ETV Bharat / state

Dress code for Teachers: শিক্ষয়িত্ৰীৰ পোছাকক লৈ নতুন নিৰ্দেশনা; এইসমূহ সাজহে পিন্ধিব পাৰিব শিক্ষয়িত্ৰীয়ে - শিক্ষকৰ ড্ৰেছ কোড নিৰ্ধাৰণ

উচ্চ শিক্ষানুষ্ঠানত নিৰ্ধাৰণ হ’ল শিক্ষকৰ ড্ৰেছ কোড ৷ এতিয়াৰে পৰা শিক্ষয়িত্ৰীয়ে পিন্ধিব পাৰিব চুৰিদাৰ ৷

Dress code for Teachers
শিক্ষকৰ ড্ৰেছ কোড
author img

By

Published : Aug 20, 2023, 8:15 AM IST

গুৱাহাটী, ১৯ আগষ্ট : মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাক লৈ একাংশই ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটোৱাৰ মাজতে উচ্চ শিক্ষা বিভাগে উচ্চ শিক্ষানুষ্ঠানত শিক্ষকৰ ড্ৰেছ কোড নিৰ্ধাৰণ কৰি নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনাতে উচ্চ শিক্ষানুষ্ঠানত শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰিলে চৰকাৰে । এক নিৰ্দেশনা যোগে চৰকাৰে নিৰ্ধাৰণ কৰিলে কলেজ-বিশ্ববিদ্যালয় আদি উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকৰ ড্ৰেছ কোড ৷ সকলো উচ্চ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে শিক্ষকৰ বাবে সাজ-পোছাক নিৰ্ধাৰণ কৰি এই নিৰ্দেশনা দিছে চৰকাৰে ৷

Dress code for Teachers
শিক্ষকৰ ড্ৰেছ কোড

উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকৰ সাজ-পাৰক লৈ উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি—

  1. পুৰুষ শিক্ষকসকলে কেৱল উপযুক্ত আনুষ্ঠানিক সাজ-পোছাক পিন্ধিহে নিজৰ কৰ্তব্যত উপস্থিত থাকিব লাগিব
  2. পুৰষ শিক্ষক সকলে ফৰ্মেল চাৰ্ট-পেণ্ট, ধূতি-পায়জামা আদি পিন্ধিব পাৰিব
  3. জিনছ, টি-চাৰ্ট আদি কেজুৱেল ড্ৰেছ আদি পিন্ধিব নোৱাৰিব পুৰুষ শিক্ষকসকলে
  4. মহিলা শিক্ষয়িত্ৰীসকলে মাৰ্জিত চেলোৱাৰ চুট/শাৰী/মেখেলা-চাদৰ পিন্ধি নিজৰ কৰ্তব্যত উপস্থিত থাকিব লাগিব
  5. অন্যান্য পৰম্পৰাগত সাজ-পোছাকো পিন্ধিব পাৰিব উচ্চ শিক্ষানুষ্ঠানৰ মহিলা শিক্ষয়িত্ৰীসকলে ৷

অসম উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এই জাননীখনৰ নিৰ্দেশনাই বিশেষ তাৎপৰ্য বহন কৰিছে । ১/২৫০৩৮৬/২০২৩ নং নিৰ্দেশনা যোগে ধাৰ্য কৰা হৈছে মহাবিদ্যালয়-বিশ্ববিদ্যালয় আদিৰ এই শিক্ষকৰ ড্ৰেছ কোড ৷ জাননীখনত লগতে কোৱা হৈছে যে পুৰুষ আৰু মহিলা উভয়ে পৰিষ্কাৰ, বিনয়ী আৰু মান্য সাজ-পোছাক পৰিধান কৰিব লাগিব ৷ পাৰ্টী ৱেৰ আৰু কেজুৱেল ড্ৰেছ কঠোৰভাৱে পৰিহাৰৰ নিৰ্দেশ দিয়া হৈছে ৷

জাননীখনৰ নিৰ্দেশ মৰ্মে সকলোৱে নিখুঁতভাৱে পালন কৰিব লাগিব এই ড্ৰেছ কোড ৷ ইয়াৰ বিচ্যুতি ঘটালে নিয়ম অনুসৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব তেওঁলোকৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, শেহতীয়াভাৱে বজালীৰ নিৰ্মল হালৈ কলেজত ৩ গৰাকী শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক ৷ এই চৰকাৰী জাননীৰ নিৰ্দেশনাটোৰ পিচত এতিয়াৰে পৰা শিক্ষয়িত্ৰীসকলে কলেজ-বিশ্ববিদ্যালয় আদিলৈ পিন্ধি যাব পাৰিব চুৰিদাৰ/চেলোৱাৰ চ্যুট ৷

পুৰুষ শিক্ষক সকলে পিন্ধিব নোৱাৰিব জিনছ পেণ্ট, টি-চাৰ্ট আদি কেজুৱেল সাজ-পোচাক । জাননীখনত কোৱা হৈছে, দৃষ্টিগোচৰ হৈছে যে উচ্চ শিক্ষানুষ্ঠানৰ একাংশ শিক্ষকে নিজৰ পছন্দৰ সাজ-পোছাক পৰিধান কৰাৰ অভ্যাস পোৱা যায় যিটো কেতিয়াবা সামগ্ৰিক জনসাধাৰণৰ বাবে গ্ৰহণযোগ্য যেন নালাগে ।

যিহেতু, এজন শিক্ষককে বিশেষকৈ নিজৰ কৰ্তব্য পালন কৰাৰ সময়ত সকলো ধৰণৰ শালীনতাৰ আদৰ্শ হ’ব বুলি আশা কৰা হয়, সেয়েহে কৰ্মক্ষেত্ৰত শিষ্টাচাৰ, শালীনতা, পেছাদাৰিত্ব আৰু উদ্দেশ্যৰ গুৰুত্বৰভাৱ প্ৰতিফলিত হ’ব পৰা সাজ-পোছাক মানি চলাটো প্ৰয়োজনীয় হৈ পৰিছে । ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ শিক্ষা বিভাগৰ চৰকাৰে সকলো উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকৰ বাবে সাজ-পোছাক নিৰ্ধাৰণ কৰাটো প্ৰশংসনীয় বিষয় ৷

লগতে পঢ়ক : Guwahati roadside vendors: পদপদ ব্যৱসায়ীসকলক শীঘ্ৰেই ব্যৱসায়ৰ অনুমতি দিবলৈ পৌৰ নিগমক দাবী কটনিয়ানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.