ETV Bharat / state

৬০ বছৰীয়া ব্যক্তিৰ সৈতে ফুৰিবলৈ গৈ অন্তঃসত্বা হ’ল কিশোৰী

author img

By

Published : Aug 11, 2021, 10:15 PM IST

Updated : Aug 20, 2021, 10:51 PM IST

নুনমাটিত পোহৰলৈ আহিছে 3 মাহৰ পূৰ্বে সংঘটিত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ৷ স্থানীয় মহিলা সমিতিৰ তৎপৰতাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা ৷

Teen rape case  in Nunmati guwahati
গাঁওৰক্ষীৰ সৈতে ফুৰিবলৈ যোৱা এগৰাকী কিশোৰীৰ 3 মাহৰ পাচত...

গুৱাহাটী, ১১আগষ্ট : ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা ৷ ৰাজ্যত চৰকাৰে বিশেষকৈ শিশু নিৰ্যাতন, ধৰ্ষণ আদিৰ দৰে অপৰাধসমূহ নিৰ্মূল কৰা স্বাৰ্থত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও সফল হ'ব পৰা নাই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে এটাৰ পাচত এটা শিশু নিৰ্যাতন, কিশোৰী ধৰ্ষণৰ দৰে ঘটনা ৷

গুৱাহাটী মহানগৰীৰ নুনমাটিত পোহৰলৈ আহিছে 3 মাহৰ পূৰ্বে সংঘটিত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ৷ কিয়নো শেহতীয়াভাৱে পোহৰলৈ আহিছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াৰ শংকৰ নগৰ অঞ্চলত এজন ৬০ উৰ্ধৰ এজন লোকে এগৰাকী কিশোৰীক বলৎকাৰ কৰাৰ এক ঘটনা ৷ স্থানীয় মহিলা সমিতিৰ তৎপৰতাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা ৷

৬০ বছৰীয়া ব্যক্তিৰ সৈতে ফুৰিবলৈ গৈ অন্তঃসত্বা হ’ল কিশোৰী

অঞ্চলটোৰ মহিলা সমিতিৰ সদস্য সকলে কৰা অভিযোগ অনুসৰি মঠঘৰীয়াৰ শংকৰ নগৰৰ বাসিন্দা জনৈক বৰ্মন নামৰ এজন লোকে ৩ মাহ পূৰ্বে এগৰাকী কিশোৰীক সোণাপুৰত ফুৰাবলৈ নিছিল । কিন্তু ৩ মাহ পিছত কিশোৰী গৰাকীয়ে গৰ্ভধাৰণ কৰাত বিষয়টোৱে অন্য দিশে গতি কৰে ৷ সেই সময়ত কিশোৰী গৰাকীক লোকজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

স্থানীয় মহিলা সমিতিয়ে কিশোৰী গৰাকীক সোধ-পোচ কৰাত সমগ্ৰ ঘটনাটো নিজ মুখে স্বীকাৰ কৰে কিশোৰী গৰাকীৰে ৷ ভুক্তভোগী কিশোৰী গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত স্থানীয় মহিলা সমিতি সদস্যসকলে বুধবাৰে কিশোৰী গৰাকীৰ ন্যায় বিচাৰি নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

আনহাতে, এই ঘটনাৰ অভিযুক্ত লোকজনে কিশোৰী গৰাকীৰ পৰিয়ালক ঘটনাটো গাপ দিবলৈ ভাবুকি প্ৰদান কৰা বুলি স্থানীয় মহিলা সমিতিয়ে অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে ভুক্তভোগী পৰিয়ালে সমগ্ৰ বিষয়টোক লৈ মৌন হৈ আছিল ৷ তাৰোপৰি বৰ্মনে কিশোৰী গৰাকীক গৰ্ভপাত কৰোৱা বুলিও অভিযোগ তুলিছে স্থানীয় মহিলা সমিতিয়ে ।

লগতে পঢ়ক: কাজিৰঙাত দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’ব ছেটেলাইট ফোন

Last Updated : Aug 20, 2021, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.