কামৰূপ মেট্ট,19নৱেম্বৰ: বৃহস্পতিবাৰে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ল কামাখ্যা মন্দিৰৰ চূড়াত নতুনকৈ স্থাপন কৰা সোনৰ আৱৰণ। দেশৰ বিশিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠান গ্ৰুপ ৰিলায়েন্স ইন্ডাষ্ট্ৰিজে আগবঢ়োৱা এই সোণৰ আৱৰণটো পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । ৰিলায়েন্স ইন্ডাষ্ট্ৰিজৰ এটা দলে সোণৰ আৱৰণখন স্থাপন কৰাৰ পাচতেই সম্পূৰ্ণ দিশটো পৰ্যবেক্ষণ কৰে ৷ ইয়াৰ পাচতে কামাখ্যা ধামত আৰম্ভ কৰা হয় পূজা-অৰ্চনা ৷
অন্য এক খবৰৰ বাবে:জোনাইত যাত্ৰীবাহী ৰে’লত উদ্ধাৰ যুৱকৰ মৃতদেহ
উল্লেখ্য যে,মুকেশ আম্বানী মালিকানাধীন ৰিলায়েঞ্চ গ্ৰুপে সম্পূৰ্ণ নিজস্ব তৎপৰতাৰে দূর্গা পূজাৰ পূৰ্বৰে পৰা কামাখ্যা মন্দিৰৰ চূড়াৰ আৱৰণৰ নিৰ্মাণৰ কাম চলাই আছিল। এই আৱৰণটো নিৰ্মাণত ৰিলায়েঞ্চ গ্ৰুপে ১৯ কেজি সোণ প্ৰদান কৰিছে । বুধবাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় আৰু তাৰ পাছতে আজি পুৱা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।

ইফালে,নিৰাপত্তাৰ দিশটোত পূৰ্বতকৈ এতিয়া অধিক গুৰুত্ব দিছে মন্দিৰ কৰ্তৃপক্ষই । মন্দিৰ পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত নিৰাপত্তাৰ দিশটো বিশেষভাৱে পৰ্যবেক্ষণ কৰা হ'ব এতিয়াৰে পৰা ।
অন্য এক খবৰৰ বাবে:কলগাছিয়াত মহিলাৰ বিকাশৰ বাবে কৰ্মশালা