ETV Bharat / state

10 দিনৰ ভিতৰতে বৃদ্ধি পাব চাহ শ্ৰমিকৰ দৈনিক মজুৰিঃ হিমন্ত বিশ্ব শৰ্মা - ea-workers-daily-wages-will-be-increased

শনিবাৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত "চাহ বাগিচা ধন পুৰস্কাৰ মেলা"ত এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত বাগিচা সমূহৰ উন্নয়ন চকুত লগা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

tea-workers-daily-wages-will-be-increased-within-10-days
10 দিনৰ ভিতৰতে বৃদ্ধি পাব চাহ শ্ৰমিকৰ দৈনিক মজুৰিঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Feb 6, 2021, 8:04 PM IST

গুৱাহাটী,6 ফেব্ৰুৱাৰী: ৰাজ্যৰ চাহ শ্ৰমিক সকলৰ বাবে এক সু-খবৰ ৷ আগন্তুক 10 দিনৰ ভিতৰতে বৃদ্ধি পাব চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৷ শনিবাৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত "চাহ বাগিচা ধন পুৰস্কাৰ মেলা"ত এই ঘোষণা কৰিছে অসমৰ বিত্ত,স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুভাৰম্ভ কৰা "চাহ বাগিচা ধন পুৰস্কাৰ মেলা" অনুষ্ঠানত অংশগ্ৰহণ কৰি আগন্তুক দহ দিনৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ অধিসূচনা জাৰি কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

10 দিনৰ ভিতৰতে বৃদ্ধি পাব চাহ শ্ৰমিকৰ দৈনিক মজুৰিঃ হিমন্ত বিশ্ব শৰ্মা

লগতে ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে বৰ্তমানৰ চৰকাৰে যি কাম কৰিছে, বিগত সত্তৰ বছৰে কোনো এখন চৰকাৰেই সেই কাম কৰা নাছিল ৷ ৰাজ্যত আঠ লক্ষাধিক চাহ শ্ৰমিকৰ বেংক একাউন্ট খুলিবলৈ সক্ষম হোৱাটো এক বিৰল ঘটনা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত বাগিচা সমূহৰ উন্নয়ন চকুত লগা হৈছে বুলি উল্লেখ কৰি তেঁওলোকৰ বাবে আৰু বহু আঁচনিৰ পৰিকল্পনা কৰা হৈছে বুলি ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে এবছৰৰ ভিতৰতে বাগানৰ প্ৰতিটো পৰিয়ালক প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমানৰ ধন দিয়াৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰি পৰৱৰ্তী কেবিনেট বৈঠকত এই আঁচনি সমূহৰ বিষয়ে আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ বৃহৎ সমস্যা সমাধানৰ দিশে মাজুলীঃ ধূনাগুৰি ঘাটত নিৰ্মাণ হ'ব পকী দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.