ETV Bharat / state

গুৱাহাটীত টেটু অংকন উৎসৱ - tattoo festival

শুকুৰবাৰৰ পৰা গুৱাহাটীৰ শিল্পগ্ৰামত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব টেটু অংকন উৎসৱ । উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া উৎসৱত উপস্থিত থাকিব দেশ-বিদেশৰ বিখ্যাত টেটু শিল্পীসকল ।

গুৱাহাটী
গুৱাহাটীত টেটু অংকন উৎসৱ
author img

By

Published : Feb 21, 2020, 5:00 AM IST

গুৱাহাটী, 20 ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱৰ টেটু শিল্পীসকল উৎসাহিত কৰিবলৈ গুৱাহাটীৰ শিল্পগ্ৰামত তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা অনুষ্ঠিত কৰা হ'ব টেটু অংকন উৎসৱ । প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলগীয়া এই টেটু অংকন উৎসৱত অংশগ্ৰহণ কৰিব দেশ-বিদেশৰ কেইবাগৰাকী বিখ্যাত টেটু শিল্পীসকল । ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিখ্যাত টেটু শিল্পীসকলৰ লগতে একেখন মঞ্চতে দেখিবলৈ পোৱা যাব শ্ৰীলংকা, ৰাছিয়া, নেপালৰ টেটু শিল্পীসকল । উৎসৱৰ প্ৰথমদিনা উৎসৱৰ উদ্ধোধনী কৰা হ'ব বিহু নৃত্যৰ জৰিয়তে । দেশ-বিদেশৰ টেটু শিল্পীসকলক উত্তৰ পূৱৰ কলা-সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে দাঙি ধৰা হ'ব উত্তৰ-পূৱৰ বিভিন্ন কলা-সংস্কৃতি । অনুষ্ঠানত টেটু শিল্পীৰ লগতে থাকিব অন্যান্য বহু অনুষ্ঠান । উত্তৰ-পূৱৰ বিখ্যাত ব্ৰেণ্ড যন্ত্ৰ সংগীত পৰিবেশনৰ লগতে ডি জে শ্ব, ফেশ্যন শ্ব, নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠানতো থাকিব উৎসৱত ।

গুৱাহাটীত টেটু অংকন উৎসৱ

প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ অনুষ্ঠিত উৎসৱত টেটু শিল্পীক পেচা অথবা বিকল্প পেচা হিচাপে গ্ৰহণ কৰিব বিচৰা আগ্ৰহী যুৱক-যুৱতী এই উৎসৱৰ জৰিয়তে উৎসাহিত হ'ব বুলি ধাৰণা কৰিছে আহয়োজক সকলে । সম্পূৰ্ণ বিনামূলীয়া এই অনুষ্ঠানত টেটু অংকন কৰিব বিচৰা যুৱক-যুৱতী সকলে দেশ-বিদেশৰ বিখ্যাত টেটু শিল্পীসকলৰ দ্বাৰা টেটু অংকন সুবিধা লাভ কৰিব ।

আৰু পঢ়কঃ অৰুণাচল প্ৰদেশ আৰু মিজোৰামে উদযাপন কৰিলে ৰাজ্যিক দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.