংসদ গৰাকীয়ে ৰাজহুৱা ভাৱে প্ৰশ্ন তোলাৰ পাছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা আন নেতাসকল নীৰৱে আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দুমাহ সম্পূৰ্ণ কৰাকলৈ ব্যাপক প্ৰচাৰ চলি থকাৰ সময়তে মন্ত্ৰী বিধায়কসকলৰ ৰাইজৰ প্ৰতি থাকিবলগীয়া দায়িত্ববোধ আৰু পৱিত্ৰ সদনৰ মজিয়াৰ মান-মৰ্যাদা সুৰক্ষিত থকিবনে বুলি সাধাৰণ জনতাৰ মনত উদয় হোৱা প্ৰশ্নই চিন্তাৰ উদ্ৰেক ঘটাইছে ।

লগতে পঢ়ক :এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.