ETV Bharat / state

41 হাজাৰ টেট শিক্ষকে কঁপাব ৰাজপথ ! - etv assam

সংবাদমেলৰ জৰিয়তে অসমৰ প্ৰায় 41 হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বিনা চৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ দাবী কৰে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকসকলে । চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলিও অভিযোগ কৰে শিক্ষক সমাজে ।

গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল
author img

By

Published : Jun 16, 2019, 11:42 PM IST

গুৱাহাটী, ১৬ জুনঃ শিক্ষা মন্ত্ৰীয়ে টেট শিক্ষকক কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰে শিক্ষক সমাজে । সংবাদমেল খনত শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে শিক্ষক সকলে । ড্ৰাইভিং লাইছেন্সৰ লগত শিক্ষকক তুলনা কৰি অপমান কৰাৰ লগতে শিক্ষকক সন্মান দিব নজনা শিক্ষা মন্ত্ৰী জনে অসমৰ শিক্ষা ব্যৱস্থাক ধ্বংসৰ পথলৈ ঠেলি দিছে বুলিও মন্তব্য কৰে শিক্ষক সমাজে ।

গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল

সংবাদমেলৰ জৰিয়তে অসমৰ প্ৰায় 41 হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বিনা চৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবী কৰে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকসকলে । চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলিও অভিযোগ কৰে শিক্ষক সমাজে ।

ইয়াৰোপৰি চাকৰি নিয়মীয়াকৰণৰ দাবীত ১৮ জুনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে জনায় টেট শিক্ষকে । এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰিব টেট শিক্ষক সমাজে ৷ তৎসত্বেও যদি চাকৰি নিয়মীয়াকৰণ নহয় তেন্তে ২৯ জুনত ৰাজপথলৈ ওলাই আহিব 41 হাজাৰ টেট শিক্ষক ।

Intro:গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক টৈট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল ।

Body:সংবাদমেলত শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে শিক্ষক সকলে ।ড্ৰাইভিং লাইছেন্সৰ লগত শিক্ষকক তুলনা কৰি অপমান কৰিছে । লগতে কয় যে শিক্ষকক সন্মান দিব নজনা শিক্ষা মন্ত্ৰী জনে অসমৰ শিক্ষা ব্যৱস্থা ক ধ্বংস ৰ পথলৈ হে ঠেলি দিছে । তেওঁ নিজৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে বুলিও কৰে সংবাদমেলত ।শিক্ষকৰ যি ধাৰণা থাকিব লাগে সেই ধাৰণা নাই শিক্ষা মন্ত্ৰী গৰাকীৰ ।সংবাদমেলৰ জৰিয়তে অসমৰ প্ৰায় 41 হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰনৰ দাবী সদৌ অসম টৈট উত্তীৰ্ণ শিক্ষকৰ । চাকৰি নিয়মীয়াকৰন কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলিও অভিযোগ কৰে ।পাচ বছৰৰ ঠিকাভিত্তিক চাকৰিক 11 মহীয়া চাকৰি কৰিব বিচাৰিছল শিক্ষামন্ত্ৰীয়ে । পুনৰ টেটত আমি কেতিয়াও অৱৰ্তীৰ্ন নহও বুলি ক্ষোভ উজাৰিলে শিক্ষক সমাজে । চাকৰি নিয়মীয়াকৰনৰ দাবীত ১৮ জুনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ টেট শিক্ষকে । এই কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব । তাৰ পিছতো যদি চাকৰি নিয়মীয়াকৰন নহয় তেন্তে ২৯ জুনত ৰাজ পথলৈ ওলাই আহিব 41 হাজাৰ শিক্ষক । চাকৰি নিয়মিয়াকৰন নকৰিলে শিক্ষক সমাজে যিকোনো সিদ্ধান্ত লবলৈ বাধ্য হব ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.