ETV Bharat / state

অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

author img

By

Published : Nov 23, 2020, 6:23 PM IST

Updated : Nov 23, 2020, 10:51 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউ কক্ষত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে বৰ্ষীয়ান ৰাজনীতিক, ৰাজ্যৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কেৱল এগৰাকী সফল মুখ্যমন্ত্ৰীয়ে নহয়, গগৈ আছিল সমকালীন অসমৰ এগৰাকী সফল ৰাজনীতিক, অসমৰ মাটিত জাতীয় কংগ্ৰেছৰ জীৱনী শক্তি ৷

tarun gogoi death package assam etv bharat news
চিৰনিদ্ৰাত মগ্ন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

নিউজ ডেস্ক,23 নৱেম্বৰ: সোমবাৰে 5.34 বজাত অশীতিপৰ ৰাজনীতিবিদ তৰুণ গগৈয়ে পৰিয়াল তথা অলেখ গুণমুগ্ধক শোক সাগৰত পেলাই চিৰবিদায় মাগিলে ৷ বিগত দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগ তথা ক’ভিড 19 ৰ দ্বাৰা আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ আইচিইউত কৃত্ৰিম শ্বাস-প্ৰশ্বাস লৈ থকা তৰুণ গগৈৰ শৰীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংগ অচল হৈ পৰে ৷ আজি সকলো চেষ্টাক অসাৰ প্ৰতিপন্ন কৰি ৰাজনীতিবিদগৰাকীয়ে ইহসংসাৰৰ পৰা বিদায় মাগে ৷

tarun gogoi death package assam etv bharat news
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

2001 চনৰ পৰা ধাৰাবাহিকভাৱে তিনিবাৰকৈ অসম বিধানসভাৰ নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰি 2016 চনলৈ দীৰ্ঘকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত ন্যস্ত আছিল গগৈ ৷ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উত্থান অভিযানৰ সেনাপতি হিচাপে চিহ্নিত তৰুণ গগৈৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল স্কুলীয়া দিনতেই ৷ ডাঃ কমলেশ্বৰ গগৈ আৰু ঊষা গগৈৰ সন্তান তৰুণ গগৈয়ে 1934 চনৰ 11 অক্টোবৰত যোৰহাটৰ ৰঙাজান চাহ বাগিচাত জন্ম লাভ কৰিছিল ৷ ৰঙাজান চাহ বাগিচাত থকা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গগৈয়ে ৷ পৰৱৰ্তী সময়ত যোৰহাট আৰু ভোলাগুৰি হাইস্কুলত অধ্যয়ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 1949 চনত গগৈয়ে যোৰহাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত গগৈয়ে জে বি মহাবিদ্যালয়ত নাম ভৰ্তি কৰে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী গ্ৰহণ কৰি সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে তৰুণ গগৈ ৷ ইয়াৰ পিছত অসম বাৰ কাউঞ্চিলত এগৰাকী অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলে ৷ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধীক্ষক পদতো কিছুদিন চাকৰি কৰিছিল গগৈয়ে ৷ প্ৰয়াত গগৈৰ সংসদীয় ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল যোৰহাট চহৰৰ পৰা ৷

1968 চনত যোৰহাট পৌৰসভাৰ সদস্যৰূপে নিৰ্বাচিত হোৱাৰ পিছত 1971-1985 চনলৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদৰূপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ 1976 চনত গগৈয়ে এআইচিচিৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত হয় ৷ 1983 চনত পুনৰ এআইচিচিৰ যুটীয়া সম্পাদকৰ দায়িত্ব লাভ কৰে গগৈয়ে ৷ 1985 চনত এআইচিচিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা গগৈয়ে 1986-1990 চনলৈ ন্যস্ত আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত ৷ 1991 চনত কেন্দ্ৰীয় খাদ্যমন্ত্ৰী (ৰাজ্যিক স্বতন্ত্ৰ) ৰ দায়িত্ব গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে ৷ 1997 চনত অসম বিধানসভাৰ বিধায়কৰূপে নিৰ্বাচিত হয় গগৈ ৷

অসমৰ মাটিত অসম আন্দোলনে সৃষ্টি কৰা কংগ্ৰেছ বিৰোধী পৰিৱেশৰ অৱসান ঘটাই 2001 চনৰ 18 মে’ত মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় তৰুণ গগৈ ৷ প্ৰায় ডেৰটা দশক অসমৰ মুখ্যমন্ত্ৰীৰ পদত ন্যস্ত থকা তৰুণ গগৈ চৰকাৰৰ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পতন ঘটে ৷ সেই সময়ত ৰাজ্যত এক বিশেষ পৰিস্থিতিত বিজেপিৰ উত্থান ঘটাৰ ফলত সুদীৰ্ঘ 15 বছৰীয়া এই শাসনকালৰ পৰিসমাপ্তি ঘটে ৷ কিন্তু তাৰপিছতো থমকি ৰোৱা নাছিল চিৰতৰুণ নেতাগৰাকী ৷

অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

বিগত ছেপ্তেম্বৰ মাহত কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল বৰ্ষীয়ান নেতাগৰাকী ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা গগৈয়ে কিছুদিনৰ পূৰ্বে ঘৰলৈ উভতিছিল যদিয়ো এক নৱেম্বৰৰ নিশা পুনৰ অসুস্থ হোৱাত গগৈক জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰোৱা হয় ৷ বিগত সময়ছোৱাত মৃত্যুৰে যুঁজি আজি জনপ্ৰিয় নেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত দুটা দশকৰ ৰাজ্যৰ ৰাজনীতিত তৰুণ গগৈৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ আৰু অনস্বীকাৰ্য ৷ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত দলৰ মজিয়াত কাৰ্যতঃ এলাগী হৈ ৰোৱা তৰুণ গগৈয়ে ডেৰ দশকত কৰ্ম নিপুণতা আৰু ৰাজনৈতিক দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল ৷ ৰাজ্যত প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ আমোলত সৃষ্টি হোৱা আইন-শৃংখলাজনিত ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা মানুহগৰাকীয়ে আছিল তৰুণ গগৈ ৷ নিযুক্তি আৰু সামগ্ৰিকভাৱে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো পূৰ্বৰ চৰকাৰে সৃষ্টি কৰা অচলাৱস্থা আতৰাই উৎপাদনমুখী কামত নিয়োজিত হ’বলৈ বহু আঁচনিৰ সূচনা হৈছিল তৰুণ গগৈৰ কাৰ্যকালত ৷ ৰাজ্যৰ প্ৰায় প্ৰতিটো বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি আলোচনাৰ পৰিৱেশ গঢ়ি তোলাৰ উপৰিও অস্ত্ৰ সম্বৰণ সম্ভৱ হৈছিল এই সময়তে ৷ সেয়ে তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱা অসমৰ ৰাজনৈতিক ইতিহাসত গুৰুত্বপূৰ্ণ বুলি সদায়ে বিবেচিত হৈ ৰ’ব ৷

শয্যাশায়ী তৰুণ গগৈ

লগতে চাওকঃ জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি বন্যহস্তী

Last Updated : Nov 23, 2020, 10:51 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.