ETV Bharat / state

Murder at Bonda; গুৱাহাটীৰ ছাত্ৰক হত্যা; পদপথৰ ব্যৱসায়ীয়ে হত্যা কৰিলে নীতেশ কুমাৰক

author img

By

Published : Aug 10, 2023, 8:24 AM IST

Updated : Aug 10, 2023, 10:32 AM IST

মহানগৰীত আকৌ হত্যাৰ কিৰিলি ৷ গুৱাহাটীৰ বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ ক্ষত-বিক্ষত অৱস্থাত ৰক্তাত হৈ পৰি ৰোৱা মৃতদেহটো ভেটাপাৰা মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ নীতেশ কুমাৰ বুলি জানিব পৰা গৈছে ৷

Tea shopkeeper killed a student at Bonada in Guwahati
মহানগৰীত আকৌ হত্যাৰ কিৰিলি

মহানগৰীত আকৌ হত্যাৰ কিৰিলি

গুৱাহাটী, ১০ আগষ্ট: ৰাজ্যত আকৌ হত্যাকাণ্ডৰ ঘটনা ৷ এইবাৰ তেজৰ চেকুৰাৰে ৰাঙলী হ’ল গুৱাহাটীৰ বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘল ৷ বুধবাৰে দিনৰ ভাগত বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ কিছু নিলগতে আছে এটা মন্দিৰ ৷ সেই মন্দিৰৰ পূজাৰীগৰাকীয়ে বুধবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত জংঘলৰ মাজত ক্ষত-বিক্ষত অৱস্থাত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে স্থানীয় লোকৰ সহযোগত পূজাৰীগৰাকীয়ে খবৰ দিয়ে স্থানীয় পানীখাইটি আৰক্ষীক ৷

খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰক্তাত অৱস্থাত পৰি থকা যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃত যুৱকজনৰ নাম নীতেশ কুমাৰ বুলি জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, মৃত নীতেশ কুমাৰ হৈছে ভেটাপাৰা মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৷ ঘন জংঘলৰ মাজত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷

ইফালে আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, এই নৃশংস ঘটনাক লৈ সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে বুধবাৰে দিনৰ প্ৰায় ২.৩০ বজাত নীতেশ কুমাৰৰ পিতৃ লৈ অচিনাক্ত নম্বৰৰ পৰা এটা ফোন কল আহে । ফোনৰ সিটো মূৰৰ পৰা এজন যুৱকে নীতেশ কুমাৰক অপহৰণ কৰা বুলি উল্লেখ কৰি ৭ লাখ টকা মুক্তি পন বিচাৰে । অন্যথা তেওঁৰ পুত্ৰক হত্যা কৰা হ’ব বুলিও ভাবুকি প্ৰদান কৰে ।

ভয়ত বিতত হৈ লগে লগে নীতেশ কুমাৰৰ পিতৃয়ে এই কথা বশিষ্ঠ আৰক্ষীক অৱগত কৰে । কিয়নো ৮ আগষ্ট অৰ্থাৎ মঙলবাৰে ছাত্ৰজনে ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা অৱস্থাতে নিৰুদ্দেশ হৈছিল । মঙলবাৰৰ পৰাই পৰিয়ালৰ লোকে কোনো খবৰ লাভ কৰা নাছিল নীতেশৰ ৷ তাৰ পাচতে আৰক্ষীয়ে অচিনাক্ত যুৱকজনৰ ফোন কলৰ লোকেচন চিনাক্ত কৰি এই নৃশংস হত্যাকাণ্ডৰ লগত জড়িত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পিচৰ পৰ্যায়ত আৰক্ষীয়ে অভিযুক্ত অভিষেক বৰুৱাক গ্ৰেপ্তাৰ কৰে ৷

প্ৰাথমিক তদন্তৰ অন্তত ধনৰ লেনদেনৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, হত্যাৰ অভিযুগত অভিযুক্তগৰাকী বশিষ্ঠৰ পদপথত আছে এখন চাহৰ দোকান । এই চাহৰ দোকানতে চিনাকি হৈছিল নীতেশ কুমাৰৰ সৈতে ।

জানিব পৰা মতে, নীতেশ কুমাৰ আছিল ড্ৰাগছ আসক্ত । নিচা ক্ৰয় কৰাৰ বাবে দোকানখনৰগৰাকীৰ পৰা বহু পইচা ধাৰে লৈছিল নীতেশ কুমাৰে । ইয়াক লৈ প্ৰায়ে দুই পক্ষৰ মাজত বাক বিতাণ্ডৰ সৃষ্টি হৈছিল । ইয়াৰে পৰিণতিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Bribe taking incident: উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক

Last Updated : Aug 10, 2023, 10:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.