গুৱাহাটী, 2 নৱেম্বৰঃ অতি শীঘ্ৰে ৰাজ্যত হ্ৰাস পাব চৰকাৰী বিভাগৰ সংখ্যা ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এক কথাত প্ৰশাসনিক সংস্কাৰ ৷
তথ্য অনুসৰি, বৰ্তমানলৈকে ৰাজ্য চৰকাৰৰ অধীনত থকা মুঠ বিভাগৰ সংখ্যা হৈছে 49 টা ৷ কিন্তু চৰকাৰে এই সংখ্যা 38 টালৈ হ্ৰাস কৰাৰ বাবে চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷ অৰ্থাৎ 49 টা বিভাগৰ মাজৰ 11 টা বিভাগক অন্য বিভাগৰ সৈতে চৰকাৰে সংলগ্ন কৰিব ৷ উদাহৰণ স্বৰূপে কৃষি, জলসিঞ্চন আৰু ভূমি সংৰক্ষণ এই তিনিটা বৰ্তমান সুকীয়া-সুকীয়া বিভাগ হৈ আছে যদিও তিনিওটা বিভাগ একেলগ কৰি এটা বিভাগ কৰা হ'ব আৰু সেইটো হ'ব কৃষি বিভাগ ৷ একেদৰে প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগক পাৰ্চনেল বিভাগৰ সৈতে সংলগ্ন কৰা হ'ব ৷
ইয়াৰোপৰি গড়কাপ্তানি (গৃহ) আৰু গড়কাপ্তানি (পথ) দুয়োটাক সংলগ্ন কৰি এটা বিভাগত অন্তৰ্ভুক্ত কৰা হ'ব । শিক্ষা বিভাগৰ ক্ষেত্ৰতো পূৰ্বতে থকা প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ বিভাগক একগোট কৰি এটা বিভাগত অন্তৰ্ভুক্ত কৰা হ'ব আৰু ইয়াৰ নাম হ'ব কেৱল শিক্ষা বিভাগ ৷
উল্লেখযোগ্য যে, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া যতীন হাজৰিকাৰ নেতৃত্বত বহু বছৰ পূৰ্বে গঠন কৰি দিয়া প্ৰশাসনিক সংস্কাৰৰ উচ্চ ক্ষমতা সম্পন্ন সমিতি খনে চৰকাৰী বিভাগৰ একত্ৰীকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ কিন্তু তদানীন্তন কংগ্ৰেছ চৰকাৰ খনে সেই প্ৰস্তাৱ কাৰ্যকৰী কৰা নাছিল ৷ এতিয়া বিজেপি চৰকাৰে সেই প্ৰস্তাৱক বাস্তৱ ৰূপ দিবলৈ প্ৰস্তুত কৰিছে কেবিনেট স্মাৰকপত্ৰ ৷