ETV Bharat / state

নৱবৰ্ষৰ প্ৰথম সপ্তাহত মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তন - কৃষক নেতা অখিল গগৈ

নৱবৰ্ষৰ পহিলা সপ্তাহত মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তন ৷ অভিৱৰ্তনত বহু কেইটা ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰিব বুলি উল্লেখ কৰে দলটোৰ মুখ্য সমন্বয়ক ভাস্কো ডি শইকীয়াই ৷

the-first-inauguration-of-the-raijor-dol-will-be-held-in-moran-in-the-first-week-of-the-new-year
নৱবৰ্ষৰ প্ৰথম সপ্তাহত মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তন
author img

By

Published : Dec 15, 2020, 7:44 PM IST

গুৱাহাটী, 15 ডিচেম্বৰ : নৱবৰ্ষৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তন ৷ 3 ৰ পৰা 5 জানুৱাৰীত ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত হ'ব অভিৱৰ্তন ৷ ইতিমধ্যে, অভিৱৰ্তনকলৈ সকলো প্ৰস্তুতি তুংগত উঠিছে ৷ প্ৰথমখন অভিৱৰ্তনতে সমাবেশ ঘটিব বহু কেইটা ৰাজনৈতিক দলৰ নেতাকৰ্মীৰ ৷ এই কথা অবগত কৰিলে 'ৰাইজৰ দল'ৰ মুখ্য সমন্বয়ক ভাস্কো ডি শইকীয়াই ৷

ভাস্কো ডি শইকীয়াৰ মন্তব্য

আনহাতে, 2021 চনৰ বিধানসভা নিৰ্বাচনত সকলো আঞ্চলিক ৰাজনৈতিক দলক লগত লৈ ৰাজনীতিৰ যুঁজত নামিব ৰাইজৰ দলে ৷ সমান্তৰালভাৱে কাৰাবন্দী কৃষক নেতা অখিল গগৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাস্কো ডি শইকীয়াই ৷ যদিহে অখিল গগৈ কাৰামুক্ত হয় তেতিয়াহলে 2021 চনৰ নিৰ্বাচনত ৰাইজে বিচৰা ধৰণেৰে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিব বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, 17 ডিচেম্বৰত কাৰাবন্দী হৈ থকা অখিল গগৈৰ অন্তিমটো ৰায়দান হ'ব ৷ উক্ত দিনাই অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ প্ৰচুৰ সম্ভাৱনা ব্যক্ত কৰিছে কৃষক মুক্তিৰ লগতে অন্যান্য দল সংগঠনে ৷

লগতে পঢ়ক : কৰিমগঞ্জত পাঁচ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.