ETV Bharat / state

সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

author img

By

Published : Jul 18, 2020, 6:33 PM IST

সাংবাদিক ৰাজীৱ শৰ্মাৰ ওপৰত বৰ্বৰ আৰু অমানবীয় ব্যৱহাৰ কৰা মূল হোতা ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু ডি. এফ. অ' জনক বদলি কৰিয়েই চৰকাৰে দায়িত্ব সামৰিছে বুলি কৈ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ইফালে ৰাজ্যখনৰ সকলো দল-সংগঠন, প্ৰতিটো সংবাদ গোষ্ঠীয়ে এই ভয়াৱহ দুৰ্নীতি-ছিণ্ডিকেটৰাজৰ বিষয়ে নানান তথ্য প্ৰমাণ সহকাৰে বাতৰি পৰিবেশন কৰিছে।

তৰুণ গগৈ
তৰুণ গগৈ

গুৱাহাটী, 18 জুলাই : ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক ধুবুৰী আৰক্ষীয়ে মাজনিশা ২ বজাত ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এনে কাৰ্য গণতন্ত্রৰ চতুর্থ স্তম্ভৰ প্ৰতি চৰম ভাবুকি স্বৰূপ বুলি মন্তব্য কৰাৰ লগতে তেওঁ কয় যে,এনে কার্যৰ দ্বাৰা ব্যক্তিৰ সংবিধান প্ৰদত্ত বাক স্বাধীনতা হৰণ কৰিব বিচাৰিছে অসম চৰকাৰৰ প্ৰশাসনে। এই বৰ্বৰ কাণ্ড মাথো নিন্দনীয়ই নহয় ই সমগ্র গণতান্ত্রিক পৰম্পৰাৰ প্ৰতিয়েই চৰম ভাবুকি স্বৰূপ বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

লগতে পঢ়কঃ বাঘজান কাণ্ড: 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ টকাৰ চেক প্ৰদান অইল ইণ্ডিয়াৰ

সাংবাদিক ৰাজীৱ শৰ্মাৰ ওপৰত বৰ্বৰ আৰু অমানৱীয় ব্যৱহাৰ কৰা মূল হোতা ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু ডি. এফ. অ' জনক বদলি কৰিয়েই চৰকাৰে দায়িত্ব সামৰিছে বুলি কৈ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ইফালে ৰাজ্যখনৰ সকলো দল-সংগঠন, প্ৰতিটো সংবাদ গোষ্ঠীয়ে এই ভয়াৱহ দুৰ্নীতি-ছিণ্ডিকেটৰাজৰ বিষয়ে নানান তথ্য প্ৰমাণ সহকাৰে বাতৰি পৰিৱেশন কৰিছে। খোদ বিজেপি দলৰ বিধায়ক শিলাদিত্য দেৱ,দিলীপ পাল আদিয়েও ভয়াৱহ দুৰ্নীতি ছিণ্ডিকেটৰ অভিযোগ আনিছে। তথাপিতো চৰকাৰে এনে দুষ্কার্যৰ বিৰুদ্ধে কিয় কোনো চকুত লগাকৈ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰশ্ন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ।

তাৰোপৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এই সন্ধিক্ষণত মুখ্যমন্ত্রী গৰাকীয়ে নিমাতী কন্যাৰ ভাও জুৰিলে নহ'ব। মুখ্যমন্ত্রী সোণোৱালে যদি সঁচাকৈয়ে দুৰ্নীতিৰ বিষয়ে শূন্য সহনশীল নীতি গ্রহণ কৰিছে তেন্তে তেওঁ ৰাজ্যখনৰ মাৰ্ঘেৰিটা,বৰাক উপত্যকা,হোজাই,পাহাৰীয়া জিলাকেইখনত চলি থকা কয়লাৰ ছিণ্ডিকেট আৰু গৰু, শিল-বালি ইত্যাদিৰ যি নানান দুৰ্নীতি-ছিণ্ডিকেট সমগ্র ৰাজ্যজুৰি চলি আছে তাৰ এক চিবিআইৰ তদন্ত দিয়ক।"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.