গুৱাহাটী, 25 ডিচেম্বৰ : প্ৰায় আঢ়ৈ বছৰে জি এছ টিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ'ল এজন প্ৰৱঞ্চক ৷ মালিগাঁওস্থিত জি এছ কে ৰিয়েলষ্টিক নামৰ এখন প্ৰতিষ্ঠানৰ একাউন্টেন আছিল গুৱাহাটীৰ লালগণেশৰ ৰাজু দাস । প্ৰায় আঢ়ৈ বছৰ ধৰি কৰ্মৰত প্ৰতিষ্ঠানটোত ৰাজু দাসে পেলাইছিল প্ৰৱঞ্চনাৰ জাল ৷ প্ৰতিষ্ঠানখনৰ জিএছটিৰ ধন জমা দিয়াৰ পৰিৱৰ্তে হৰলুকি কৰি আহিছিল ব্যক্তিজনে ৷ প্ৰায় ২.৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজু দাসৰ বিৰুদ্ধে ।
উল্লেখ্য যে, জিএছটি কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰতিষ্ঠানখনৰ পঞ্জীয়ন বাতিল কৰাত পোহৰলৈ আহে সকলো ৰহস্য । তাৰ পিছতে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে ৰাজু দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জালুকবাৰী আৰক্ষী থানাত । এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক । সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: চাৰিদুৱাৰত চালান বিহীন ভাৱে শিল কঢ়িওৱা তিনিখন বাহন জব্দ