ETV Bharat / state

জীৱন বাটৰ নাট সামৰিলে ৯০ দশকৰ অসমৰ ৰকষ্টাৰ অৰুণ দাসে - জীৱন বাটৰ নাট সামৰিলে ৯০ দশকৰ অসমৰ ৰকষ্টাৰ

জীৱন বাটৰ নাট সামৰি আঁতৰি গ’ল অসমৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অৰুণ দাস । অসমৰ জনতাৰ হৃদয়ত দৰদী শিল্পী ৰূপে ৯০ দশকত লহৰ তোলা এগৰাকী কণ্ঠশিল্পী আছিল অৰুণ দাস ।

The most popular Singer of 90's Arun Das is no more
জীৱন বাটৰ নাট সামৰিলে ৯০ দশকৰ অসমৰ ৰকষ্টাৰ অৰুণ দাসে
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 9:23 AM IST

Updated : Dec 3, 2023, 11:09 AM IST

গুৱাহাটী,৩ ডিচেম্বৰ: অসমীয়া সংগীত জগতৰ ৯০ দশকৰ থ্ৰ’ৱ তথা বিস্ময়ক সংগীত শৈলীৰে শ্ৰোতা-দৰ্শকক মুগ্ধ কৰি ৰখা জনপ্ৰিয় গায়ক অৰুণ দাস আৰু নাই । আজি পুৱা ৪.৩৫ বজাত গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰিলে অৰুণ দাসে ৷ সৰুমটৰীয়াস্থিত আবাসস্থলীত শিল্পীগৰাকীয়ে চিৰ বিদায় মাগিলে ।

অসমৰ জনতাৰ হৃদয়ত দৰদী শিল্পীৰূপে ৯০ দশকত লহৰ তোলা এগৰাকী কণ্ঠশিল্পী আছিল অৰুণ দাস । সেই সময়ৰ ৰকষ্টাৰ অৰুণ দাস । হাতত গীটাৰখন লৈ তেওঁ মঞ্চত উঠাৰ পিচতেই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল । অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ৰকষ্টাৰ আছিল তেওঁ । এক সুকীয়া ধাৰাত ৰোমাণ্টিক বিৰহ-বেদনাৰে ভৰা জনপ্ৰিয় গীতবোৰে প্ৰাণ পাই উঠিছিল অৰুণ দাসৰ কণ্ঠত ৷ গানৰ বাবেই সমৰ্পিত কৰিছিল তেওঁ নিজৰ জীৱন । গানৰ বাবেই আনকি তেওঁ নিজৰ চৰকাৰী চাকৰিটোকো এৰি দিছিল । ৰোমাণ্টিক গানৰ এক নতুন লহৰ আনিছিল অৰুণ দাসে । মানুহৰ মুখে মুখে নিগৰিছিল তেওঁৰ এটা এটা জনপ্ৰিয় গীত ৷

বহুদিনলৈ অবিবাহিত আছিল শিল্পীগৰাকী । পিছত পিংকী দাসৰ সৈতে তেওঁৰ বিবাহপাশত আৱদ্ধ হৈছিল । তেওঁ নিজাকৈ এটা বাসস্থানৰো ব্যৱস্থা কৰিব পৰা নাছিল । শেষৰ সময়চোৱাত তেওঁৰ কিছু গুণমুগ্ধই বিভিন্ন সময়ত থকাৰ সুবিধা কৰি দিয়াৰ লগতে সহযোগিতা আগবঢ়াইছিল । শেহতীয়াকৈ সৰুমটৰীয়াত মাত্ৰ এটা কোঠাত পত্নীসহ জীৱন অতিবাহিত কৰিছিল শিল্পীগৰাকীয়ে ।

মাজতে ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত অসুস্থতাই লগ এৰা নাছিল শিল্পীগৰাকীৰ । তেওঁৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামান গীত হৈছে -- 'তুমি জানো জানা সোণ ইমান মৰম তোমালে সাঁচি ৰখা...', 'নেলাগে মৰম নকৰিবা তুমি ভুলতো নক'বা বাৰু ভাল পাওঁ বুলি.. ', 'মনৰ যাতনা...', 'ভাবিছা নেকি...', 'যোৱাগৈ তুমি..' আদি ।

লগতে পঢ়ক: কলমৰ সাঁফৰ বন্ধ কৰিলে বিশিষ্ট সাংবাদিক অনিল বৰুৱাই

Last Updated : Dec 3, 2023, 11:09 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.