ETV Bharat / state

চাহৰ উৎপাদন ১৩ শতাংশ হ্ৰাসঃ নিৰুদ্বিগ্ন চৰকাৰ

author img

By

Published : Jun 3, 2022, 6:54 PM IST

জলবায়ুৰ অভাৱনীয় পৰিবৰ্তনে ভয়াবহ সংকেত মাতিছে অসমৰ চাহ খেতিলৈ । বতৰৰ নেতিবাচক প্ৰভাৱৰ বাবে এইবাৰ চাহৰ উৎপাদন আশা কৰাতকৈ প্ৰায় দহ নিযুত টন কমিছে ।

চাহৰ উৎপাদন ১৩ শতাংশ হ্ৰাসঃ নিৰুদ্বিগ্ন চৰকাৰ
চাহৰ উৎপাদন ১৩ শতাংশ হ্ৰাসঃ নিৰুদ্বিগ্ন চৰকাৰ

গুৱাহাটী ৩ জুন: ভাৰতৰ সৰ্বাধিক পৰিমানৰ চাহ উৎপাদনকাৰী ৰাজ্য হিচাবে পৰিচিত অসমৰ চাহলৈ আহিছে ভয়াবহ সংকেত । এইবাৰৰ অত্যাধিক বৰষুণ আৰু অন্যান্য কাৰকে চাহ খেতিত পেলোৱা নেতিবাচক প্ৰভাৱে সামগ্ৰিকভাবে এই উদ্যোগৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ এই কথা তথ্য সহকাৰে পোহৰলৈ আনিছে নৰ্থ ইষ্ট টি এচ'ছিয়েচনে ।‌‌

সংস্থাটোৰ উপদেষ্টা তথা চাহ পৰিষদৰ সদস্য বিদ্যানন্দ বৰকাকতীয়ে সাংবাদিকক জনোৱা মতে প্ৰাক-ক'ভিড কালৰ পৰৱৰ্তী সময়ত চাহৰ উৎপাদন ক্ৰমাৎ হ্ৰাস পাইছিল যদিও তাক ক'ভিড কেন্দ্ৰীক পৰিবেশৰ বাবেই হৈছিল বুলি ধৰা হৈছিল । কিন্তু ক'ভিড আক্ৰান্ত ২০২০ আৰু ২০২১ বৰ্ষৰ পিছতো ২০২২ বৰ্ষৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ সময়ছোৱাত চাহৰ উৎপাদন উদ্বেগজনক ভাবে কমিছে ।

চাহ খেতিয়ক আৰু উদ্যোগৰ লগত প্ৰত্যক্ষভাৱে জড়িত সংস্থাটোৰ উপদেষ্টা বৰকাকতীয়ে দাঙি ধৰা তথ্য অনুসৰি, ২০১৯ চনত বছৰটোৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত অসমৰ বাগিচাই উৎপাদন কৰিছিল ৭৮.৩৩ নিযুত কিলোগ্ৰাম চাহ । কিন্তু চলিত বৰ্ষটোত জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ অসমে চাহ উৎপাদন কৰিছে মাত্ৰ ৬৮.৪৪ নিযুত কিলোগ্ৰাম ।

অৰ্থাৎ চলিত বৰ্ষত চাহ উৎপাদনৰ পৰিমাণ উল্লিখিত বৰ্ষটোতকৈ ৯.৮৯ নিযুত কিলোগ্ৰাম কমিছে, যি অতি লক্ষনীয় । উল্লেখযোগ্য যে দেশৰ মুঠ উৎপাদিত চাহৰ ৫২ শতাংশ উৎপাদন কৰা অসমে ক'ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে ২০২০ আৰু ২০২১ বৰ্ষ দুটাত আশা কৰাতকৈ কম পৰিমাণৰ চাহ উৎপাদন কৰিবলৈ সক্ষম হৈছিল । ২০১৯ বৰ্ষটোত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ককে মুখ্য কৰি সৰু বৰ বাগিচাসমুহে মুঠ ৭১৬.৪৯ নিযুত কিলোগ্ৰাম চাহ উৎপাদন কৰিছিল ।

কিন্তু ২০২০ আৰু ২০২১ বৰ্ষত এই উৎপাদন হ্ৰাস পায় । মনকৰিবলগীয়া যে চলিত বৰ্ষত অসমৰ বাগিচাৰ চাহ উৎপাদনৰ লগত পুৰ্বৰ দৰে ক'ভিডকেন্দ্ৰিক পৰিস্থিতিৰ কোনো প্ৰভাব নাই । কিন্তু তাৰ বিপৰীতে এইবাৰ এই উৎপাদন খণ্ড নেতিবাচকভাবে প্ৰভাৱিত হৈছে জলবায়ুৰ অভাবনীয় পৰিবৰ্তনৰ দ্বাৰাহে । নৰ্থ ইষ্ট টি এচ'ছিয়েচনৰ মতে বতৰৰ লক্ষনীয় পৰিবৰ্তনে চাহৰ উৎপাদন এবাৰ হ্ৰাস কৰিছে ।

আৰু এয়া যদি বছৰটোৰ আন মাহ কেইটাতো অব্যাহত থাকে তেতিয়া হ'লে উৎপাদনৰ হাৰ বহু বেছি কমি যাব আৰু তাৰ দ্বাৰা উদ্যোগটোৰ প্ৰতিটো পৰ্যায় ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত । সংস্থাটোৰ মতে মাত্ৰ চাৰিটা মাহতে চাহৰ উৎপাদন যিহেতু ১৩ শতাংশ কমিছে, ইয়াৰ পৰৱৰ্তী সময় লক্ষনীয় হ'ব । কিন্তু এইক্ষেত্ৰত আজি পৰ্যন্ত চৰকাৰে কোনো উদ্বেগ প্ৰকাশ কৰাও কোনেও প্ৰত্যক্ষ কৰা নাই ।

লগতে পঢ়ক: এসময়ৰ 'শ্ৰেষ্ঠ বিধায়ক' ভুৱন পেগুৰ পুত্তলিকা জ্বলিল নিজ সমষ্টিতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.