ETV Bharat / state

Meri Maati Mera Desh campaign: কৰ্তব্য পথলৈ নিয়া হ’ল অসমৰ অমৃত কলহৰ মাটি, নতুন দিল্লীত স্বাগতম জনালে সৰ্বানন্দ সোণোৱালে

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:15 AM IST

Updated : Oct 31, 2023, 1:31 PM IST

অমৃত কলহৰ মাটি লৈ নতুন দিল্লীত উপস্থিত অসমৰ প্ৰতিনিধিৰ দল ৷ নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ চৰকাৰী বাসভৱনত আদৰণি জনায় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কঢ়িয়াই নিয়া লোকসকলক ৷ সোণোৱালে লগতে তেওঁলোকৰ উদ্যম তথা দেশপ্ৰেমৰ চেতনাৰ শলাগ লয় ।

Meri Maati Mera Desh campaign
কৰ্তব্য পথলৈ নিয়া হ’ল অসমৰ অমৃত কলহৰ মাটি

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ৩১ অক্টোবৰ: দিল্লী পালেগৈ অসমৰ অমৃত কলহ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহা সমাৰোহেৰে সংগ্ৰহ কৰা অমৃত কলহৰ মাটিসমূহ সোমবাৰে নিশা কঢ়িয়াই নিয়া হ’ল দিল্লীৰ কৰ্তব্য পথলৈ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কঢ়িয়াই নিয়া লোকসকলক নতুন দিল্লীত স্বাগতম আৰু কৃতজ্ঞতা জনায় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ইতিমধ্যেই সমগ্ৰ দেশৰপৰা মাটি সংগ্ৰহ কৰি দেশৰ মহান বীৰ-বীৰাঙ্গনাসকললৈ সশ্ৰদ্ধ প্ৰণিপাত জনোৱাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশজুৰি ৰূপায়ণ হৈছে 'অমৃত কলহ যাত্ৰা' । এই কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰি পৱিত্ৰ মাটি দিল্লীৰ কৰ্তব্য পথলৈ কঢ়িয়াই অনাত অগ্ৰণী ভূমিকা পালন কৰা অসমৰ বিভিন্ন প্ৰান্তৰ লোকক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত স্বাগতম জনাই কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে তেওঁলোকৰ উদ্যম তথা দেশপ্ৰেমৰ চেতনাৰ শলাগ লয় । এই সময়চোৱাত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া প্ৰমুখ্যে আন ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰ অৰ্থাৎ আজি 'মোৰ মাটি, মোৰ দেশ' অভিযানৰ সামৰণি পেলাব । এই অনন্য অভিযানে প্ৰতিগৰাকী ভাৰতীয়কে ৰাষ্ট্ৰীয় চেতনাৰে উদ্বুদ্ধ কৰি দেশক অধিক শক্তিশালী কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি সোণোৱালে উল্লেখ কৰে । এই অভিযানৰ জৰিয়তে সমগ্ৰ দেশৰপৰা সংগ্ৰহ কৰা মাটি কৰ্তব্য পথ, ইণ্ডিয়া গেটত অমৃত বাটিকা আৰু আজাদী কা অমৃত মহোৎসৱ স্মাৰক স্থাপনত ব্যৱহাৰ কৰা হ'ব ।

লগতে পঢ়ক: Amrit Kalash Yatra : অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ যাত্ৰা

Last Updated : Oct 31, 2023, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.