ETV Bharat / state

Textbooks available online: ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৱেবচাইটত উপলব্ধ হ’ল পাঠ্যপুথি

author img

By

Published : May 3, 2023, 11:02 PM IST

অনলাইনত উপলব্ধ হ'ব প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো পাঠ্যপুথি । পি ডি এফ ফাইলত শিক্ষাৰ্থীয়ে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব পাঠ্যপুথি । বুধবাৰে এই ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় (Textbooks available online in Assame) ।

Textbooks available online
অনলাইনত উপলব্ধ পাঠ্যপুথি
অনলাইনত উপলব্ধ পাঠ্যপুথি

গুৱাহাটী,৩ মে': এতিয়াৰে পৰা অনলাইনত উপলব্ধ হ'ব প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো পাঠ্যপুথি । শিক্ষাৰ্থীয়ে পি ডি এফ ফাইলত অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব পাঠ্যপুথি । বুধবাৰে এই ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় (Text books available online in Assam) । গুৱাহাটীৰ কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয়ত ইয়াৰ শুভাৰম্ভণি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে (Education Minister Dr Ronoj Pegu) ।

অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে, তিনিটাকৈ ৱেবচাইটৰ পৰা পাঠ্যপুথি বিনামূলীয়াকৈ ডাউনলোড কৰিব পৰা যাব । আঠটা মাধ্যমত ১৯ টা ভাষাত পাঠ্যপুথি যোগান ধৰা হৈছে । শিক্ষাৰ্থীসকলক বিদ্যালয়ত বিনামূলীয়াকৈ পাঠ্যপুথি যোগান ধৰি অহা হৈছে । ইয়াৰ সমান্তৰালকৈ এতিয়াৰে পৰা অনলাইন যোগেও প্ৰয়োজনত পাঠ্যপুথি ডাউনলোড কৰিব পাৰিব (Text books available in online) ।

তেওঁ কয় যে, ৪৬,৬৯,৫০১ গৰাকী শিক্ষাৰ্থীৰ মাজত ১,৯০,২৬,৫৮২ খন কিতাপ বিতৰণ কৰা হয় । এই কিতাপসমূহ যাতে সহজলভ্য হয় তাৰ বাবে অনলাইন ব্যৱস্থাত দিয়াৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে বিদ্যালয় সমূহলৈ ৫৩ হাজাৰ টেবলেট দিয়া হৈছে । তেওঁ লগতে কয় যে ডিজিটেল ডিভাইচ ৪০৭০খন বিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব আৰু পৰ্যায়ক্ৰমে বাকী বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা হ'ব ।

যাতে অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমতে শিক্ষাৰ্থীসকলক পাঠদান কৰিব পৰা যায় । 'ক' শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ২২৬ খন পাঠ্যপুথি, নৱম আৰু পৰা দশম শ্ৰেণীত ১৬৩ খন পাঠ্যপুথি আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীত ৮৬ খন পাঠ্যপুথি আছে । এই গোটেইখিনি কিতাপ এতিয়াৰে পৰা ৱেবচাইটত উপলব্ধ হ'ব । আনহাতে তেওঁ শিক্ষা সেতুৰ প্ৰসংগত কয় যে, এতিয়ালৈকে ৪৪ হাজাৰ বিদ্যালয়ে শিক্ষা সেঁতু এপত পঞ্জীয়ন কৰিছে । বাকী আছে ১,৩০০ খন বিদ্যালয় ।

ব্যক্তিগত খণ্ডৰ বিদ্যালয়েও এই এপৰ প্ৰতি সঁহাৰি জনাইছে । মুঠ ৫৪ হাজাৰ বিদ্যালয়ে বিদ্যালয়ৰ প্ৰফাইল আপলোড কৰিছে । শিক্ষক-কৰ্মচাৰীসকলেও নিজৰ প্ৰফাইল আপলোড কৰিব লাগিব । তেওঁ লগতে কয় যে গুণোৎসৱৰ ফলাফলত পৰ্যৱেক্ষকে দিয়া মতামত তথা পৰামৰ্শ পৰ্টেলৰ যোগেদি শিক্ষকসকলে চাব পাৰিব আৰু সেই অনুসৰি প্ৰয়োজনত কিবা থাকিলে শুধৰণি কৰিব পাৰিব ।

চৰকাৰীভাৱেও সেই পৰামৰ্শসমূহ গুৰুত্ব সহকাৰে লোৱা হ'ব বুলি তেওঁ কয় । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই বছৰৰ পৰা স্নাতক পাঠ্যক্ৰম চাৰিবছৰীয়া হ'ব । ইফালে গুৱাহাটীৰ একাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত চিপচ, চকলেট আদি দিয়া সন্দৰ্ভত তদন্ত ঘোষণা কৰা হৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক: Protest in Sivasagar: শৃংখল চলিহাক গ্ৰেপ্তাৰ জাতি সত্বাক মষিমূৰ কৰাৰ এক অংশ; প্ৰতিবাদকাৰীৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.