গুৱাহাটী, 27 অক্টোবৰ : বাহনৰ গতিবেগ নিৰ্ধাৰণক লৈ কিছুদিন পূৰ্বে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সৃষ্টি হৈছিল ৷ সেই বিতৰ্কৰ পিছত অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ) বিভাগে PWD পথসমূহৰ বাবে বাহনৰ সৰ্বাধিক গতিবেগ নিৰ্ধাৰণ কৰি দিছে ৷ বিভাগটোৱে প্ৰকাশ কৰা নতুন জাননী অনুসৰি, চাৰিলেনযুক্ত পথত প্ৰতি ঘণ্টাত ৮০ কিল’মিটাৰ গতিবেগৰ ওপৰত বাহন চলাব নোৱাৰিব ৷
সমতল অঞ্চলত চাইড বাম থকা দুইলেন পথত গতিবেগ প্ৰতি ঘণ্টাত ৭০ কিল’মিটাৰ আৰু চাইড বাম নথকা সমতল অঞ্চলত গতিবেগ নিৰ্ধাৰণ কৰা হৈছে ঘণ্টাত ৬০ কিল’মিটাৰ ৷ আনহাতে, চাইড বাম থকা বা নথকা সমতল অঞ্চলৰ ইণ্টাৰমিডিয়েট লেনত সৰ্বাধিক গতিবেগ প্ৰতি ঘণ্টাত ৫০ কিল’মিটাৰ নিৰ্ধাৰণ কৰা হৈছে ৷ তদুপৰি সমতল অঞ্চলৰ একক লেনত বিভাগে গতিবেগ নিৰ্ধাৰণ কৰিছে ঘণ্টাত ৪০ কিল’মিটাৰ ৷
গুৱাহাটী মহানগৰীৰ ভিতৰত পৃথক লেন থকা ৰাস্তাত প্ৰতি ঘণ্টাত ৫০ কিল’মিটাৰ গতিবেগৰ ওপৰত গাড়ী চলাব নোৱাৰিব ৷ তদুপৰি গুৱাহাটীৰ আন এলেকা আৰু অন্যান্য পৌৰ তথা নগৰ অঞ্চলৰ অন্যান্য পথত প্ৰতি ঘণ্টাত ৪০ কিল’মিটাৰ গতিবেগ নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷
সেইদৰে গাঁও এলেকা, শিক্ষা প্ৰতিষ্ঠান, হাস্পতাল, ব্যস্ততাপূৰ্ণ বজাৰ এলেকা আৰু আৰক্ষীয়ে নিৰ্ধাৰণ কৰি দিয়া সুৰক্ষিত অঞ্চলত বাহনৰ গতিবেগ ঘণ্টাত ৩০ কিল’মিটাৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ অতি জনবহুল বজাৰ এলেকাত সৰ্বোচ্চ গতিবেগ ঘণ্টাত ২০ কিল’মিটাৰৰ বেছি হ'ব নোৱাৰিব ৷ পাহাৰীয়া অঞ্চলৰ দুইলেন পথত ঘণ্টাত ৪০ কিল’মিটাৰ আৰু একক লেন পথত ৩০ কিল’মিটাৰ নিৰ্ধাৰণ কৰি দিছে ৷ অৱশ্যে এই গতিবেগ কিমানজনে মানি চলে, সেয়া লক্ষণীয় বিষয় ৷
লগতে চাওক: 30 অক্টোবৰত Paid Holiday ঘোষণা অসম চৰকাৰৰ