ETV Bharat / state

"আজমলৰ প্ৰেমত আগতেই পৰিছিল বিজেপি, মই দেৰিকৈ পৰিছোঁ অলপ" : তৰুণ গগৈ

author img

By

Published : Mar 14, 2020, 4:08 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৰ'ণা ভাইৰাছতকৈও বিষাক্ত ভাইৰাছ বুলি অভিহিত কৰি তৰুণ গগৈয়ে কয় এওঁলোক সাম্প্ৰদায়িক ভাইৰাছ ।

TARUN GOGOI SAID BJP HAS FALLEN IN LOVE WITH AJMAL BEFORE THAN ME
বিজেপিক তীব্ৰ সমালোচনা তৰুণ গগৈৰ

গুৱাহাটী, 14 মাৰ্চ : "আজমলৰ প্ৰেমত আগতেই পৰিছিল বিজেপি, মই দেৰিকৈ পৰিছোঁ অলপ ।" ৰাজ্যসভাৰ তৃতীয় আসনৰ বাবে এআইইউডিএফৰ লগত কংগ্ৰেছে মিত্ৰতা কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ শাসকীয় বিজেপি দলে কংগ্ৰেছক সমালোচনা কৰাৰ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰকাশ কৰিছে এই প্ৰতিক্ৰিয়া । গগৈয়ে শনিবাৰে নিজৰ চৰকাৰী বাসগৃহত সংবাদমেল অনুষ্ঠিত কৰি কয় যে, কংগ্ৰেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই বিজেপিৰ ৷ আজমল বিজেপিৰ লগত থাকোতে আজমল ভাল আছিল, আৰু আজি আজমল কংগ্ৰেছৰ লগত অহা বাবে কংগ্ৰেছ বেয়া হৈছে বুলিও মন্তব্য কৰে গগৈয়ে ।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিক আক্ৰমণ কৰি এআইইউডিএফ যদি সাম্প্ৰদায়িক দল তেন্তে বিজেপিয়ে কিয় বিভিন্ন ঠাইত পঞ্চায়তত এআইইউডিএফৰ লগত মিত্ৰতাত আছে বুলি প্ৰশ্ন উত্থাপন কৰে । গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৰ'ণা ভাইৰাছতকৈও বিষাক্ত ভাইৰাছ বুলি অভিহিত কৰি কয় এওঁলোক সাম্প্ৰদায়িক ভাইৰাছ ।

বিজেপিক তীব্ৰ সমালোচনা তৰুণ গগৈৰ

গগৈয়ে লগতে কয় যে বৰ্তমান দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গণতন্ত্ৰৰ ওপৰত বিশ্বাসী, অসাম্প্ৰদায়িক আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী সকলো ৰাজনৈতিক দল একগোট হোৱাৰ সময় । কংগ্ৰেছ দল গণতন্ত্ৰৰ ওপৰত বিশ্বাসী, অসাম্প্ৰদায়িক আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী সকলো ৰাজনৈতিক দলৰ বাবে কংগ্ৰেছে দুৱাৰ খোলা ৰাখিছে বুলিও কয় গগৈয়ে ।

লগতে পঢ়ক :

যোৰহাটত ডাইনী হত্যাত জড়িত দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.