ETV Bharat / bharat

চীনৰ সৈতে সম্পৰ্ক জটিল ভাৰতৰ; সীমান্তৰ পৰা সেনা বিতাৰণৰ সিদ্ধান্তক আদৰণি এছ জয় শংকৰৰ - India China relation - INDIA CHINA RELATION

SINO INDIAN RELATIONSHIP: চীনে ১৩ ছেপ্টেম্বৰত ঘোষণা কৰিছিল যে তেওঁলোকে গালৱান উপত্যকাকে ধৰি পূব লাডাখৰ চাৰিটা স্থানৰ পৰা নিজৰ সৈন্য বিতাৰণ কৰিছে, যিটো পদক্ষেপ ভাৰতৰ বাবে সকাহ হিচাপে পৰিগণিত হৈছে । ব্ৰিকছ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ কনক্লেভৰ সময়ত ৰাছিয়াত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত এই কথা প্ৰকাশ পাইছে ।

SINO INDIAN RELATIONSHIP
EAM S Jaishankar in New York (ANI)
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2024, 9:04 AM IST

নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে নিউয়ৰ্কত স্বীকাৰ কৰে যে এছিয়াৰ দুয়োখন প্ৰতিবেশী দেশ ভাৰত আৰু চীনৰ মাজত টপচি-টাৰ্ভি সম্পৰ্কৰ বাবে এক জটিল ইতিহাস আছে । তেওঁৰ মতে, দুয়োখন দেশৰ সেনাৰ মাজত মাজে মাজে সংঘৰ্ষই চীন-ভাৰতৰ সম্পৰ্কক তিক্ত কৰি পেলালে যদিও শেহতীয়া বিতাৰণ দুয়োখন চুবুৰীয়া দেশৰ বাবে ভাল লক্ষণ ।

এছিয়া ছ’চাইটি পলিচি ইনষ্টিটিউটত এক আলোচনাৰ সময়ত এছ জয়শংকৰে কয়, "চীনৰ সৈতে আমাৰ এক জটিল ইতিহাস আছে । চীনৰ সৈতে স্পষ্ট চুক্তি হোৱাৰ পিছতো আমি Covid ৰ মাজভাগত দেখিছিলো যে চীনে এই চুক্তিসমূহ উলংঘা কৰি প্ৰকৃত নিয়ন্ত্ৰণৰ ৰেখা (LAC)লৈ বৃহৎ সংখ্যক বাহিনী প্ৰেৰণ কৰিছিল । দুৰ্ঘটনা এটা হোৱাৰ সম্ভাৱনা আছিল আৰু হ’ল । গতিকে, সংঘৰ্ষ হ’ল, আৰু দুয়ো দেশৰ কেইবাজনো সৈন্যৰ মৃত্যু হ’ল । সেইটোৱে এক অৰ্থত সম্পৰ্কটোক ছাঁ পেলাই দিলে ।"

তেওঁ লগতে কয়, "যেতিয়া মই কৈছিলো যে ইয়াৰ ৭৫% ছৰ্ট আউট কৰা হৈছে, ই কেৱল বিতাৰণহে । সেয়া সমস্যাৰ এটা অংশ... গতিকে আমি সংঘাত স্থলীৰ বিতাৰণৰ বহুখিনি সমাধান কৰিবলৈ সক্ষম হৈছো । কিন্তু টহলদাৰী কিছুমান সমস্যা সমাধান কৰিব লাগিব, পৰৱৰ্তী পদক্ষেপ হ'ব ডি-এস্কেলেচন ৷"

যোৱা ১৩ ছেপ্টেম্বৰত চীনে ঘোষণা কৰিছিল যে গালৱান উপত্যকাকে ধৰি পূব লাডাখৰ চাৰিটা স্থানৰ পৰা নিজৰ সৈন্য আঁতৰ কৰিছে । চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে কয় যে ভাৰত আৰু চীনৰ সীমান্তৰ পৰিস্থিতি “সাধাৰণতে সুস্থিৰ আৰু নিয়ন্ত্ৰণত আছিল ।”

ব্ৰিকছ ৰাষ্ট্ৰ (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, আৰু দক্ষিণ আফ্ৰিকা)ৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ কনক্লেভৰ সময়ত ৰাছিয়াত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত এই উল্লেখযোগ্য ঘোষণা কৰা হৈছে, য’ত দুয়োখন দেশে একেলগে কাম কৰি উন্নতিৰ বাবে দ্বিপাক্ষিক সম্পৰ্ক অনুকূল পৰিস্থিতি সৃষ্টি কৰিবলৈ সন্মত হৈছে । (With agency inputs)

লগতে পঢ়ক: চীনৰ ভাবুকিক প্ৰত্যাহ্বান; চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰ অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব ফ্ৰন্টিয়াৰ হাইৱে - Frontier Highway in Arunachal Pradesh

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.