ETV Bharat / state

প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ - assam govt job vacancy

ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এটি সুখবৰ ৷ অচিৰে প্ৰায় এক লাখ নিবনুৱাক নিযুক্তি দিব ৰাজ্য চৰকাৰে ৷ এই সন্দৰ্ভত বুধবাৰে বহু কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ চাওক মন্ত্ৰীগৰাকীয়ে কোন বিভাগত কেইটা পদ খালী থকাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিলে-

প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ
প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ
author img

By

Published : Jun 30, 2021, 10:20 PM IST

গুৱাহাটী, ৩০ জুন : এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে বিশেষ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন ৷ এক লাখ নিযুক্তিৰ বৃহৎ লক্ষ্য পূৰণৰ বাবে কেবিনেটে গঠন কৰি দিয়া কমিটিয়ে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে ৷ বৰ্তমান ৰাজ্যৰ ৫৭ টা বিভাগত খালী হৈ আছে প্ৰায় ৮০ হাজাৰ পদ ৷ এই ৮০ হাজাৰ পদত নিযুক্তি দিয়াৰ উপৰি ২০ হাজাৰ পদ নতুনকৈ সৃষ্টি কৰি ৰাজ্যৰ নিবনুৱাক সংস্থাপন দিয়া হ'ব ৷

মুঠতে চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এক লাখ নিবনুৱাক চাকৰি দিব ৷ এই সন্দৰ্ভত বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ নিযুক্তি সন্দৰ্ভত কেবিনেটে মন্ত্ৰী অজন্তা নেওগক অধ্যক্ষ হিচাপে লৈ এখন কমিটি গঠন কৰি দিয়া বুলি সদৰী কৰে ৷ ইতিমধ্যে চৰকাৰী প্ৰতিটো বিভাগক খালী পদৰ তালিকা দিয়াৰ বাবে নিৰ্দেশ দিছে ৷

৫৭ টা বিভাগক অতিৰিক্ত পদ সৃষ্টি কৰাৰ ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভতো তালিকা দিয়াৰ বাবে কোৱা হৈছে ৷ এতিয়ালৈকে ৮০ হাজাৰ খালী পদৰ প্ৰস্তাৱ বিভিন্ন বিভাগৰ পৰা লাভ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ বাকী ২০ হাজাৰ পদৰ তালিকা পাবলৈ বাকী আছে চৰকাৰ ৷

সকলো বিভাগক সম্পূৰ্ণ তালিকাখন শীঘ্ৰে দিবলৈ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে ৷ তালিকা পোৱাৰ পাছত নিযুক্তি প্ৰক্ৰিয়াটো কিদৰে কৰিব পৰা যায় তাৰ বাবে এখন উপ-সমিতি কৰি দিয়া হৈছে ৷ এক লাখ নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো চালি-জাৰি চাই থকা বুলি ব্যক্ত কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ৷

লগতে চাওকঃ নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.