গুৱাহাটী, 3 জানুৱাৰী : গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাত এতিয়া আনন্দৰ জোৱাৰ । চিৰিয়াখানালৈ আহিছে দুটাকৈ হাড়গিলাৰ পোৱালী | চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত পোনপ্ৰথমবাৰৰ বাবে হাড়গিলাৰ দুটা পোৱালীয়ে জন্ম লাভ কৰিলে ৷ ৰাজ্যিক চিৰিয়াখানা আৰু অৰণ্যক নাম বেচৰকাৰী সন্থাৰ প্ৰচেষ্টাত প্ৰজনন কেন্দ্ৰত প্ৰথম বাৰৰ বাবে এজনী হাড়গিলাৰ কণীৰ পৰা বিগত বৰ্ষৰ 26 ডিচেম্বৰত জন্ম হৈছিল পোৱালী দুটাই ।
পূৰ্বে কেইবাবাৰো চিৰিয়াখানাৰ হাড়গিলা প্ৰজনন কেন্দ্ৰত হাড়গিলাই কণী পাৰিছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে পোৱালী জন্ম পাইছে । পৃথিৱীৰ পৰা ক্ৰমাৎ নিঃশেষ হ'বলৈ ধৰিছে হাড়গিলা নামৰ পক্ষীবিধ ৷ এনে ক্ষেত্ৰত হাড়গিলা পোৱালী সফলতাৰে চিৰিয়াখানাৰ প্ৰজনন কেন্দ্ৰত জন্ম দিয়াবলৈ সক্ষম হোৱাটো এক গুৰুত্বপূৰ্ণ সফলতা বুলি উল্লেখ্য কৰিছে বন বিষয়া আৰু প্ৰকৃতিপ্ৰেমী সকলে ।
বৰ্তমান চিৰিয়াখানা কৰ্তৃপক্ষৰ পৰ্যৱেক্ষণত আছে হাড়গিলাৰ পোৱালী দুটা । পৃথিৱীৰ পৰা বিলুপ্তি হ'বলৈ ধৰা এই পক্ষীবিধৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত চিৰিয়াখানা কৰ্তৃপক্ষই লাভ কৰা সফলতাই পক্ষীবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন পথ প্ৰশস্ত কৰিছে ৷ উল্লেখ্য যে, 2019 বৰ্ষত মহানগৰীত হাড়গিলাৰ সংখ্যা বৃদ্ধি পাইছিল । 2018 বৰ্ষৰ 222 টাৰ পৰা 2019 বৰ্ষত 226 টালৈ বৃদ্ধি পাইছিল হাড়গিলাৰ সংখ্যা ।
আৰু পঢ়ক : অসম ৰাজ্যিক চিৰিয়াখানাত বিশেষ যন্ত্ৰৰ সহায়ত উৎপাদন কৰা হ'ব ঘাঁহ